Logo
image

সৰ্বানন্দ সোণোৱালৰ এনএছজি প্ৰত্যাহাৰ হ’ব

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ অক্টোবৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সুৰক্ষাত নিয়োজিত এলিট ‘নেচনেল ছিকিউৰিটী গাৰ্ড’ অৰ্থাৎ চমুকৈ এন এছ জি প্ৰত্যাহাৰ হ’ব৷ অহা দুমাহৰ ভিতৰত সোণোৱালৰ সুৰক্ষা বেষ্টনীৰ পৰা আঁতৰোৱা হ’ব এন এছ জি৷ ইয়াৰ পৰিৱৰ্তে কেন্দ্ৰীয় মন্ত্ৰীজনক সুৰক্ষা প্ৰদান কৰিব চি আৰ পি এফে৷ ‘কাউণ্টাৰ টেৰ’ৰিজম’ বা সন্ত্ৰাসবাদী কাৰ্যকলাপ প্ৰতিৰোধত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰসিদ্ধি লাভ কৰা এন এছ জিক পুনৰ পূৰ্বৰ দৰেই কৰ্তব্যত নিয়োজিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পূৰ্বৰ সিদ্ধান্ত অনুসৰিয়েই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ সম্প্ৰতি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধীনত এন এছ জিৰ পুনৰ গঠন, শক্তি বৃদ্ধি আৰু মূলতঃ সন্ত্ৰাসবাদ প্ৰতিৰোধী কৰ্তব্যত নিয়োজিত কৰাৰ নিৰ্দিষ্ট পৰিকল্পনা হাতত লোৱা হৈছে৷ সেই পৰিকল্পনাৰ অংশ হিচাপে দেশৰ প্ৰায় সকলো ভিভিআইপিৰ সুৰক্ষাত নিয়োজিত এন এছ জি আঁতৰাই নিয়া হ’ব৷


কেৱল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেই নহয়, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাত নিয়োজিত হৈ থকা এন এছ জিও প্ৰত্যাহাৰ কৰা হ’ব৷ এন এছ জিয়ে এতিয়াৰ পৰা কেৱল সুৰক্ষা প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷ দেশৰ আন কোনো ভিভিআইপিক এতিয়াৰ পৰা এন এছ জিয়ে সুৰক্ষা প্ৰদান নকৰে৷ মোদী চৰকাৰে এই সিদ্ধান্ত কেইবাবছৰ পূৰ্বেই গ্ৰহণ কৰিছিল৷ তেতিয়াই ৰাহুল গান্ধী, মায়াৱতী, লালকৃষ্ণ আদৱানীৰ সুৰক্ষাত নিয়োজিত এন এছ জি প্ৰত্যাহাৰ কৰা হৈছিল৷ কেৱল কেন্দ্ৰীয় মন্ত্ৰী তথা উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সুৰক্ষাত নিয়োজিত আছিল এন এছ জি৷ এইবাৰ সেই ভিভিআইপিৰ পৰাও এন এছ জি দুমাহৰ ভিতৰত প্ৰত্যাহাৰ কৰা হ’ব৷ সুৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰিবলগীয়া চি আৰ পি এফে সম্প্ৰতি এন এছ জিৰ পৰা দায়িত্ব হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷