Logo
image

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম-২ আৰম্ভ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৯ অক্টোবৰ : ৰাজ্যৰ যুৱ সমাজ স্বনিৰ্ভৰশীলৰূপে উদ্ভাসিত হোৱাত সহায়ৰ হাত আগবঢ়াই এখন আত্মনিৰ্ভৰশীল অসম গঢ়ি তোলাৰ অভিলাষী লক্ষ্যৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে লোক সেৱা ভৱনত আয়োজিত এক অনু্‌ষ্ঠানত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০১ ৰাজ্যজোৰা শুভ উদ্বোধন কৰাৰ লগতে এটা প’ৰ্টেলো আনুষ্ঠানিকভাৱে মুকলি কৰে৷ এই অভিযানৰ অধীনত ৭৫  হাজাৰ যুৱ উদ্যমীক ১৫০০ কোটি টকাৰ সহায় আগবঢ়াব ৰাজ্য চৰকাৰে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ অধীনত ২৫,০০০ তকৈও অধিক যুৱ উদ্যমীলৈ ৫১০ কোটি টকাৰ আৰ্থিক অনুদানৰ প্ৰথম কিস্তি মুকলি কৰা হৈছিল৷ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০ ৰ  অধীনত সাধাৰণ অৰ্হতাৰ এগৰাকী নিৰ্বাচিত উদ্যোগীয়ে মুঠ ২ লাখ টকা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব৷ ইয়াৰে ১ লাখ ৰাজসাহায্য আৰু ১ লাখ টকা ঋণ হিচাপে উদ্যোগীগৰাকীলৈ আগবঢ়োৱা হ’ব৷ আনহাতে অভিযন্তা, এমবিবিএছ বা বিডিএছ, ভেটেনাৰী, এগ্ৰীকালছাৰ ডিগ্ৰীৰ দৰে বৃত্তিমূলক অৰ্হতাসম্পন্ন নিৰ্বাচিত উদ্যোগীয়ে ৫ লাখ টকাকৈ লাভ কৰিব৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই   যোৱা বছৰ ২৩ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি শুভাৰম্ভ কৰাৰ কথা উল্লেখ কৰি কয় যে প্ৰাৰম্ভিক বৰ্ষত ৰ লাখ আৰু পৰৱৰ্তী সময়ত ১ লাখ যুৱক-যুৱতীক বিভিন্ন উদ্যোগ, ব্যৱসায়-বাণিজ্য কৰিব পৰাকৈ ৰাজ্য চৰকাৰে সহায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ এই আঁচনি আৰম্ভ কৰাৰ পিছত পঞ্জীয়ন আৰু আবেদনৰ জৰিয়তে যুৱক-যুৱতীসকলে সঁহাৰি জনাইছিল৷ প্ৰথম পৰ্যায়ত ১ লাখ ১০ হাজাৰ আবেদন লাভ কৰা হৈছিল আৰু ২৫ হাজাৰক এই আঁচনিৰ জৰিয়তে সামৰি লোৱাৰ সিদ্ধান্ত লোৱা হৈছিল৷ আঁচনিখনৰ জনপ্ৰিয়তা আৰু এই সম্পৰ্কত যুৱক-যুৱতীসকলৰ ধাৰণা স্পষ্ট হ’লে পৰৱৰ্তী পৰ্যায়ত আকাংক্ষিত আবেদন পত্ৰ লাভ কৰাটো সম্ভৱ হৈ উঠিব৷ যোৱা ৩০ ছেপ্টেম্বৰত ২৫ হাজাৰ ২৩৮ গৰাকী নিৰ্বাচিত উদ্যোগীক আৰ্থিক সাহায্যৰ প্ৰথম কিস্তিৰ ৭৫ হাজাৰ টকাকৈ আগবঢ়োৱা হয়৷ এই আঁচনিখনৰ অধীনত একোগৰাকী উদ্যোগীয়ে ২ লাখ টকাকৈ লাভ কৰিব৷


চিকিৎসক, অভিযান্ত্ৰিক শিক্ষাৰ দৰে পেছাদাৰী শিক্ষা লাভ কৰা যুৱক-যুৱতীসকলক ৫ লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়োৱাৰ ব্যৱস্থা ৰখা হৈছে৷ অহা নৱেম্বৰ মাহৰ আৰম্ভণিতে প্ৰথম পৰ্যায়ত সামৰি লোৱা যুৱক-যুৱতীসকলক ২৫ হাজাৰ টকাকৈ বেংকৰ জৰিয়তে প্ৰদান কৰা হ’ব৷ আৰ্থিক সাহায্য লাভ কৰা সকলে তিনিদিনীয়া প্ৰশিক্ষণ এটা সমাপন কৰিব লাগিব৷ যিসকলে ব্যৱসায় বাণিজ্যত সফলতা আহৰণ কৰিবলৈ সক্ষম হৈছে তেওঁলোকক  এবছৰৰ পিছত ১ লাখ টকাকৈ আগবঢ়োৱা হ’ব৷ প্ৰথম পৰ্যায়ৰ ধন এই উদ্যোগীসকলে ওভতাই দিব নালাগে৷ পিছত লাভ কৰা ধনৰাশি তিনি বছৰৰ পিছত ২ লাখ টকাকৈ লাভ কৰা সকলে মাহে ১৬৬৭ টকাকৈ আৰু ৫ লাখ টকাকৈ লাভ কৰা সকলে মাহে ৪১৬৭ টকাকৈ ওভতাই দিব লাগিব৷ ওভতাই দিবলগীয়া পুঁজিৰ বাবে কোনো ধৰণৰ সুদ দিব নালাগে৷ প্ৰথম পৰ্যায়ৰ পিছত দ্বিতীয় পৰ্যায়ৰ ৭৫ হাজাৰ যুৱক-যুৱতীক নিৰ্বাচিত কৰাৰ লক্ষ্য লোৱা হৈছে৷ মুকলি কৰা পৰ্টেলৰ জৰিয়তে যুৱক-যুৱতীসকলে নাম পঞ্জীয়ণ কৰিব পাৰিব৷ ৰাজ্য চৰকাৰে ১২৬ টা সমষ্টিৰ পৰা সমানুপাতিকভাৱে যুৱক-যুৱতীক নিৰ্বাচিত কৰাৰ বাবে প্ৰচেষ্টা চলাব৷ এই আঁচনিখনৰ লক্ষ্য হৈছে চৰকাৰে যি পুঁজিৰ আগবঢ়াইছে, সেই ধনেৰে ব্যৱসায় আৰম্ভ কৰি¸ পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ হিতাধিকাৰী হোৱাৰো লক্ষ্য থাকিব লাগিব৷ প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰ জৰিয়তে কোনো ধৰণৰ মৰ্টগেজ নোলোৱাকৈ যুৱক-যুৱতীসকলক ২০ লাখ টকাকৈ সাহায্য আগবঢ়োৱা হয়৷ ২ লাখ টকা লাভ কৰা যুৱক-যুৱতীসকলে বেংকৰ লেনদেন সঠিক কৰিলে পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ হিতাধিকাৰী হ’ব পৰিব৷ এই আঁচনিখনৰ লগত ফেলশ্বিপ কাৰ্যসূচী ৰখা হৈছে এই কাৰ্যসূচীৰ অধীনত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ হিতাধিকাৰীক মেণ্টৰিঙৰ বাবে নিৰ্বাচিত হোৱা ১৩০ গৰাকী মেণ্টৰক  চি এম ফেল’ কতৃৰ্ত্বপত্ৰও প্ৰদান কৰা হৈছে৷ সঁচা অৰ্থত এগৰাকী ভাল উদ্যোগী গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস চলাইছে৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম ছ’চাইটি এটি গঢ়ি তোলা হৈছে৷ এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াক অভিযান সঞ্চালক হিচাপে দায়িত্ব দিয়া হৈছে৷ এই আঁচনিখন সফল হ’লে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ ই গতি কৰিব৷ অসমে গ্ৰহণ কৰা আঁচনি ভাৰতবৰ্ষৰ অইন ৰাজ্যয়ো আজি গ্ৰহণ কৰিছে৷ অসমৰ পাঁচটা সমষ্টিত উপ-নিৰ্বাচন ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত ২০ নৱেম্বৰলৈ নিৰ্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ বাবে কাছাৰ, বিশ্বনাথ, চিৰাং, বঙাইগাঁও আৰু নগাঁৱত এই আঁচনিখনৰ পৰ্টেল মুকলি কৰি দিয়া হোৱা নাই৷ নিৰ্বাচনী আচৰণবিধি প্ৰত্যাহাৰ হোৱাৰ পিছত ২১ নৱেম্বৰৰ পৰা এই পাঁচখন জিলাত উদ্যমী যুৱক-যুৱতীসকলে প’ৰ্টেলৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰে৷ অনুষ্ঠানত অসম চৰকাৰৰ পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, বিত্ত আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, ৰাজহ আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, মুখ্য সচিব ড॰ ৰবি কোটা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড॰ ননী গোপাল মহন্ত প্ৰমুখ্যে অসম চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷