Logo
image

চাৰ্কাছত চলোৱাৰ দৰে হিমন্তই চাইকেল চলাইছে

বিশ্বনাথত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত অজিত ভূঞা

‘আমাৰ অসম’ ২৫ মাৰ্চঃ ‘বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা এটা ৰাবাৰ ষ্টাম্প৷ তেওঁ একো নাজানে৷ তেওঁৰ হাতত কোনো ক্ষমতা নাই,  সেইটো প্ৰতিপন্ন হৈছে৷ মোডী আৰু অমিত শ্বাহৰহে এতিয়া চৰকাৰ৷ তেওঁলোকৰ কথাই আইন৷ তেওঁলোকে যি বিচাৰে তাকে হয়৷’ এই মন্তব্য আঞ্চলিক গণ মৰ্চাৰ নেতা তথা ৰাজ্য সভাৰ সাংসদ অজিত ভূঞাৰ৷ বিশ্বনাথ বিধান সভা সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী অঞ্জন বৰাৰ হৈ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি সাংসদজনে পুনৰ কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে অসমৰ ৬ জনগোষ্ঠীক জনজাতি কৰা হ’ল বুলি দাবী কৰা ঘটনা হাস্যকৰ৷ বিজেপিয়ে অসমৰ জ্বলন্ত সমস্যা তথা জাতীয় সমস্যাসমূহ ওলমাই ৰাখিছে৷ কোনো এটাতে সিদ্ধান্ত দিয়া নাই বুলি অভিযোগ তুলি অজিত ভূঞাই কয় যে বিজেপিৰ প্ৰতিশ্ৰুতিবোৰ ফুটুকাৰ ফেনত পৰিণত হ’ল৷ এই কথাবোৰ এতিয়া অসমৰ ৰাইজে গম পাইছে৷ বিজেপিয়ে বুজি উঠিছে যে তেওঁলোকৰ ফাঁকিবোৰ ধৰা পৰিছে৷ বিজেপিৰ নেতাসকলে খুউব ধুনীয়াকৈ ‘গাজা’ দিয়ে৷ সেই কাৰণে এতিয়া প্ৰধানমন্ত্ৰীয়ে সপ্তাহে সপ্তাহে অসমলৈ আহিছে৷ বিজেপিয়ে অসমৰ সম্পদ সমূহ এপদ এপদকৈ আম্বানি-আদানিক দি গৈ আছে আৰু অসমক দেউলীয়া কৰি পেলাইছে৷ আনকি অসমৰ দুটা কাগজ কলক বিজেপিয়ে জীৱিত কৰিব নোৱাৰিলে৷ ৰাজ্য সভাৰ সাংসদজনে অভিযোগ কৰে যে বিজেপিয়ে হিন্দু-মুছলমান, খ্ৰীষ্টান- হিন্দু, বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বিভাজন আনি আমাক দুৰ্বল কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে৷ আমাক ভাগ ভাগ কৰি অহা নিৰ্বাচনত ক্ষমতা দখলৰ সপোন ৰচিছে৷ ইফালে অজিত ভূঞাই হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে হিমন্তই জানে যে কথাৰে বিতৰ্ক কৰিব পাৰিলেহে তেওঁৰ প্ৰাসংগিকতা থাকিব৷ চৰকাৰে দিয়া প্ৰতিশ্ৰুতিবোৰ পালন কৰাত ব্যৰ্থ হোৱাৰ কথা লুকুৱাবৰ বাবেই এতিয়া হিমন্তই হিন্দু-মুছলমান, মোগল-আজমল এইবোৰ উলিয়াইছে৷ চাৰ্কাছত চাইকেল চলোৱাৰ দৰে হিমন্তই চাইকেল চলাই, নাচি বাগি মোডীৰ মন ভুলাবলৈ আপ্ৰাণ চেষ্টা চলাইছে বুলি মন্তব্য কৰি সাংসদজনে কয় যে হিমন্তৰ মুখ্যমন্ত্ৰী হোৱাৰ শেষ আশা এইবাৰেই৷