Logo
image

‘ন্যায়মূৰ্তি’ৰ চকুৰ পৰা আঁতৰিল ক’লা কাপোৰ

নতুন দিল্লী, ১৮ অক্টোবৰ : অৱশেষত ন্যায়মূৰ্তিৰ চকু খোল খালে৷ দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নিৰ্দেশত উচ্ছতম ন্যায়ালয়ত স্থাপন কৰা হৈছে নতুন ন্যায়মূৰ্তি৷ যিটো মূৰ্তিয়ে দেশৰ আইন ব্যৱস্থাত নতুন দৃষ্টিভংগীৰ সূচনা কৰিব৷ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ নিৰ্দেশ অনুসৰি পূৰ্বৰ ন্যায়মূৰ্তিটো আঁতৰাই শীৰ্ষ আদালতখনত যিটো নতুন ন্যায়মূৰ্তি হিচাপে নাৰীমূৰ্তি স্থাপন কৰা হৈছে তাত পূৰ্বৰ দৰে চকু বান্ধি থোৱা হোৱা নাই৷ ইয়াৰ সলনি এখন হাতত তুলাচনী আৰু আনখন হাতত দিয়া হৈছে ভাৰতীয় সংবিধান৷ নতুন এই ন্যায়মূৰ্তিটোক ভাৰতৰ আইন আৰু ন্যায় ব্যৱস্থাৰ আধুনিকীকৰণৰ প্ৰতীক বুলি কোৱা হৈছে৷ শীৰ্ষ আদালতখনৰ ন্যায়াধীশসকলৰ বাবে থকা লাইব্ৰেৰীত শ্বেতবৰ্ণৰ এই মূৰ্তিটো স্থাপন কৰা হৈছে৷


উল্লেখ্য যে পূৰ্বৰ ন্যায়মূৰ্তিটোৰ চকু কলা কাপোৰেৰে বান্ধি থোৱা আছিল৷ ন্যায়মূৰ্তিৰ পৰিৱৰ্তনৰ জৰিয়তে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে ইয়াকেই বুজাবলৈ বিচাৰিছে যে ‘আইনৰ চকু বন্ধা নহয়’৷ পূৰ্বৰ ন্যায়মূৰ্তিৰ চকু কলা কাপোৰেৰে বান্ধি ৰাখি বুজোৱা হৈছিল যে, আইনৰ চকুত সকলোৱে সমান৷ নতুন ন্যায়মূৰ্তিটোৰ জৰিয়তে আইন আৰু ন্যায়ৰ দৃষ্টিভংগী সলনি কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে৷ নতুন ন্যায়মূৰ্তিটোৰ হাতত  তৰোৱালৰ সলনি সংবিধান দি আইনগত ন্যায্যতাৰ প্ৰতীকক দাঙি ধৰা হৈছে৷ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ এই পদক্ষেপৰ জৰিয়তে বিচাৰ ব্যৱস্থাৰ পৰা হিংসা আঁতৰোৱাৰ ইংগিত দাঙি ধৰা হৈছে৷ একেদৰে ন্যায়মূৰ্তিটোৰ সোঁহাতত থকা তুলাচনীৰে সামাজিক ভাৰসাম্য আৰু বিচাৰ ব্যৱস্থাত ন্যায়ৰ কথা বুজোৱা হৈছে৷