Logo
image

মৃত্যু ভয়ে খেদিছে ছলমানক

এটা হৰিণাই আজি বলীউড জ্বলাইছে৷ গেংষ্টাৰ লৰেন্স বিষ্ণইৰ টাৰ্গেট হৈ পৰিছে বলীউডৰ অভিনেতা ছলমান খান৷ সুৰয বৰজাত্যৰ ছবি ‘হাম সাথ সাথ হ্যে’ৰ শ্বুটিঙৰ সময়ত কৃষ্ণষাঁড় হৰিণ হত্যাৰ অভিযোগ আছে ছলমানখানৰ বিৰুদ্ধে৷ তেতিয়াৰ পৰাই হত্যাৰ হুমকি পাই আহিছে বলীউডৰ ভাইজানে৷ আনকি ছলমানৰ গেলেক্সিৰ সন্মুখতে গুলীবৰ্ষণ কৰিছে বিষ্ণইৰ দলৰ দুষ্কৃতিকাৰীয়ে৷ ছলমানৰ ঘনিষ্ঠ প্ৰাক্তন কংগ্ৰেছ নেতা (এন চি পি) বাবা ছিদ্দিকীক গুলীয়াই হত্যা কৰিছে আততায়ীয়ে৷ ইতিমধ্যে ছলমানৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে৷ অভিনেতাজনক ৱাই কেটেগৰীৰ নিৰাপত্তা প্ৰদান কৰা হৈছে৷ উল্লেখ্য, বিষ্ণই সমাজে কৃষ্ণষাড় পূজনীয় জীৱ হিচাপে গণ্য কৰে৷ ছলমান খানে ১৯৯৮ চনত যোধপুৰ ৰাষ্ট্ৰীয় উদ্যানত কৃষ্ণষাড় মৃগ হত্যা কৰা বুলি অভিযোগ উঠিছিল৷ বিষ্ণই সমাজত পশুপ্ৰেম মন কৰিবলগীয়া৷ এটা হৰিণেই আজি বলীউড জ্বলাইছে৷ সূৰয বৰজাত্যৰ ছবি হাম সাথ সাথ হ্যে’ শ্বুটিঙৰ সময়ত ৰাজস্থানৰ যোধপুৰত ছলমানে ছেঈফ আলী খান, টাবু, কৰিশ্মা কাপুৰ, নীলম, সোণালী বেণ্ডেক লগত লৈ হৰিণ চিকাৰ কৰিছিল৷ অভিনেতা বিবেক অবেৰয়ে প্ৰকাশ কৰা বক্তব্য বৰ্তমান ছ’চিয়েল মিডিয়াত বাৰুকৈয়ে ভাইৰেল হৈছে৷ তেওঁ কৈছে– ‘বিশ্বৰ ভিতৰত এখনেই একমাত্ৰ সমাজ আছে যাৰ নাম বিষ্ণই সমাজ৷ যিখন সমাজে এজনী কৃষ্ণসাৰ হৰিণ মৃত্যু হ’লে হৰিণাজনীৰ সন্তানক বিষ্ণই সমাজৰ মাতৃয়ে দুগ্ধপান কৰোৱাই ডাঙৰ দীঘল কৰে৷ এনেকুৱা সমাজ বিশ্বৰ ক’তোৱেই বিচাৰি নাপাব৷’


ইফালে এটা কাম কৰিলে ছলমানক ক্ষমা কৰি দিয়াৰ চৰ্ত ৰাখিছে লৰেন্স বিষ্ণই৷ পূৰ্বৰ এক সাক্ষাৎকাৰত বিষ্ণই কৈছিল– ‘ছলমানক হত্যা কৰাই আমাৰ লক্ষ্য৷ কিন্তু ভাইজানে যদি এটা কাম কৰে তেন্তে ক্ষমা কৰি দিব পাৰি৷’ .... আমাৰ বিষ্ণই সকলৰ এটা মন্দিৰ আছে৷ মন্দিৰৰ নামটো হ’ল মুকাম মুক্তিধাম মন্দিৰ৷ মুকাম মন্দিৰত সোঁশৰীৰে গৈ ছলমানে ক্ষমা বিচাৰিলে তেওঁক ক্ষমা কৰি দিয়া হ’ব৷ বাবা ছিদ্দিকী গুলীবিদ্ধ হোৱাৰ পাছত ছলমানৰ হাহাকাৰ লাগিছে৷ এনে এক হাহাকাৰ পৰিস্থিতিৰ মাজতে লৰেন্স বিষ্ণইৰ ফোন নম্বৰ বিচাৰিছে ছলমানৰ প্ৰাক্তন প্ৰেমিকা ছুমী আলীয়ে৷ ইনষ্টাগ্ৰামত ছুমীয়ে লিখিছে– ‘লৰেন্স ভাই মই আপোনাৰ সৈতে কথা পাতিব বিচাৰো৷’ ১২ অক্টোবৰত ছিদ্দিকীৰ মৃত্যুৰ পাছত আতংকিত হৈ পৰিছে ভাইজান৷ প্ৰকাশিত বাতৰি মতে, ছলমানখানক হত্যাৰ কাৰণে ২৫ লাখ টকাৰ চুপাৰি দিয়া হৈছে৷ আনকি পাকিস্তানৰ পৰা উন্নতমানৰ আগ্নেয়াস্ত্ৰ অনা হৈছে ছলমানক হত্যাৰ বাবে৷ বৃহস্পতিবাৰে পুনৰ হুমকি পায় ছলমানে৷ বিগত কেইবাবছৰ ধৰি এনে উপৰ্যুপৰি হুমকিৰ সন্মুখীন হৈ আহিছে অভিনেতাজন৷ দুষ্কৃতিকাৰীৰ পৰা ৰক্ষা পাবলৈ ২০২৩ চনৰ পৰা ছলমানে বুলেটপ্ৰুফ গাড়ী ব্যৱহাৰ কৰি আহিছে৷ ২ কোটি টকা খৰচ কৰি  ডুবাইৰ পৰা নিছান পেট্ৰ’ল এছইউভি নামৰ আন এখন বুলেটপ্ৰুফ গাড়ী ক্ৰয় কৰিছে ছলমানে৷ যিখন গাড়ীৰ টায়াৰৰ পৰা ঘড়ী গ্লাচলৈকে সকলো অতি শক্তিশালী৷ পঞ্জাৱৰ ফিৰোজপুৰত জন্ম লৰেন্স বিষ্ণইৰ৷ ২০১০ চনৰ পৰা ছাত্ৰ ৰাজনীতিত জড়িত হৈ এদিন অপৰাধী জগতত প্ৰৱেশ কৰে লৰেন্স বিষ্ণই৷ শ্বহীদ ভগৎ সিঙৰ অনুৰাগী লৰেন্সৰ গেংষ্টাৰ সদস্যই দুবছৰমান পূৰ্বে হত্যা কৰে পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাক৷ বহুতো হত্যাকাণ্ডৰ অপৰাধী লৰেন্স ২০১৫ চনত গুজৰাটৰ সমৰমতী জে’লত  বন্দী হৈ আছে৷ বন্দী অৱস্থাৰ পৰাই তেওঁ ১৬ শ্বুটাৰক নিয়ন্ত্ৰণ কৰি আছে৷ এইবাৰ লৰেন্সৰ গেংষ্টাৰ দলৰ লক্ষ্য বলীউডৰ ভাইজান ছলমান খান৷