Logo
image

অষ্ট্ৰেলিয়া নহয়, গোৱাত দীপাংকৰ লুকাই থকাৰ সন্দেহ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ অক্টোবৰ : সাধাৰণ লোকৰ কষ্টোপাৰ্জিত ৭০০ কোটি টকা আত্মসাৎ কৰি ক’ত আত্মগোপন কৰি আছে ডি বি ষ্টক মাৰ্কেটিঙৰ স্বত্বাধিকাৰী প্ৰবঞ্চক দীপাংকৰ বৰ্মন! অসম আৰক্ষীয়ে আত্মগোপনৰ সুযোগ দিয়া বুলি অভিযোগ উঠা প্ৰবঞ্চক দীপাংকৰৰ আজিও সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আয়ে৷ গুৱাহাটীৰ উপৰি দিল্লী, মুম্বাই, হায়দাৰবাদত ডি বি ষ্টকৰ কাৰ্যালয় খুলি দেশ-বিদেশৰ লোকক প্ৰবঞ্চনাৰ জাল পেলোৱা দীপাংকৰ বৰ্মনক ইতিমধ্যে ৬ খন ৰাজ্যৰ আৰক্ষীয়ে ম’ষ্ট ৱাণ্টেড ঘোষণা কৰিছে৷ হায়দৰাবাদত ৰাজু হোৱা এটা গোচৰত ইিতমধ্যে আৰক্ষীয়ে হায়দৰাবাদস্থিত ডি বি ষ্টকৰ শাখা কাৰ্যালয় ছীল কৰি দিছে৷ হায়দৰাবাদ আৰক্ষীয়ে দীপাংকৰ বৰ্মনে অষ্ট্ৰেলিয়াৰ স্থায়ী বাসিন্দা হৈ বিদেশী ৰাষ্ট্ৰখনত আত্মগোপন কৰাৰ সন্দেহ ব্যক্ত কৰিছে৷


অৱশ্যে দীপাংকৰ বৰ্মনে অষ্ট্ৰেলিয়াত আত্মগোপনৰ তথ্য অস্বীকাৰ কৰিছে অসম আৰক্ষীয়ে৷ দীপাংকৰক গ্ৰেপ্তাৰত  ব্যৰ্থ হোৱা স্মাৰ্ট গুৱাহাটী আৰক্ষীয়ে হৃত সন্মান ঘূৰাই অনাৰ বাবে নিজাববীয়াকৈয়ো দীপংকাৰৰ সন্ধান অব্যাহত ৰাখিছে৷ পল্টন বজাৰ থানাত দীপাংকৰৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰটো ইতিমধ্যে চি বি আয়ে চমজি লৈ তদন্ত অব্যাহত ৰাখিছে যদিও ইয়াৰ মাজতে নিজাববীয়া প্ৰচেষ্টাৰে গুৱাহাটী আৰক্ষীৰ এটা দলে এপষেক পূৰ্বে দীপাংকৰক বিচাৰি গোৱাত অভিযান  চলাইছিল৷ কিন্তু শেনটো হৈ যোৱা গুৱাহাটী আৰক্ষীয়ে প্ৰৱঞ্চকটোৰ কোনো সম্ভেদ উলিয়াব নোৱাৰি ফেঁচাটো হৈ উভতি আহে যদিও দীপাংকৰক  কৰায়ত্ত কৰাৰ আশাত গোৱাত চোৰাংচোৱাৰ নিয়োগ কৰি থৈ অহাৰ কথা জানিব পৰা গৈছে৷ অসম আৰক্ষীয়ে প্ৰৱঞ্চক দীপাংকৰ বৰ্মনে গোৱাতে পৰিচয় সলনি কৰি আত্মগোপন কৰি থকাৰ সন্দেহ কৰিছে৷ প্ৰৱঞ্চকটোৱে যাতে দেশ এৰি পলায়ন কৰিব নোৱাৰে তাৰ বাবে ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা দীপাংকৰ পাছপ’ৰ্ট বাতিল কৰা হৈছে৷ ইয়াৰ মাজতে চিবিআয়ে দীপাংকৰ বৰ্মনৰ ডি বি ষ্টকত ধন বিনিয়োগ কৰা ডেৰ শতাধিক বিনিয়োগকাৰীক সোধা-পোছা কৰাৰ লগতে বিনিয়োগ কৰা ধনৰ তথ্য সংগ্ৰহ কৰিছে৷