Logo
image

৩ দিনৰ বাবে সুৰা নিষিদ্ধ

৪৮ ঘণ্টাৰ পূৰ্বেই বন্ধ নিৰ্বাচনী প্ৰচাৰ

‘আমাৰ অসম’ ২৫ মাৰ্চঃ নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কত পূৰ্বৰ সময়সূচীৰ পৰিৱৰ্তন কৰি নতুন সময়সূচী ঘোষণা কৰিছে নিৰ্বাচন আয়োগে৷ সেই অনুসৰি ভোটগ্ৰহণৰ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা আগতে প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰিব লাগিব৷ জন প্ৰতিনিধি  আইন ১৯৫১ ধাৰা ১২৬ অনুসৰি অসম বিধানসভাৰ প্ৰতিটো পৰ্যায়াত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা আৰু প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰিব লাগিব৷ প্ৰথম পৰ্যায়ত এই অনুসৰি প্ৰথম পৰ্যায়ত ৪৭ টা সমষ্টিৰ বাবে ২৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ভোট গ্ৰহণৰ ক্ষেত্ৰত ২৫ মাৰ্চৰ সন্ধিয়া ৬ বজাত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পেলাব লাগিব৷ এই সময়ছোৱাত কোনো ব্যক্তিয়ে নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কীয় কোনো সভা, শোভাযাত্ৰা আদি অনুষ্ঠিত কৰা বা উপস্থিত থকাৰ পৰা বিৰত থাকিব লাগিব৷ তদুপৰি এই সময়ছোৱাত ৰেডিঅ’, টেলিভিশ্বন আদি গণমাধ্যমসমূহতো প্ৰচাৰ কাৰ্য বন্ধ ৰাখিব লাগিব৷ ইয়াৰ উপৰি ভোটাৰসকলক আকৰ্ষিত কৰিব পৰা কোনো মনোৰঞ্জনধৰ্মী অনুষ্ঠান আয়োজনৰ পৰাও এই সময়ছোৱাত বিৰত থাকিব লাগিব৷ আনহাতে, এগ্‌জিট প’ল বা ৰাইজৰ মতামতৰ ভিত্তিত কৰিব খোজা নিৰ্বাচনী ফলাফলৰ পূৰ্বানুমানো এই সময়ছোৱাত ঘোষণা কৰিব নোৱাৰিব৷ আনহাতে কেইবাটাও পৰ্যায়ত আৰু কেইবাখনো ৰাজ্যত একেলগে নিৰ্বাচন অনুষ্ঠিত হোৱা বাবে, এই সকলো ৰাজ্যৰ সকলো পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে এগ্‌জিট প’ল বা ৰাইজৰ মতামতৰ ভিত্তিত কৰিব খোজা নিৰ্বাচনী ফলাফল ঘোষণা কৰিব পাৰিব৷ এই নিষেধাজ্ঞা উলংঘা কৰিলে জৰিমনাৰ সৈতে বা জৰিমনা অবিহনে দুবছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে৷ সমাগত নিৰ্বাচনৰ সকলো পৰ্যায়তে ভোটগ্ৰহণৰ দিনা নাইবা তাৰ আগদিনা কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থী অথবা কোনো সংস্থা নাইবা ব্যক্তিয়ে ৰাজনৈতিক বিজ্ঞাপনৰ বিষয়বস্তুসমূহ ৰাজ্যিক জিলা পৰ্যায়ৰ মিডিয়া প্ৰামাণিকৰণ আৰু নিৰীক্ষণ সমিতিৰ আগতীয়া অনুমোদন অবিহনে ছপা সংবাদ মাধ্যমত কোনো বিজ্ঞাপন প্ৰকাশ কৰিব নোৱাৰিব বুলি ভাৰতৰ নিৰ্বাচন আয়োগে এক নিৰ্দেশ জাৰি কৰিছে৷ অসমৰ ক্ষেত্ৰত প্ৰথম পৰ্যায়ত ২৬ আৰু ২৭ মাৰ্চ, দ্বিতীয় পৰ্যায়ত ৩১ মাৰ্চ আৰু ১ এপ্ৰিল আৰু তৃতীয় পৰ্যায়ত ৫ আৰু ৬ এপ্ৰিলত বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা থাকিব৷ ইফালে, ৰাজ্যৰ আবকাৰী আয়ুক্তই প্ৰথম পৰ্যায়ৰ নিৰ্বাচন উপলক্ষে ৰাজ্যত তিনিদিন ড্ৰাই ডে ঘোষণা কৰিছে৷ সেই অনুসৰি ২৫,২৬ আৰু ২৭ মাৰ্চত ৰাজ্যজুৰি বন্ধ থাকিব সুৰা বিপণী৷ লগতে সুৰাৰ বিক্ৰী, ব্যৱহাৰ আৰু সৰবৰাহ সেইকেইদিন নিষিদ্ধ৷