Logo
image

৪ শতাংশ বাঢ়িব ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ অক্টোবৰ : ৰাজ্যৰ কৰ্মচাৰী সমাজৰ বাবে আশাৰ বাৰ্তা কঢ়িয়াই আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ পোহৰৰ উৎসৱ দীপাৱলীৰ পূৰ্বে ভাল খবৰ লাভ কৰিব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে৷ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰেই অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলেও বদ্ধিৰ্ত হাৰত লাভ কৰিব মৰগীয়া বানচ৷ –এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ শুকুৰবাৰে নিশা ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰা ৩ শতাংশ বদ্ধিৰ্ত মৰগীয়া বানচৰ দৰে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবেও অচিৰেই মৰগীয়া বানচ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰে৷ পোহৰৰ উৎসৱ দীপাৱলীৰ আগতীয়াকৈ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে ৰাজ্যিক কৰ্মচাৰীয়ে দীপাৱলীৰ পূৰ্বেই মৰগীয়া বানচ লাভ কৰিব বুলি সদৰী কৰে৷ ফেচবুক লাইভত মুখ্যমন্ত্ৰীয়ে লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰসংগত কয়–‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় সংস্কৰণ আৰম্ভ কৰা হৈছে৷ কিছুদিন পূৰ্বে ২৫ হাজাৰ যুৱক-যুৱতীক আমি ২ লাখ টকাৰ আৰ্থিক সাহায্যৰ প্ৰথম কিস্তিৰ ৭৫ হাজাৰ টকা আগবঢ়াইছো৷ যাৰ যোগেদি তেওঁলোক স্বাৱলম্বী হ’ব৷ আমি এইবছৰেই ১ লাখ যুৱক-যুৱতীক এই আঁচনিখনৰ অধীনলৈ আনিব বিচাৰিছোঁ৷ তাৰ বাবেই বাকী ৭৫ হাজাৰ যুৱক-যুৱতীৰ আবেদনৰ বাবে প’ৰ্টেল মুকলি কৰা হৈছে৷


২৮ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ উদ্যমী যুৱক-যুৱতী সকলে ইয়াত আবেদন কৰিব পাৰিব৷’ ইফালে কাইলৈ অৰ্থাৎ দেওবাৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ আৰম্ভ কৰাৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়–‘ প্ৰথম দুটা সংস্কৰণৰ যোগেদি ১০ লাখতকৈ অধিক পৰিয়ালে নিজৰ ভূমিৰ ওপৰত অধিকাৰ লাভ কৰিলে৷ তৃতীয় সংস্কৰণত অৱশিষ্ট যিসকল পৰিয়ালে ভূমিৰ অধিকাৰ লাভ কৰা নাই তেওঁলোকক ভূমিৰ অধিকাৰ দিবলৈ প্ৰচেষ্টা কৰিম৷ এইবাৰ ব্যক্তিগত পৰিয়ালৰ মাটিৰ উপৰি সামাজিক অনুষ্ঠান সমূহক মাটিৰ পট্টা প্ৰদানৰ ওপৰত গুৰুত্ব দিছো৷ গুৱাহাটীৰ পাহাৰ অঞ্চলত বাস কৰা লোকসকলক মাটিৰ পট্টা আমি দিয়াৰ পাছতো প্ৰিমিয়াম বহুত হোৱা বাবে তেওঁলোকে মাটিৰ পট্টা গ্ৰহণ কৰিব পৰা নাছিল৷ বসুন্ধৰা ৩.০ ত আমি প্ৰিমিয়াম যথেষ্ট হ্ৰাস কৰিছো৷’ ইফালে এ ডি আৰ ই পৰীক্ষাৰ সন্দৰ্ভত  মুখ্যমন্ত্ৰীয়ে লগতে কয় –‘এ ডি আৰ ইৰ শেষৰটো পৰীক্ষা ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব৷ চতুৰ্থ শ্ৰেণীৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ’ব৷ দুটা কেটেগৰীত দুইবেলা পৰীক্ষা হ’ব৷ মেট্ৰিক উত্তীৰ্ণসকলে এটা পৰীক্ষাত বহিব আৰু মেট্ৰিকৰ তলৰ সকলে আন এটা পৰীক্ষাত বহিব৷ আগবেলাৰ পৰীক্ষাত ৮.২৭ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব আৰু পিছবেলাৰ পৰীক্ষাত ৫.৫২ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব৷ এতিয়ালৈকে হৈ যোৱা পৰীক্ষাৰ তৃতীয় প্ৰশ্ন কাকতৰ বাবে ৯৫০২৩ গৰাকী পৰীক্ষাৰ্থীয়ে অ’ এম আৰ শ্বীট সংগ্ৰহ কৰিলে৷ চতুৰ্থ প্ৰশ্ন কাকতত ২০০৫৫ গৰাকীয়ে আৰু পঞ্চম প্ৰশ্ন কাকতত ৭২৩১ গৰাকীয়ে অ’ এম আৰ শ্বীট সংগ্ৰহ কৰিলে৷’ মুখ্যমন্ত্ৰীয়ে ঝুমুৰ নৃত্যৰ বিশাল আয়োজনৰ কথা ব্যক্ত কৰি সামাজিক মাধ্যমত  লগতে কয়– ‘বিগত চাৰে তিনিটা বছৰ অসমৰ বাবে ¦£ৰ্ণিমকাল৷ এতিয়া আমি অপেক্ষাৰত ঝুমুৰ নৃত্যক লৈ৷ কেইমাহ মানৰ ভিতৰত আমি গুৱাহাটীত ব’হাগ বিহু প্ৰদৰ্শন কৰাৰ দৰে ঝুমুৰ নৃত্যও আঠ-দহ হাজাৰ শিল্পীৰে সৈতে প্ৰদৰ্শন কৰিম৷ ঝুমুৰ নৃত্যকো বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়াস কৰিম৷’ আনহাতে  বিগত ডেৰ মাহত বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ জৰিয়তে ৰাজ্যৰ ৬০ লাখ ৬৩ হাজাৰ লোকে নাম পঞ্জীয়ন কৰা বুলিও ফেচবুক লাইভটোত দাবী কৰে মুখ্যমন্ত্ৰীয়ে৷