Logo
image

অসম আন্দোলনৰ শ্বহীদক স্মৰণ কৰিলে ছাত্ৰ সন্থাই

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৮ অক্টোবৰ : অসম আন্দোলনৰ শ্বহীদসকলক শুকুৰবাৰে শ্ৰদ্ধাৰে স্মৰণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাই৷ গুৱাহাটীকে ধৰি ৰাজ্যৰ সৰ্বত্ৰ আছুৰ জিলা, আঞ্চলিক আৰু শাখা গোটসমূহৰ উদ্যোগত অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ শ্বহীদৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্প অৰ্পণ কৰা হয়৷ গুৱাহাটীৰ উজানবজাৰস্থিত শ্বহীদ ন্যাস ভৱনত শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নেতাসকলে৷ উল্লেখ্য, নাগৰিকত্ব আইনৰ ৬(ক) ধাৰাৰ বৈধতাক লৈ উচ্ছতম ন্যায়ালয়ত গোচৰ ৰুজু হোৱাৰ দিন ধৰি বিগত প্ৰায় ডেৰটা দশক এইমৰ্মে চৰ্চা চলিছিল যে উচ্ছতম ন্যায়ালয়ে যদি সংশ্লিষ্ট ধাৰাটোৰ আইনী বৈধতা নুই কৰে, তেন্তে অসম চুক্তিৰ ভৱিষ্যৎ কি হ’ব৷ কিয়নো নাগৰিকত্ব আইনৰ ৬(ক) ধাৰা মতে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অসমলৈ অহা বিদেশী-অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰাৰ লগতে বিতাড়ন কৰা হ’ব৷ অৰ্থাৎ অসমৰ বাবে বিদেশী চিনাক্তকৰণৰ ভিত্তি তাৰিখ ২৫-০৩-১৯৭১৷ ইয়াৰ বিপৰীতে দেশৰ আন ঠাইত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১৷ সেইবাবেই উচ্ছতম ন্যায়ালয়ত সংশ্লিষ্ট গোচৰটো ওলমি থকাৰ সময়ত এইমৰ্মে চৰ্চা চলিছিল যে যদিহে সৰ্বোচ্ছ ন্যায়ালয়ে ৬(ক) ধাৰাটো অবৈধ বুলি ঘোষণা কৰে, তেন্তে অসম চুক্তি অপ্ৰাসংগিক হৈ পৰিব৷ দীৰ্ঘদিনীয়া শুনানিৰ অন্তত বৃহস্পতিবাৰে উচ্ছতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে সংশ্লিষ্ট গোচৰৰ ৰায় দিয়ে৷


সেইমৰ্মে সাংবিধানিক বিচাৰপীঠে নাগৰিকত্ব আইনৰ ৬(ক) ধাৰা বৈধ আৰু বিশেষ পৰিস্থিতিত এই ধাৰা সৃষ্টি কৰাৰ লগতে অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল বুলি মত পোষণ কৰাৰ লগে লগে অসম চুক্তিৰ ভিত্তি গজগজীয়া হৈ পৰে৷ পুনৰ এবাৰ বিশেষ মান্যতা লাভ কৰে অসম চুক্তিয়ে৷ সেইসূত্ৰে অসম চুক্তিৰ স্বাক্ষৰকাৰী সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলে বৃহস্পতিবাৰৰ পৰাই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে৷ শুকুৰবাৰে ৰাজ্যৰ সৰ্বত্ৰ অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে আছুৰ নেতা-কৰ্মীসকলে৷ গুৱাহাটীৰ শ্বহীদ ন্যাস ভৱনত আছুৰ সভাপতি উৎপল শৰ্মা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ছৰ্জুন হাঞ্চে আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই বন্তি প্ৰজ্বলন কৰি জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি কমল মহন্ত আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল ডেকাই জনোৱা মতে, এই অনুষ্ঠানত জ্যেষ্ঠ অধিবক্তা সত্যেন শৰ্মা, অসম উন্নতি সভাৰ গুৱাহাটী সমিতিৰ সভাপতি যোগেশ ডেকা আৰু সাধাৰণ সম্পাদক কমলেন্দ্ৰ ভৰালী, কেন্দ্ৰীয়-অৰ্ধকেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক মাধৱ হাজৰিকা, অসম সেনাৰ গুৱাহাটীৰ আহ৩ায়ক তপাশ শইকীয়া, আছুৰ কেন্দ্ৰীয় সমিতিৰ কেইবাজনো বিষয়ববীয়া-সদস্য, কেইবাজনো প্ৰাক্তন আছুনেতা, নুনমাটি মহিলা সমিতি আৰু নাগৰিক সমিতিৰ লগতে গুৱাহাটীৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু আছুকৰ্মীসকল উপস্থিত থাকে৷

মৰিগাঁৱত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি আছুৰ

‘আমাৰ অসম’ৰ মৰিগাঁৱৰ প্ৰতিনিধি : উচ্ছতম ন্যায়ালয়ে ১৯৭১চনৰ ২৪মাৰ্চ অসমৰ বাবে নাগৰিকত্বৰ ভিত্তিবৰ্ষ বাহাল ৰাখি দিয়া ৰায়দানক আদৰণি জনোৱাৰ লগতে আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই মৰিগাঁও চহৰস্থিত আছুৰ কাৰ্যালয় তথা গান্ধী ভৱন প্ৰাংগণত অসম আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰে৷ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে আঁত ধৰা কাৰ্যসূচীত বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে প্ৰাক্তন ছাত্ৰ নেতা মোহন বৰদলৈয়ে৷ এই কাৰ্যসূচীত অসম আন্দোলনৰ নেতা হৰেন্দ্ৰ বৰা, মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মা, অসম সেনাৰ সংগঠক হিমাংশু মহন্ত, কেন্দ্ৰীয় সদস্য অনুপম ভাগৱতী, আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধি, জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিব্যজ্যেতি চৌধুৰী, সদৰ ছাত্ৰ সন্থাৰ সভাপতি ঘনেন্দ্ৰ বৰা আৰু সাধাৰণ সম্পাদক প্ৰণৱ জ্যোতি বৰ্মন প্ৰমুখ্য বৰ্তমান আৰু প্ৰাক্তন আছু কৰ্মীসকল উপস্থিত থাকে৷

কলিয়াবৰতো আছুৰ বন্তি প্রজ্বলন

‘আমাৰ অসম’ৰ কলিয়াবৰৰ প্ৰতিবেদক : উচ্ছতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে নাগৰিকত্ব আইনৰ ৬(ক) দফা সাংবিধানিকভাৱে বৈধ ঘোষণা কৰাৰ ঐতিহাসিক ক্ষণত অসম আন্দোলনৰ জাতীয় শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনায় আজি কলিয়াবৰতো কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত বন্তি প্রজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ কুঁৱৰীটোলত আয়োজিত বন্তি প্রজ্বলন অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মৃগাংক শেখৰ ভৰালী হাজৰিকাই আজিৰ দিনটো গৌৰৱময় আনন্দৰ দিন বুলি অভিহিত কৰে৷  কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক অসম চুক্তিৰ কাৰ্যকৰী কৰিবলৈ তেওঁ দাবী জনায়৷ অনুষ্ঠানত কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নবীন বৰঠাকুৰেও ভাষণ দিয়ে৷

নগাঁৱত আছুৰ বন্তি প্ৰজ্বলন

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ : উচ্ছতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে নাগৰিকত্ব আইনৰ ৬[ক]দফা সাংবিধানিকভাৱে বৈধ ঘোষণা কৰাত সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকল উৎফুল্ল হৈ পৰিছে৷ উচ্ছতম ন্যায়ালয়ে অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবছৰ ১৯৭১চন নিৰ্ধাৰণ কৰাৰ বাবে আজি ৰাজ্যখনৰ লগতে নগাঁও জিলাটো সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত আছু কৰ্মীসকলে এক কাৰ্যসূচী ৰূপায়ণ কৰে৷ অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত আছু কৰ্মীসকলে আজি সন্ধিয়া বন্তি প্ৰজ্বলন কৰে৷ জিলা ছাত্ৰ সন্থাৰ লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, চামগুৰি, পুৰণিগুদাম, কামপুৰ, ৰহা, হাতীচোং, নগাঁও সদৰ আঞ্চলিক, ধিং, ৰূপহী, দক্ষিণ নগাঁও আদি আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত বন্তি প্ৰজ্বলন কৰে৷ নগাঁও জিলা ছাত্ৰ সন্থাই এই সন্দৰ্ভত কয় যে আমি উচ্ছতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছোঁ৷ উচ্ছতম ন্যায়ালয়ৰ এই ৰায়ে ঐতিহাসিক অসম আন্দোলন যে শুদ্ধ আছিল সেয়া প্ৰতিপন্ন হ’ল বুলি উল্লেখ কৰি জিলা ছাত্ৰ সন্থাই অসম চুক্তি নিৰ্ধাৰিতসময়ৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনায়৷ নগাঁও চহৰত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বন্তি প্ৰজ্বলন অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক গৌৰীশংকৰ শইকীয়া,  জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰা, সাধাৰণ সম্পাদক কংকনজ্যোতি বৰুৱা, অসম আন্দোলনৰ নেতা ড॰ শৰৎ বৰকটকী, দিপীকা লস্কৰ, প্ৰাক্তন ছাত্ৰ নেতাসকলে অংশগ্ৰহণ কৰে৷