ধনং দেহি ! আজি শ্ৰীশ্ৰী লক্ষ্মী পূজা
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৬ অক্টোবৰ : ধনলক্ষ্মী নমস্তেস্তু সৰ্ব দাৰিদ্ৰ নাশিনি৷ ধনং দেহি শ্ৰিয়ং দেহি সৰ্ব কামাংশ্চ দেহি মে৷৷ শাৰদীয় দূৰ্গোৎসৱৰ সামৰণিৰ পাছত এতিয়া ৰাজ্যজুৰি মা লক্ষ্মীক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে৷ বুধবাৰে ধন, ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা৷ ৰাজ্যজুৰি দেৱী লক্ষ্মীক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে৷ ৰাজ্যৰ লক্ষ্মীমন্দিৰ সমূহৰ লগতে দুৰ্গা পূজাস্থলী সমূহতো ‘মা লক্ষ্মীৰ’ পূজাৰ আয়োজন কৰা হৈছে৷ ৰাজ্যৰ প্ৰায়বোৰ লক্ষ্মীমন্দিৰ ন ৰূপেৰে সজাই তোলা হৈছে৷ বুধবাৰে ‘মা লক্ষ্মীৰ’ বন্দনাৰে মুখৰ হ’ব ৰাজ্যৰ লক্ষ্মীমন্দিৰ, দুৰ্গা পূজাৰথলীসমূহ৷ আহিন মাহৰ পূৰ্ণিমা তিথিত হিন্দু ধৰ্মাৱলম্বীলোক সকলে মা লক্ষ্মীক আৰাধনা কৰে আৰু ‘মা লক্ষ্মীৰ’ আশীৰ্বাদত বছৰটো যাতে ধনে ধানে সমগ্ৰ দেশ যাতে উপচি পৰে তাৰ বাবে আশিস লয়৷ এইবাৰ লক্ষ্মীপূজাৰ তিথি বুধবাৰে সন্ধিয়া ৭ বাজি ৪৪ মিনিটৰ পৰা আৰম্ভ হ’ব আৰু বৃহস্পতিবাৰে সন্ধিয়া ৫ বাজি ১৯ মিনিটত সামৰণি পৰিব৷ সেয়েহে পূৰ্ণিমা তিথিত ধন, ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক আৰাধনা কৰা হ’ব৷ কৃষিত নিৰ্ভৰশীল আমাৰ ৰাজ্যই দেৱী লক্ষ্মীৰ কৃপা যাতে কৃষি ডৰাত থাকে তাৰ বাবেও ‘মা লক্ষ্মীক’ ধূপ দীপ নৈবদ্যৰে পূজা কৰে৷ লক্ষ্মী পূজা উপলক্ষে ৰাজ্যৰ বজাৰ সমূহ পূজাৰ প্ৰয়োজনীয় সামগ্ৰীৰে ভৰি পৰিছে৷ সমান্তৰালকৈ দেৱী লক্ষ্মীৰ প্ৰতিমা, লক্ষ্মী পাঁচালী, লক্ষ্মীৰ প্ৰতীকী চৰণ যুগল, নানা ৰঙী আল্পনা, ধানৰ মুঠি, পদুম ফুল, আমৰ ডালি, কলপুলি আদিৰে ভৰি পৰিছে৷ ৰাজ্যৰ বজাৰ সমূহৰ লগতে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ, ফাঁচি বজাৰ, শিলপুখুৰী, গণেশগুৰি, বেলতলা আদি হাজো, নলবাৰী, বাইহাটা চাৰি আলি আদিৰ থলুৱা ব্যৱসায়ীয়ে পূজাৰ প্ৰয়োজনীয় সামগ্ৰী লৈ ভিৰ কৰিছে৷ পূৰ্বতকৈ সকলো সামগ্ৰীৰে মূল্য বৃদ্ধি হৈছে যদিও দেৱী লক্ষ্মীক নিজৰ সাধ্যানুসৰি আদৰিবলৈ সকলোৱে সাজু হৈছে৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দুই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে৷ উজনিৰ পৰা নামনিলৈ এতিয়া এক আধ্যাত্মিক পৰিবেশ বিৰাজ কৰিছে৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো লক্ষ্মী দেৱীৰ পূজাৰ আয়োজন কৰা হৈছে৷ গুৱাহাটী মহানগৰীৰ লক্ষ্মী মন্দিৰ, দুৰ্গাপূজাৰথলী সমূহত লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে৷ এইবাৰ গুৱাহাটীৰ অতি পুৰণি লক্ষ্মী মন্দিৰ বেলতলা বনগাঁও লক্ষ্মীমন্দিৰত ৭৪ সংখ্যক লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে৷ লক্ষ্মীপূজা উপলক্ষে পুৱাৰ পৰা নামকীৰ্তন কৰাৰ লগতে সন্ধিয়া হোম যজ্ঞ অনুষ্ঠিত কৰা হ’ব৷ ইফালে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখত বিগত বছৰ সমূহৰ দৰে এইবেলিও ১৬ আৰু ১৭ অক্টোবৰত শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫২ সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজাৰ আয়োজন কৰা হৈছে৷ পূজাৰ কাৰ্যসূচী সূচাৰুভাৱে সম্পন্ন কৰিবলৈ অৱসৰপ্ৰাপ্ত উচ্ছপদস্থ আৰক্ষী বিষয়া অনিল বৈশ্যক সভাপতি, কেশৱ কলিতাক কাৰ্যকৰী সভাপতি, কনক চন্দ্ৰ বৈশ্য, কমলা কলিতা, ব্ৰজেন দাস আৰু মাণিক কলিতাক উপ-সভাপতি, ধীৰাজ কলিতা ( দুলু) আৰু ৰতন কলিতাক যুটীয়া সাধাৰণ সম্পাদক, অনিল কলিতা, কমল কাকতি, গৌতম দাস আৰু ৰাহুল কলিতাক সম্পাদক মণ্ডলী হিচাপে লৈ এখন কাৰ্যকৰী সমিতি আৰু কেবাখনো উপ-সমিতি গঠন কৰা হৈছে৷ আনহাতে পূজাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ১৬ অক্টোবৰত দিনৰ ১০ বজাৰ পৰা মহিলাৰ দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী দলক বৰদা কলিতা সোঁৱৰণি চলন্ত বঁটাসহ নগদ ৩,০০১ টকা, দ্বিতীয় বিজয়ী দলক অমৃত ঠাকুৰীয়া সোঁৱৰণি চলন্ত বঁটাসহ নগদ ২, ৫০১ টকা, তৃতীয় বিজয়ী দলক প্ৰভাত চন্দ্ৰ কলিতা সোঁৱৰণি চলন্ত বঁটাসহ নগদ ২,০০১ টকা, শ্ৰেষ্ঠ নামতীক আনন্দ মহন্ত সোঁৱৰণি বঁটাসহ নগদ ১,৫০১ টকা প্ৰদান কৰা হব৷ সন্ধিয়া ৫ বজাত মন্দিৰৰ বেদীত প্ৰতিমা আৰু ঘট স্থাপনৰে পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব৷ নিশা ৯.৩০ ৰাজনন্দিনী মিনি থিয়েটাৰ দলৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হ’ব৷ ১৭ অক্টোবৰ দ্বিতীয় তথা শেষৰ দিনা পুৱা ৫ বজাত উষা কীৰ্তন, প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হ’ব৷ বিয়লি ৪ বজাৰ পৰা বৃহত্তৰ খানামুখ অঞ্চলৰ আটাইকেইখন খেলৰ আয়তী সকলে সমূহীয়াভাৱে নাম - কীৰ্তন পৰিৱেশন কৰিব৷ আনহাতে পূজাৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে৷
মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰ কোছপাৰা ৰাইজৰ উদ্যোগত ১৬ আৰু ১৭ অক্টোবৰত দুদিনীয়া ধৰ্মীয় কাৰ্যসূচীৰে শ্ৰী শ্ৰীলক্ষ্মী পূজা উদযাপনৰ আয়োজন কৰা হৈছে৷ কাৰ্যসূচী অনুসৰি ১৬ অক্টোবৰৰ সন্ধিয়া বন্তি প্ৰজ্বলন, জলাৰোহন আৰু ঘট স্থাপন কৰাৰ পিছত পূজাৰম্ভ, ওজাপালি, হোম, শান্তি আৰু পুষ্পাঞ্জলি প্ৰদান কৰা হ’ব৷ তদুপৰি ১৭ অক্টোবৰৰ সন্ধিয়া নাগাৰা নাম পৰিৱেশন কৰিব কুকুৰমাৰা কলহীপৰীয়া ছোৱালী নাগাৰা নামতী দলে৷ ইপিনে পূজাৰ কাৰ্যসূচী সুচাৰুভাৱে সম্পন্ন কৰিবলৈ দীপক কুমাৰ দাসক সভাপতি, বিৰাজ কুমাৰ দাস আৰু মৃণাল কলিতাক সাধাৰণ সম্পাদক আৰু অৱনী ৰাজবংশীক পূজাব্ৰতী হিচাপে লৈ এখন কাৰ্যকৰী সমিতি ইতিমধ্যে গঠন কৰা হৈছে৷ মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত পূব ধাৰাপুৰ শ্ৰী শ্ৰীলক্ষ্মী পূজা উদযাপন সমিতিৰ উদ্যোগত এইবেলিও জংগৰাবৰী বিদ্যালয় প্ৰাঙ্গনত ১৫ অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫৩ সংখ্যক শ্ৰী শ্ৰীলক্ষ্মী পূজা উদ্যাপনৰ আয়োজন কৰা হৈছে৷ এই উপলক্ষে সোমবাৰে এক মংগলিক কাৰ্যসূচীৰ মাজেৰে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত পূজা মণ্ডপ বাকৰিত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ লাইখুঁটা আনুষ্ঠানিক ভাৱে স্থাপন কৰে পূব ধাৰাপুৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা উদ্যাপন সমিতিৰ প্ৰাক্তন সভাপতি থানেশ্বৰ শৰ্মাই৷ পূজাৰ ধৰ্মীয় কাৰ্যসূচীৰ লগতে ১৫ অক্টোবৰৰ সন্ধিয়া মুখ্যদ্বাৰ উদ্ঘাটন কৰিব পূজা পৰিচালনা সমিতিৰ কোষাধ্যক্ষ যাদৱ চন্দ্ৰ দাসে৷ পূজাস্থলীত সমূহীয়া বন্তি প্ৰজ্বলন কৰাৰ পিছত সন্ধিয়া ৬.৩০ বজাত ছিপাঝাৰৰ মৰমী শইকীয়াৰ দলে নাগাৰা নাম পৰিৱেশন কৰিব৷ ১৬ অক্টোবৰৰ সন্ধিয়া প্ৰতিমা বৰণ, প্ৰতিমা স্থাপন, আৰতি অনুষ্ঠিত হোৱাৰ লগতে পূজা পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি কৃষ্ণকান্ত দাসৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাত কেইগৰাকীমান বিশিষ্ট ব্যক্তিক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ’ব৷ একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব৷ নিশা ৮ বজাত ছিপাঝাৰৰ পৰমানন্দ নাথৰ দলে নাগাৰা নাম পৰিৱেশন কৰিব৷ ১৭ অক্টোবৰৰ দিনা দিনৰ ১২ বজাত স্থানীয় আয়তীসকলে নাম প্ৰসংগ কৰিব৷ সন্ধিয়া প্ৰতিমা বিসৰ্জন দিয়াৰ পিছত কাতি বিহু উদ্যাপন কৰা হ’ব৷ নিশা ৮: ৩০ বজাৰ পৰা ৰাজগুৰু মিনি থিয়েটাৰ দলে নাট মঞ্চস্থ কৰিব৷ তদুপৰি ১৮ অক্টোবৰৰ সন্ধিয়া আয়োজন কৰা হৈছে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান৷ সাংস্কৃতিক অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব জ্যোতি চিত্ৰৱনৰ অধ্যক্ষ বিদ্যা সাগৰ বৰাই৷ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ধাৰাপুৰ তালুকৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ অধিবক্তা সত্য ভৰালী আৰু বৃহত্তৰ ধাৰাপুৰ ঐক্য মঞ্চৰ সভাপতি তপন দাস৷ উল্লেখ্য, পূজাৰ সমূহ কাৰ্যসূচী সুচাৰুভাৱে সম্পাদন কৰিবলৈ অৰুণ দাসক সভাপতি, কৃষ্ণকান্ত দাসক কাৰ্যকৰী সভাপতি, কৃষ্ণৰাম দাস, প্ৰমোদ দাস আৰু কৰুণাকান্ত দাসক উপ-সভাপতি, প্ৰণৱ দাস আৰু শ্ৰীমন্ত দাসক সাধাৰণ সম্পাদক, বিৰিঞ্চি দাস, ভাৰত দাস আৰু হীৰক দাসক সম্পাদক, যাদৱ চন্দ্ৰ দাসক কোষাধ্যক্ষ, ৰূপক দাস, ৰূপম দাস আৰু পিংকু দাসক সাংস্কৃতিক সম্পাদক আৰু ৰূপম কুমাৰ দাসক পূজাব্ৰতী হিচাপে লৈ এখন কাৰ্যকৰী সমিতি ইতিমধ্যে গঠন কৰা হৈছে৷ মহানগৰীৰ আন প্ৰান্তৰ লগততে বশিষ্ঠৰ স্বৰ্গপুৰৰ ৰাজহুৱা মন্দিৰ প্ৰাংগণত বুধবাৰে ৩২ সংখ্যক শ্ৰী শ্ৰীলক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে৷ এই উপলক্ষে পুৱা চাফাই অভিযানৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব৷ তাৰ পাছত আয়তীৰ নাম-প্ৰসংগৰ লগতে সন্ধিয়া পৰম্পৰাগতভাৱে পূজা আৰম্ভ হব৷ নিশা কেইবাটাও আমন্ত্ৰিত দলে নাগাৰা নাম প্ৰদৰ্শন কৰিব৷ পূজা উদ্যাপন সমিতিয়ে সিদিনা পূজাৰ দিবা - নৈশ কাৰ্যসূচীত সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে৷ সেইদৰে গুৱাহাটীৰ উগ্ৰতাৰা দেৱালয়তো ধৰ্মীয় ৰীতি নীতিৰে লক্ষ্মী দেৱীৰ পূজাৰ আয়োজন কৰা হৈছে৷ শৰৎ কালে উৎসৱৰ বতৰা কঢ়িয়াই আনিছে আৰু তাৰ অংশ স্বৰূপে বুধবাৰে ‘মা লক্ষ্মীক’ আদৰিবলৈ এতিয়া সাজু হৈছে ৰাজ্যবাসী৷
বৃহস্পতিবাৰে কাতি বিহু
ইফালে বৃহস্পতিবাৰে ৰাজ্যবাসীয়ে পালন কৰিব কঙালী বিহু৷ চহা জীৱনৰ সৈতে সংপৃক্ত হৈ থকা কাতি বিহু বা কঙালী বিহু উপলক্ষে কৃষকে খেতিডৰা নদন বদন হোৱাৰ কামনা কৰি পথাৰত আকাশবন্তি জ্বলাই প্ৰাৰ্থনা কৰিব৷ কাতি বিহু উপলক্ষে প্ৰকৃতি সংগঠন অৰণ্য সুৰক্ষা সমিতি অসমে প্ৰতি বছৰে কাতি বিহুক এক পৰিৱেশ সংৰক্ষণ মূলক উৎসৱ হিচাপে পালন কৰি আহিছে৷ এই বেলিও সমিতিয়ে সমিতিৰ জিলা তথা শাখা সমিতি সমূহৰ উদ্যোগত অসমৰ বিভিন্ন স্থানত কাতি বিহু পালন কৰিব৷ এই উপলক্ষে সমিতিয়ে বায়ু প্ৰদূষণ প্ৰতিৰোধী উদ্ভিদ হিচাপে বিশেষভাবে তুলসী পুলি ৰোপণ কৰাৰ উপৰিও, সাঁচি, জামু আদি গছৰ পুলিও ৰোপণ কৰিব আৰু পৰিৱেশ সজাগতা মূলক আলোচনা সভা আদি অনুষ্ঠিত কৰিব৷ সমিতিৰ অবিভক্ত শিৱসাগৰ জিলা সমিতিয়ে বৰহাটত, মাজুলী জিলা সমিতিয়ে দক্ষিপাটত, নগাওঁ জিলা সমিতিয়ে পুৰণিগুদামত কামৰূপ জিলা সমিতিয়ে শুৱালকুছিত, শোণিতপুৰ জিলা সমিতিয়ে ভেৰগাৱঁত, ওদালগুৰি জিলা সমিতিয়ে ধনশ্ৰীঘাটত, দৰং জিলা সমিতিয়ে ছিপাঝাৰত, কোকৰাঝাৰ জিলাৰ বগৰীবাৰীত, ধুবুৰী জিলা সমিতিয়ে বিলাসীপাৰাত আৰু যোৰহাট জিলা সমিতিয়ে ন আলি ঢেকীয়াজুলিত কাতি বিহু উদ্যাপন কৰিব বুলি অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ড॰ হৰিচৰণ দাসে জানিবলৈ দিছে৷ সমগ্ৰ ৰাজ্যৰ লগতে কংক্ৰিটৰ মহানগৰীতো কাতি বিহু পালনৰ প্ৰস্তুতি তুংগত উঠিছে৷ বৃহত্তৰ গুৱাহাটী বিহু সমন্বয় সমিতিৰ উদ্যোগত আৰু খাৰঘুলি বিহু সন্মিলনৰ সহযোগত এই বেলিও কাতি বিহুটি খাৰঘুলি বিহুতলীত ১৭ অক্টোবৰ উদ্যাপন কৰিবলৈ যোজা চলাইছে৷ কাতি বিহু উপলক্ষে এখন কৃত্ৰিম ধাননি পথাৰৰ লগতে সম্পূৰ্ণ এক গাঁৱৰ পৰিবেশৰ সৃষ্টি কৰা হ’ব৷ কাতি বিহু সিদিনা সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰিব বৃহত্তৰ বিহু সমন্বয় সমিতিৰ সভাপতি ৰঞ্জন বৰাই৷ এইবেলি বিহুতলীৰ বাকৰিত কামৰূপ জিলাৰ হাজো ৰামদিয়াৰ আদৰ্শবান খেতিয়ক কনক ডেকাক প্ৰাক্তন সাংসদ ধীৰেশ্বৰ কলিতা সোঁৱৰণী বঁটাৰে সন্মানিত কৰা হ’ব৷ অনুষ্ঠানত গুৱাহাটী লোকসভাৰ সাংসদ বিজুলী কলিতা মেধিয়ে মুখ্য অতিথি হিচাবে উপস্থিত থাকিব আৰু মেয়ৰ মৃগেন শৰনীয়া, বিধায়ক সিদ্বাৰ্থ ভট্টাচাৰ্য, প্ৰদুষণ পৰিষদৰ অধ্যক্ষ অৰূপ মিশ্ৰ আৰু সদস্য সচিব শান্তনু দত্ত, বিশিষ্ট কণ্ঠ শিল্পী তৰালি শৰ্মাকে ধৰি বহুতো গণ্যমান্য ব্যক্তিþ উপস্থিত থাকিব বুলি কাৰ্যকৰী সভাপতি মধু ৰঞ্জন নাথ আৰু সাধৰণ সম্পাদক অজয় তালুকদাৰে মঙলবাৰে অনুষ্ঠিত এখন সংবাদ মেল যোগে জানিবলৈ দিয়ে৷ লগতে সমূহ গুৱাহাটীবাসী ৰাইজক উপস্থিত থাকি বিহুৰ কাৰ্যসূচী সাফল্য মণ্ডিত কৰাৰ আহ৩ান জনায়৷ উল্লেখ্য, কংক্ৰিটৰ মহানগৰীত জন্মগ্ৰহণ কৰা শিশু তথা নৱ প্ৰজন্মক অসমীয়াৰ অন্যতম বিহু কাতি বিহুৰ বিশেষ সৈতে পৰিচয় কৰি দিয়াৰ বাবে গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে কাতি বিহুৰ আয়োজন কৰা হৈছে৷ [তেজপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰৰ সহযোগত]