Logo
image

১ পৰিয়াল, ৩ প্ৰাৰ্থী, সম্পত্তি পৰ্বতসম

প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী বৰ্তমান বিজেপি প্ৰাৰ্থী গৌতম ৰয়ৰ সম্পত্তি দহ কোটি টকাৰ, পুত্ৰ ৰাহুলৰ ১৩১ কোটিৰ, বোৱাৰীৰ ১৩২ কোটিৰ

আমাৰ অসম, ২৪ মাৰ্চঃ এটা ধনকুবেৰ পৰিয়াল৷ ৰাজ্যৰ ৰাজনীতিৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই পৰিয়ালটো৷ পৰিয়ালটোৰ ৩ জন সদস্যই এইবাৰৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা পৰিয়ালটোৰ সদস্যকেইজন পৰ্বতসম সা-সম্পত্তিৰ গৰাকী৷ নিঃসন্দেহে দেশৰ ৰাজনীতিত ব্যতিক্ৰম হিচাপে চিহ্নিত হৈছে৷ পৰিয়ালটোৰ সদস্য কেইজনৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৭০ কোটিৰো অধিক টকাৰ৷ পৰিয়ালৰ মুৰব্বীজনৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে প্ৰায় ১০ কোটি টকা৷ কিন্তু মুৰব্বীজনৰ পুত্ৰৰ সম্পত্তি দেখিলে আপোনাৰ চকু কপালত উঠিব৷ পুত্ৰৰ সম্পত্তি প্ৰায় ১৩১ কোটি টকা যদিও পুত্ৰতকৈ পৰিয়ালটোৰ নতুন সদস্য বোৱাৰীয়েকৰ সম্পত্তিৰ পৰিমাণ তাতকৈয়ো বেছি৷ এই ঈৰ্ষণীয় ব্যতিক্ৰম পৰিয়ালটো হৈছে বৰাকৰ ৰজা বুলি দাবী কৰি অহা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা ন-বিজেপি গৌতম ৰয়ৰ পৰিয়ালৰ৷ এইবাৰৰ নিৰ্বাচনত গৌতম ৰয়ে বিজেপিৰ টিকট লৈ কাটিগড়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে তেওঁৰ পুত্ৰ ৰাহুল ৰয়ে উদাৰবন্দ সমষ্টি আৰু বোৱাৰী ডেইজী ৰয়ে আলগাপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে  ৰণত নামিছে৷ নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামা অনুসৰি বিজেপি প্ৰাৰ্থী গৌতম ৰয়ৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১০.৮৭ কোটি টকা৷  প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীজনৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৫.৮০ কোটি টকাৰ আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৫.০৬ কোটি টকাৰ৷ আনহাতে পিতৃৰ সমান্তৰালভাৱে পুত্ৰ-ৱোৱাৰীয়েও বিজেপিৰ পৰা টিকট বিচাৰিছিল যদিও দলে টিকট প্ৰদান নকৰাত ৰয়ৰ পুত্ৰ ৰাহুল আৰু বোৱাৰী ডেইজীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মিত্ৰজোঁটৰ অগপ-বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত নামিছে৷ লক্ষণীয় বিষয়টো হৈছে উদাৰবন্দ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা গৌতম ৰয়ৰ পুত্ৰ তথা প্ৰাক্তন বিধায়ক ৰাহুল ৰয়ৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৩১ কোটি টকাৰ৷ আনহাতে ৰাহুলৰ পত্নী তথা আলগাপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ডেইজী ৰয়ৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৩১.১৪ কোটি টকাৰ৷ অগপ প্ৰাৰ্থী আফটাব উদ্দিন লস্কৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ডেইজীয়ে অৱশ্যে হাতে জমা থকা ১.৬৫ লাখ টকা লৈ নিৰ্বাচনত নমাৰ বিপৰীতে ৰাহুল ৰয়ে নগদ ৫ লাখ টকা লৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা বুলিও শপতনামাত প্ৰকাশ কৰিছে৷ স্বামী-স্ত্ৰী দুয়োজনৰে আছে ১৭ টাকৈ বেংক একাউণ্ট৷