৮ বিধ ৰোগৰ ঔষধৰ দাম ৫০ শতাংশ বৃদ্ধি
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ অক্টোবৰ : ব্যাপক মুদ্ৰাস্ফীতিৰ মাজতে দেশত এইবাৰ মহঙা হৈ পৰিল যক্ষ্মা, হাঁপানী, গ্ল’ক’মা, থেলাছেমিয়া আৰু মনোৰোগৰ ঔষধ৷ ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কতৃৰ্পক্ষই ৮ বিধ ঔষধৰ মূল্য বৃদ্ধিত ছীল-মোহৰ মাৰিছে৷ গুৰুতৰ ৰোগৰ ঔষধ কেইবিধৰ মূল্য ৫০ শতাংশ পৰ্যন্ত বৃদ্ধিত অনুমোদন জনাইছে নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথ’ৰিটীয়ে৷ নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অৰ্থৰিটীৰ বিগত ৮ অক্টোবৰত অনুষ্ঠিত বৈঠকত ঔষধ প্ৰস্তুতকাৰী কোম্পানীয়ে কেঁচা মালৰ মূল্য বৃদ্ধিৰ দোহাই দি জনোৱা আবেদনৰ ভিত্তিেত উক্ত ৮ বিধ ঔষধৰ ১১টা ফৰ্মুলেচনৰ দাম বৃদ্ধিত অনুমোদন জনায়৷ এন পি পি এ কতৃৰ্পক্ষই সোমবাৰে হাঁপানী, গ্ল’ক’মা, থেলাছেমিয়া, যক্ষ্মা আৰু মানসিক ৰোগৰ ঔষধৰ বৰ্তমানৰ দামৰ ওপৰত ৫০ শতাংশ পৰ্যন্ত মূল্য বৃদ্ধিৰ অধিসূচনা জাৰি কৰে৷
এই ঔষধবোৰৰ ভিতৰত আছে বেঞ্জাইল পেনিচিলিন ১০ লাখ আইইউ বেজী, এট্ৰোপিন বেজী ০.৬ মিঃগ্ৰাঃ, ষ্ট্ৰেপ্টোমাইচিন পাউডাৰ ৭৫০ মিঃগ্ৰাঃ আৰু ১০০০ মিঃগ্ৰাঃ, চেলবুটামল টেবলেট ২ মিঃগ্ৰাঃ আৰু ৪ মিঃগ্ৰাঃ, ৰেচপেৰেটৰ ছলিউশ্বন ৫ মিঃগ্ৰাঃ, চেফাড্ৰক্সিল টেবলেট ৫০০ মিঃগ্ৰাঃ, ডিফাৰেক্সমিন ৫০০ মিঃগ্ৰাঃ ইঞ্জেকচন আৰু পিল’কাৰপিন ২% ড্ৰ’প অন্যতম৷ উল্লেখ্য, ইয়াৰ পূৰ্বে ২০১৯ আৰু ২০২১ চনত এনেদৰে ঔষধৰ দাম বৃদ্ধি কৰা হৈছিল৷ অৱশ্যে চলিত বৰ্ষৰ মে’ মাহত কেন্দ্ৰীয় চৰকাৰে ৪১টা সাধাৰণ ব্যৱহৃত ঔষধৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ ডায়েবেটিছ, হৃদৰোগ, যকৃতৰ লগত জড়িত ৰোগৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ মূল্য কিছু হ্ৰাস কৰিছিল কেন্দ্ৰীয় চৰকাৰে৷ ইয়াৰ পূৰ্বে বিগত এপ্ৰিল মাহৰ পৰা পেৰাচিটামলকে ধৰি কমেও ৮০০ ঔষধৰ মূল্য বৃদ্ধি পাইছিল৷ নতুনকৈ পুনৰ কেইবাটাও গুৰুতৰ ৰোগৰ ঔষধৰ মূল্য বৃদ্ধিত পোৱাত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱাত দুখীয়া ৰোগীৰ বাবে চিকিৎসা কাৰ্যতঃ ব্যয়বহুল হোৱাটো নিশ্চিত হৈ পৰিল৷