Logo
image

বিশাল-দীপাংকৰ-স্বপ্ননীলসহ ১৯ অভিযুক্তৰ বিৰুদ্ধে গোচৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ অক্টোবৰ : কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আয়ে অসমৰ অনলাইন ট্ৰেডিং কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰাৰ পাছতেই কঁপনি উঠিছে বহুজনৰ৷ অসম চৰকাৰে চি বি আইলৈ হস্তান্তৰ কৰা ৪১টা ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰৰ শুকুৰবাৰৰে পৰা আনুষ্ঠানিক তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় সন্থাটোৱে৷ হাজাৰ হাজাৰ কোটি টকীয়া অনলাইন  ট্ৰেডিং প্ৰৱঞ্চনাৰ প্ৰথম পৰ্যায়ত ৬টা গোচৰক তদন্তৰ বাবে পঞ্জীয়ন কৰিছে চি বি আয়ে৷ চি বি আইৰ গুৱাহাটীস্থ বিশেষ আদালতত তদন্তকাৰী বিষয়াই উক্ত ৬টা গোচৰৰ এজাহাৰসহ আইনী নথি-পত্ৰ দাখিল কৰিছে৷ চি বি আইৰ তদন্তকাৰী বিষয়াই জানিবলৈ দিয়া অনুসৰি প্ৰথম পৰ্যায়ত তদন্তৰ বাবে এজাহাৰ পঞ্জীয়ন কৰা গোচৰ কেইটা হৈছে ডিব্ৰুগড়ৰ বিশাল ফুকনৰ ট্ৰেডিং কাণ্ড, গুৱাহাটীৰ ট্ৰেডিং গুৰু স্বপ্ননীল দাসৰ ট্ৰেডিং কাণ্ড, ডি বি ষ্টক, ট্ৰেডিং এফ এক্স, ৱাই বি ৱাই আৰু এ জে আৰ এছ মাৰ্কেটিং৷ ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হৈ থকা  উক্ত গোচৰ কেইটাৰৰ ভিত্তিত চি বি আয়ে নিজাববীয়াকৈ ৰুজু কৰা গোচৰ কেইটাৰ এফ আই আৰ পঞ্জীয়ন নম্বৰ হৈছে ক্ৰমে–আৰ চি ২২১/২০২৪, ই-০০১৩, আৰ চি ২২১/২০২৪, ই-০০১৪, আৰ চি ২২১/২০২৪, ই-০০১৫, আৰ চি ২২১/২০২৪, ই-০০১৬, আৰ চি ২২১/২০২৪, ই-০০১৭ আৰু আৰ চি ২২১/২০২৪, ই-০০১৮৷ তদন্তকাৰী সংস্থাটোৱে ভাৰতীয় দণ্ড বিধি, ভাৰতীয় ন্যায় সংহিতা আৰু অনিয়ন্ত্ৰিত জমা আঁচনি নিষিদ্ধ আইন-২০১৯ ধাৰা আৰোপ কৰিছে  আটাইকেইটা গোচৰতে৷ আনুষ্ঠানিকভাৱে চি বি আয়ে পঞ্জীয়ন কৰা ৬টা গোচৰত মুঠ ১৯ জন লোকক অভিযুক্ত কৰিছে৷ চি বি আইৰ এজাহাৰত নাম থকা অভিযুক্তকেইজন হৈছে ক্ৰমে–৭০০ কোটি টকা আত্মসাৎ কৰি আত্মগোপন কৰা গুৱাহাটীৰ ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন আৰু তেওঁৰ প্ৰেয়সী মনালিছা দাস, স্বয়ম্ভূ ট্ৰেডিং গুৰু স্বপ্ননীল দাস, ডিব্ৰুগড়ৰ বিশাল ফুকন, ট্ৰেডিং এফ এক্সৰ ৰঞ্জিত কাকতি আৰু ৱাই বি ৱাইৰ মিথিংগা বড়ো৷ তদুপৰি ৱাই বি ৱাই আৰু এ জে আৰ এছ মাৰ্কেটিং লিমিটেডৰ আছিফ আলী, পূজা পেটেল, ৰঞ্জনা দাস, গৌৰৱ বৰ্মন, নিতুমণি কলিতা, মিণ্টু দাস, ৰাকেশ লহকৰ, তন্ময় দেৱ, চন্দ্ৰলিকা মেধি, তুলিকা হালৈ আৰু সঞ্জুক্তা বিশালৰো নাম আছে চি বি আইৰ এজাহাৰত৷ ইতিমধ্যে, চি বি আইৰ তদন্তকাৰী বিষয়াই গুৱাহাটী আৰু ডিব্ৰুগড়ত বাহৰ পাতি এই আটাইকেইটা গোচৰৰ ভুক্তভোগী বিনিয়োগকাৰীৰ লগতে মূল এজাহাৰকাৰীসকলকো সোধা-পোছা কৰিছে৷ তদুপৰি অসম আৰক্ষীৰ তদন্তত পোহৰলৈ অহা সংশ্লিষ্ট কেলেংকাৰিৰ গোচৰসমূহৰ একাংশ বিনিয়োগকাৰীকো সোধাপোছাৰ বাবে তলব কৰিছে চি বি আয়ে৷


লক্ষণীয়ভাৱে ডিব্ৰুগড় থানাত বিশাল ফুকনৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ অভিযোগত ৰুজু হোৱা ৩৫২/২৪ নম্বৰৰ গোচৰটোত এছ আই টিয়ে ইতিমধ্যে বিশাল ফুকনৰ লগতে বিশালে পাতি লোৱা বায়েক কৰিঅ’গ্ৰাফাৰ - অভিনেত্ৰী চুমি বৰা,  চুমিৰ স্বামী ফটোগ্ৰাফাৰ তাৰ্কিক বৰা আৰু তাৰ্কিকৰ ভাতৃ অম্লান বৰাকো গ্ৰেপ্তাৰ কৰিছে৷ কিন্তু শুকুৰবাৰে চি বি আয়ে পঞ্জীয়ন কৰা এজাহাৰত চুমি বৰা, তাৰ্কিক বৰা আৰু অম্লান বৰাৰ নাম প্ৰত্যক্ষভাৱে সংযোগ কৰা নাই৷ অৱশ্যে পৰৱৰ্তী সময়ত চি বি আয়ে চুমি, তাৰ্কিক আৰু অম্লানৰ নাম এজাহাৰত অভিযুক্ত হিচাপে অন্তৰ্ভুক্ত কৰিব নে, নে শেষত অভিযোগনামাতহে স্থান দিব সেয়া সময়তহে স্পষ্ট হ’ব৷ অৱশ্যে সম্প্ৰতি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা উক্ত গোচৰটোৰ আটাইকেইজন অভিযুক্তকে জেৰাৰ বাবে অনুমতি বিচাৰি বিশেষ আদালতত আবেদন জনাইছে চি বি আইৰ তদন্তকাৰী বিষয়াই৷ ইফালে, পল্টন বজাৰ থানাত ৰুজু হোৱা ডি বি ষ্টক কেলেংকাৰিৰ গোচৰটোত গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ ৰহস্যজনক ভূমিকাৰ বাবে কুখ্যাত দীপাংকৰ বৰ্মনে আত্মগোপনৰ সুযোগ লাভ কৰিলে যদিও চি বি আয়েও ৰাজ্যৰ বাহিৰ-ভিতৰৰ বিনিয়োগকাৰীৰ ৭০০ কোটি টকা আত্মসাৎ কৰা দীপাংকৰৰ বৰ্তমানলৈ কোনো সম্ভেদ উলিয়াব পৰা নাই৷ ইফালে ট্ৰেডিং এফ এক্সৰ নামত ৰঞ্জিত কাকতিৰে মিলি  বিলাসী বাহন উপহাৰ লাভৰ  প্ৰলোভন দিয়া সহযোগীসকলো তদন্তৰ আউটিলৈ আহিব বুলি চি বি আইৰ তদন্তকাৰী বিষয়াই জানিবলৈ দিছে৷ একেদৰে ৱাই বি ৱাইৰ নামত সংবাদ মাধ্যমত প্ৰচাৰ চলাই সাধাৰণ লোকক প্ৰৱঞ্চনাৰ মুখলৈ ঠেলি দিয়া তথাকথিত লেখক আৰু সংবাদ পত্ৰও তদন্তৰ আউটিলৈ অহাৰ লগতে অনলাইন ট্ৰেডিং প্ৰৱঞ্চকৰ হৈ পেইড প্ৰচাৰ চলোৱা কেইবাজনো তথাকথিত সাংবাদিক, ইনফ্লুৱেঞ্চাৰ, ইউটিউবাৰ আৰু প’ডকাষ্টাৰক জেৰাৰ বাবেও তালিতা সাজু কৰিছে চি বি আয়ে৷ মুঠৰ ওপৰত ৪১ টা অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰত অনাগত দিনত বহুতে যে ৰঙা ঘৰৰ আলহী হ’ব সেয়া নিশ্চিত হৈ পৰিছে৷

১৫জন বিনিয়োগকাৰীক চিবিআইৰ জেৰা

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক : অনলাইন ট্ৰেডিং কেলেংকাৰিৰ গোচৰত এইবাৰ চিবিআইৰ ৰোষত পৰিছে বেংকৰ কৰ্মচাৰী৷ শুকুৰবাৰৰপৰা ডিব্ৰুগড়ত বাহৰ পাতি থকা পাঁচজনীয়া চিবিআইৰ দলে আজি ডিব্ৰুগড়ৰ এইচ ডি এফ চি বেংকৰ এজন কৰ্মচাৰীক সদৰ থানালৈ তলব কৰে আৰু ইয়াৰ পাছতেই অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা সৰবৰাহ কৰা অনান্য বেংকৰ মেনেজাৰ আৰু বিষয়া-কৰ্মচাৰীৰ মাজত একপ্ৰকাৰ হাহাকাৰ লাগে৷ জানিব পৰা অনুসৰি চিবিআইৰ দলে প্ৰথমে প্ৰায় ২০মিনিট ধৰি জেৰা কৰে এইচ ডি এফ চি বেংকৰ এজন কৰ্মচাৰীক৷ জেৰাৰ সময়ছোৱাত অনলাইন ট্ৰেডিঙত থকা বেংক একাউণ্টৰ সকলো ষ্টেটমেণ্ট বিচাৰিলে ডিব্ৰুগড়ৰ এইচ ডি এফ চি বেংকৰ মুখ্য শাখাৰ কৰ্মচাৰীজনক৷ অৱশ্যে কৰ্মচাৰীজনে প্ৰদান কৰা তথ্যত চিবিআইৰ দলটোৱে সন্তষ্টি প্ৰকাশ কৰিলে নাই, সেই বিষয়ে স্পষ্ট হ’বপৰা নাই৷ সূত্ৰৰপৰা জানিব পৰা অনুসৰি চিবিআইৰ এজন অধীক্ষক, উপ-অধীক্ষক, পৰিদৰ্শকসহ মুঠ ৫ জনীয়া দলটো অহা বুধবাৰলৈকে ডিব্ৰুগড়তে বাহৰ পাতি থকাৰ সম্ভাৱনা আছে৷ উক্ত সময়চোৱাত ট্ৰেডিং কেলেংকািৰীৰ সৈতে জড়িত অন্যান্য বেংকৰ বিষয়া-কৰ্মচাৰীক তলব কৰাৰ সম্ভাৱনা আছে৷ আনহাতে, চিকিৎসক, অধিবক্তা, শিক্ষক, কৰ্মচাৰীৰ লগতে অন্যান্য একাংশ বিনিয়োগকাৰীক চিবিআইৰ দলটোৱে তলব কৰাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে৷ এই সময়ছোৱাত বিনিয়োগকাৰী, বেংক বিষয়া জেৰাৰ সন্মুখীন হোৱাৰ লগতে বহু ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা আছে৷ আনহাতে, অনলাইন ট্ৰেডিঙৰ নামত ব্যাপক ঠগ-প্ৰৱঞ্চনাৰে কোটি কোটি টকা সংগ্ৰহ কৰি বিলাসী জীৱন অতিবাহিত কৰা চুমি বৰা, বিশাল ফুকন আৰু তাৰ্কিক বৰা বৰ্তমানে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থকাৰ লগতে ট্ৰেডিং এফ এক্স নামৰ অনলাইন ট্ৰেডিঙৰ মাষ্টাৰমাইণ্ড ৰঞ্জিত কাকতিও কাৰাগাৰত বন্দী হৈ আছে৷ উক্ত গোচৰৰ সন্দৰ্ভত ডিব্ৰুগড় সদৰ থানাত ৩৫২/২৪ আৰু ৩৫৪/২৪ নম্বৰত পঞ্জীভুক্ত দুয়োটা পৃথক গোচৰৰ চিবিআয়ে আৰম্ভ কৰিছে তদন্ত৷ ইতিমধ্যে শুকুৰবাৰে নিশাই জব্দকৃত সামগ্ৰী আৰু কেচ ডায়েৰী চমজি লৈছে চিবিআইৰ দলে৷ ইফালে ডিব্ৰুগড় ন্যায়িক দণ্ডাধীশৰ আদালতত আজি বিশাল, চুমি, তাৰ্কিক আৰু ৰঞ্জিত কাকতিক চিবিআয়ে নিজৰ জিন্মাত বিচাৰি আবেদন কৰিছে৷ আদালতে মঞ্জুৰ কৰিলেই চাৰিওজনক লৈ চিবিআইয়ে গুৱাহাটীলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে৷ আনহাতে, ট্ৰেডিং এফ এক্সত ধন বিনিযোগ কৰি প্ৰৱঞ্চনাৰ বলি হৈ ডিব্ৰুগড় সদৰ থানাত ১৫জনকৈ বিনিয়োগকাৰীয়ে সমূহীয়াকৈ এজাহাৰ দাখিল কৰা বিনিয়োগকাৰীসকলক আজি সোধা-পোছা কৰিলে চিবিআইৰ দলে৷ বিনিয়োগকাৰীসকলে ক’ত, কেনেকৈ বিনিয়োগ কৰিছিল? ৰঞ্জিত কাকতিৰ সৈতে কোন কোন জড়িত আছিল? ইত্যাদি সকলো তথ্য বিনিয়োগকাৰীৰপৰা বিচাৰিলে চিবিআইয়ে৷ উল্লেখ্য, ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষী থানাত ৮৫/২৪ আৰু দুলীয়াজান থানাত ১৯৮/২৪ পঞ্জীয়নভুক্ত আন দুটা গোচৰৰো তদন্ত চলাইছে চিবিআইয়ে৷ সূত্ৰৰপৰা জানিব পৰা মতে, ট্ৰেডিং এফ এক্স নামৰ অনলাইন প’ৰ্টেলত জিতেন্দ্ৰ সিং ডাহিয়া [প্ৰবন্ধক] নৰেশ দাহিয়া [ব্যৱসায়িক মেনেজাৰ], ৰঞ্জিত কাকতি, কৃষ্ণপ্ৰসাদ ভূমিজ, প্ৰফুল্ল বড়া, বিশ্বজিত কোঁৱৰ, সীমান্ত বৰুৱা, প্ৰদীপ কলিতা, চিংকু বসুমতাৰী এইকেইজন ব্যক্তিৰ প্ৰৰোচনাত পৰি সাঁচতীয়া আৰু লোনৰ টকা বিনিয়োগ কৰিছিলোঁ বুলি আজি চিবিআইক উল্লেখ কৰিছে বিনিয়োগকাৰী ভুক্তভোগীসকলে৷