দিন-হাজিৰা কৰা মুছলমান যুৱকে পালে ভাৰতীয় সেনাত নিযুক্তি
ডিজিটেল সংবাদ, দলগাঁওঃ দিন-হাজিৰা কৰা হাতেম আলীৰ সপোন পূৰণ হ'ল৷ দৰিদ্ৰতা যে সফলতাৰ পথত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে দৰং জিলাৰ দলগাঁৱৰ হাতেম আলীয়ে। একাগ্ৰতা থাকিলে যে সকলো সম্ভৱ এই কথা প্ৰমাণ কৰিলে যোগালি কাম কৰা হাতেম আলীয়ে।
পিতৃৰ অবিহনে জীৱন সংগ্ৰাম চলাই যোৱা হাতেম আলীয়ে দেখিছিল এটা সপোন৷ সেই সপোন আছিল দেশমাতৃক সেৱা কৰা৷ যাৰ বাবে প্ৰতিদিনাই কঠোৰ পৰিশ্ৰম কৰিও ভাগৰি পৰা নাছিল যুৱকজন৷ ভাৰতীয় সেনা বাহিনীত নিযুক্তিৰ বাবে প্ৰায় তিনি বছৰ ধৰি কঠোৰ অনুশীলনত ব্যস্ত হৈছিল যুৱকজন৷ পুৱা ৪ বজাতে দৌৰিবলৈ বুলি ফিল্ডলৈ ওলাই গৈছিল হাতেম৷ দৌৰাৰ লগতে আন শাৰীৰিক অনুশীলনো অব্যাহত ৰাখিছিল যুৱকজনে। দৌৰাৰ পাছত ৭ বজাত আকৌ মিস্ত্ৰীৰ লগত যোগালিৰ কাম কৰিবলৈ ওলাই গৈছিল যুৱকজন। এটি সৰু পঁজাৰ পৰাই যুৱকজনে দেশমাতৃক সেৱা কৰাৰ সপোন দেখিছিল। আৰু সেই সপোন বাস্তৱায়িত কৰিবলৈ অশেষ কষ্ট কৰিছিল তেওঁ।
অৱশেষত সফলতা লাভ কৰিলে হাতেমে। কঠোৰ পৰিশ্ৰমেৰে হাতেম আলীয়ে লাভ কৰিলে ভাৰতীয় সেনাত নিযুক্তি৷ নিযুক্তি পৰীক্ষাত ২০০ নম্বৰৰ ভিতৰত ১৮০ নম্বৰৰ লাভ কৰি মাত্ৰ ২০বছৰ বয়সত ভাৰতীয় সেনাত নিযুক্তি পালে হাতেম আলীয়ে। তেওঁ কয় যে কষ্ট কৰিলে এদিন সফল হ'বই৷ নিজৰ সপোন পূৰাবলৈ হ'লে কেতিয়াও হাৰ মানিব নালাগে৷ হাতেম আলীয়ে ২৫ অক্টোবৰত ভাৰতীয় সেনাত যোগদান কৰিব। হাতেম আলীৰ এই সফলতাক লৈ উৎফুল্লিত গাঁওবাসী।