Logo
image

ক’ভিড পৰীক্ষাৰ সময়ত মধ্যমা আঙুলি প্ৰদৰ্শন কৰি বিতৰ্কত ৰোহিত

'আমাৰ অসম' ২৫ মাৰ্চঃ  ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অংশ লোৱাৰ সময়ত ক’ভিড পৰীক্ষাও সম্পন্ন হৈছিল৷ সেই সময়তে সতীৰ্থ ঋষভ পণ্টৰ প্ৰতি মধ্যমা আঙুলি প্ৰদৰ্শন কৰি ছ’চিয়েল মিডিয়াত কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে ৰোহিত শৰ্মা৷ নমুনা সংগ্ৰহৰ পাছত ঋষভ পণ্টে সহঃঅধিনায়কজনৰ পৰা জানিব বিচাৰিছিল যে তেওঁ কেনে আছে? উত্তৰত মধ্যমা আঙুলি প্ৰদৰ্শন কৰে ৰোহিতে৷ টুইটাৰত অনেকেই এই ঘটনাৰ প্ৰতিবাদ কৰিছে৷ এই কাৰ্য ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী বুলিও অনেকে দাবী কৰে৷ বহুতে অৱশ্যে ৰসো পাইছে এই ঘটনাত৷  পণ্টে এই ভিডিঅ’ ইনষ্টাগ্ৰাম ষ্টৰীত দিয়ে৷ ইয়াৰ পাছত খুব সোনকালেই ভাইৰেল হৈ পৰে এই ভিডিঅ’৷ মঙলবাৰে প্ৰথম এদিনীয়াত ইংলেণ্ডক ৬৬ ৰানত পৰাস্ত কৰে ভাৰতে৷ অপেন কৰিবলৈ আহি ৪২ বলত ২৮ ৰান কৰি বেন ষ্টকছৰ বলত আউট হয় ৰোহিত৷