ৰাষ্ট্ৰীয় মহিলা আয়োগৰ নতুন অধ্যক্ষ বিজয়া ৰাহটকাৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,২০ অক্টোবৰ : ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে বিজয়া কিশোৰ ৰাহটকাৰক৷ দেশৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰণালয়ে ১৮ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাহটকাৰক নিযুক্তি দিছে৷ আনহাতে ড॰ অৰ্চনা মজুমদাৰক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যাৰূপে নিযুক্তি দিয়া হৈছে৷ বিজেপিৰ জ্যেষ্ঠ নেত্ৰী ৰাহটকাৰ এতিয়াও বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক পদত আছে৷ ২০১৬-২১ চনলৈ তেওঁ মহাৰাষ্ট্ৰ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷
সেই সময়ত সক্ষমা, প্ৰজ্বলা, সুুহিতা আদি প্ৰকল্পৰ নেতৃত্ব দিছিল৷ পকচ’, ত্ৰিপল টালাক বিৰোধী কোষ, মানৱ সৰবৰাহ বিৰোধী কোষৰ জৰিয়তে বহু কাম কৰা ৰাহটকাৰে ২০০৭-১০ চনলৈ ছত্ৰপাতি সম্ভাজিনগৰৰ মেয়ৰ হিচাপে দায়িত্ব পালন কৰিছিল৷ পুনে বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক আৰু ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৰাহটকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাবাৰো বঁটা-স্বীকৃতি লাভ কৰিছে৷