ম’বাইল ফোনৰ বাহিৰেও এইবোৰ কাৰণতো চকুৰ ক্ষতি হয়
আমাৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ উপহাৰ হ’ল চকু৷ দুচকু মেলিয়েই আমি নানাৰঙী পৃথিৱীখন দেখিছোঁ৷ পৃথিৱীৰ বিচিত্ৰ ৰূপ দেখি আমি নয়ন সাৰ্থক কৰিছোঁ৷ সম্প্ৰতি আমাৰ জীৱনযাত্ৰাত এনে কিছুমান ভুল-ত্ৰুটি হয় যিয়ে আমাক ক্ষতি কৰে৷ ইয়াৰ ভিতৰত আছে চকুও৷ ক’ভিড কালত লকডাউনৰ সময়ত জীৱনযাত্ৰা স্তব্ধ হৈ পৰাত আমি কম্পিউটাৰৰ আশ্ৰয় লৈছিলোঁ৷ ম’বাইল-কম্পিউটাৰত চকু ৰাখিয়েই দিনটো কটাইছিলোঁ৷ দিনটোৰ অধিক সময় কম্পিউটাৰ বা ম’বাইলতে দৃষ্টি নিবদ্ধ হৈ থকাত চকুযুৰিয়ে বহু কষ্ট পায়৷
খাদ্যাভ্যাসৰ ভুল-ভ্ৰান্তিঃ তদুপৰি খাদ্যাভ্যাসৰ ভুল-ভ্ৰান্তিৰ বাবে চকুৰ সমস্যাত ভুগিব লগা হয়৷ কাৰণ খাদ্য সামগ্ৰীৰ মাজত এনে কিছু মাইক্ৰ’নিউট্ৰিয়েণ্টছ থাকে যিবোৰে চকু ভালে ৰাখে৷ কিন্তু আমি প্ৰণালীবদ্ধ খাদ্য খাই চকুৰ যত্ন নলওঁ৷ চকু ভালে ৰাখিবলৈ বিচাৰিলে ভিটামিন চি, জিংক, লুটেন, ওমেগা ফেটিএচিড থকা খাদ্য অধিক খাব লাগে৷ এই ক্ষেত্ৰত মৌচুমী, সতেজ শাক-পাচলি বেছিকৈ খাব লাগে৷
প্ৰটেক্টিভ চশমা নিপিন্ধাঃ ঘৰৰ ভিতৰত থাকিলে আমাৰ দুচকু যিদৰে কম্পিউটাৰতে নিবদ্ধ হৈ থাকে, সেইদৰে বাহিৰলৈ ওলালেই বহু প্ৰদূষণৰ মাজত আমি থাকিব লাগে৷ ইয়াৰ পৰা হাত সাৰিবলৈ চকুত প্ৰটেক্টিভ চশমা পিন্ধিব লাগে৷ এই ধৰণৰ চশমা পিন্ধিলে চকুত চাপ কম পৰে৷
চকুক বিশ্ৰাম নিদিয়াঃ চকুৰো বিশ্ৰামৰ প্ৰয়োজন আছে৷ কাৰণ অনবৰতে কম্পিউটাৰ, ম’বাইল, টিভি চাই থাকিলে চকুত চাপ পৰে৷ যাৰ বাবে দুচকুত বিষ, জ্বলা-পোৰা আদি সমস্যাই দেখা দিয়ে৷ গতিকে মাজে মাজে চকু বন্ধ ৰাখি বিশ্ৰাম কৰিবলৈ দিব লাগে৷
নিয়মিত চকু পৰীক্ষা নকৰাঃ বছৰত অন্ততঃ এবাৰ চকু পৰীক্ষা কৰিব লাগে৷ কাৰণ চকুৰ অনেক সমস্যা আমি প্ৰাথমিকভাৱে বুজিব নোৱাৰোঁ৷ কিন্তু পৰীক্ষা কৰিলে সেই সমস্যাৰ উৎস উলিয়াব পাৰি৷ সেয়ে বছৰত এবাৰ হ’লেও চকু পৰীক্ষা কৰাটো দৰকাৰ৷
চকুৰ পানী শুকাই যোৱাঃ অত্যধিক ম’বাইল, কম্পিউটাৰ বা টিভি ওচৰত বহি থাকিলে যিদৰে চকুৰ সমস্যাৰ সৃষ্টি হয়, সেইদৰে চকুৰ পানী শুকাই গ’লেও চকুৰ ক্ষতি হ’ব পাৰে বুলি আশংকা কৰিছে বিশেষজ্ঞসকলে৷ সেয়ে নিয়মীয়াকৈ চকুত আই ড্ৰপ দিয়া কৰক৷