Logo
image

টি-২০ ৰেংকিঙৰ চতুৰ্থলৈ কোহলি

'আমাৰ অসম' ২৫ মাৰ্চঃ ইংলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত টুৱেণ্টী২০ শৃংখলাত দেখুওৱা উজ্জীৱিত প্ৰদৰ্শনৰ ভিত্তিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ শেহতীয়া টুৱেণ্টী২০ ৰেংকিঙৰ বেটিঙত এটা স্থানৰ উত্তৰণ ঘটাই চতুৰ্থ স্থানত উপনীত হৈছে ভাৰতীয় অধিনায়ক বিৰাট কোহলি৷ আনহাতে, তিনিটা স্থানৰ উত্তৰণেৰে চতুৰ্দশ স্থানলৈ উন্নীত হৈছে সহঃ অধিনায়ক ৰোহিত শৰ্মা৷ উল্লেখ্য, ইংলেণ্ডৰ বিৰুদ্ধে টুৱেণ্টী২০ শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত ৰোহিত শৰ্মাৰ সৈতে ইনিংছ মুকলি কৰি কোহলিয়ে প্ৰথম উইকেটত যোগ দিছিল ৯৪ ৰান৷ ভাৰতীয় অধিনায়কজন ৫২টা বলত অপৰাজিত আছিল ৮০ ৰানত৷ আনহাতে ৰোহিত শৰ্মাই ৩৪টা বলত সংগ্ৰহ কৰিছিল ৬৪ ৰান৷