মিছ ৱ’ল্ডৰ্ৰ বাবে সাজু ফেমিনা মিছ ইণ্ডিয়া নিকিতা
বুধবাৰে নিশা মুম্বাইত অনুষ্ঠিত হয় ফেমিনা মিছ ইণ্ডিয়াৰ গ্ৰেণ্ড ফিনালে৷ প্ৰতিযোগিতাত মধ্যপ্ৰদেশৰ সুন্দৰী নিকিতা পোৰৱালক ফেমিনা মিছ ইণ্ডিয়া ২০২৩ বিজয়ী ঘোষণা কৰা হয়৷ এইবাৰৰ সংস্কৰণৰ প্ৰতিযোগিতাখনত দেশজুৰি সুন্দৰীৰ প্ৰতিভাৰ সন্ধান কৰা হৈছিল৷ প্ৰতিযোগিতাৰ কেইবাটাও ৰাউণ্ডৰ অডিচন আৰু গ্ৰুমিঙৰ পাছত মূল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ত্ৰিশ গৰাকী সুন্দৰীয়ে৷ বুধবাৰে নিশা গ্ৰেণ্ড ফিনালে অনুষ্ঠানত প্ৰাক্তন মিছ ইণ্ডিয়া তথা অভিনেত্ৰী সংগীতা বিজলানীয়ে এক আকৰ্ষণীয় অনুষ্ঠান পৰিৱেশন কৰে৷
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা সুন্দৰীয়ে ভৰি পৰা অনুষ্ঠানত শোভাবদ্ধৰ্ন কৰিছিল সুন্দৰী অভিনেত্ৰী নেহা ধুপিয়া, নৃত্যশিল্পী ৰাঘৱ জুৱালকে ধৰি বহুসংখ্যক চেলিব্ৰেটীয়ে৷ জুৰীৰ পেনেলত আছিল অনুষা ডাণ্ডেকাৰৰ দৰে অভিজ্ঞ ব্যক্তি৷ সুন্দৰী প্ৰতিযোগিতাত ১৮ বছৰ বয়সতে টিভি এংকৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰা নিকিতা পোৰৱাল বিজয়ী হিচাপে ঘোষিত হয়৷ ৰেখা পাণ্ডেই লাভ কৰে প্ৰথম ৰাণাৰ্ছআপ খিতাপষ বিগত বছৰৰ বিজয়ী নন্দিনী গুপ্তাই বিজয়ী মুকুট পিন্ধাই দিয়ে নিকিতাৰ শিৰত৷ নেহা ধুপিয়াই তেওঁক মিছ ইণ্ডিয়া চেছ উপহাৰ দিয়ে৷ উল্লেখ্য বিজয়ী নিকিতাই মিছ ৱল্ডৰ্ প্ৰতিযোগিতাত ভাৰতৰ প্ৰতিনিধিত্ব কৰিব৷