Logo
image

২৭ লাখ টকাসহ গোৱাত ধৃত দীপাংকৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ অক্টোবৰ : দেশৰ লগতে বিদেশৰ বিনিয়োগকাৰীৰ পৰা অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰে হাজাৰ কোটি টকা লুণ্ঠন কৰি আত্মগোপন কৰা ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ  বৰ্মন অৱশেষত অসম আৰক্ষীৰ জালত পৰিল৷ প্ৰায় দুমাহৰো অধিক সময়ত আত্মগোপন কৰি থাকিবলৈ সক্ষম হোৱা প্ৰৱঞ্চক দীপাংকৰক দেওবাৰে সন্ধিয়া গোৱাত গ্ৰেপ্তাৰ কৰে গুৱাহাটী আৰক্ষীৰ এটা দলে৷ সম্পূৰ্ণ ২০ দিন ধৰি মহানগৰ আৰক্ষীৰ এটা দলে গোৱাত বাহৰ পাতি অৱশেষত দেওবাৰে গোৱাৰ ৰাজধানী চহৰ পানাজিৰ এটা হোমষ্টেৰ পৰা দীপাংকৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ পল্টন বজাৰ থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিতে পাণবজাৰৰ এ চি পি অমিত মাহাতোৱে নেতৃত্ব দিয়া মহানগৰ আৰক্ষীৰ চাৰিজনীয়া এটা দলে গোৱা আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত প্ৰৱঞ্চক দীপাংকৰক গ্ৰেপ্তাৰ কৰে৷ লক্ষণীয়ভাৱে অনলাইন ট্ৰেডিং প্ৰতিষ্ঠান ডি বি ষ্টক কনচালটেন্সীৰ জৰিয়তে ট্ৰেডিঙৰ নামত প্ৰৱঞ্চক দীপাংকৰে ৰাজ্যৰ সহজ-সৰল বিনিয়োগকাৰীৰ পৰা হাজাৰ হাজাৰ কোটি টকা আত্মসাৎ কৰি পলায়ন কৰিবলৈ সক্ষম হৈছিল৷ মহানগৰ আৰক্ষীৰ বিৰুদ্ধে প্ৰৱঞ্চকটোক পলায়নৰ সুযোগ দিয়া বুলিও অভিযোগ উঠিছিল৷ আনকি অভিনেত্ৰী চুমি বৰা, বিশাল ফুকনৰ ট্ৰেডিং কেলেংকাৰি তদন্তৰ বাবে গৃহ বিভাগে চি আই ডিক দায়িত্ব দিছিল যদিও প্ৰথম অৱস্থাত দীপাংকৰ বৰ্মনৰ ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰৰ কেলেংকাৰিক লৈ পল্টন বজাৰ থানাত ৰুজু হোৱা গোচৰটো এজন প্ৰশিক্ষণৰত সহকাৰী আৰক্ষী পৰিদৰ্শকৰ হাততহে তদন্তৰ বাবে চমজাই দি দায়িত্ব সামৰিছিল মহানগৰ আৰক্ষীয়ে৷ আৰক্ষীৰ এই দুৰ্বলতাৰ সুযোগ লৈ বিগত ১৯ আগষ্টৰ পৰা দীপাংকৰ বৰ্মনে গোৱাত আত্মগোপন কৰিছিল৷ অৱশেষত ভুক্তভোগী অনিশ দাসৰ এজাহাৰৰ ভিত্তিত পল্টন বজাৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৩ (৫)/৩১৬(৫)/৩১৮(৪) আৰু অনিয়ন্ত্ৰিত জমা আঁচনি নিষিদ্ধ আইন ২০১৯ ধাৰা ২১ৰ অধীনত ২৮৮/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি প্ৰথমে প্ৰৱঞ্চক দীপাংকৰ প্ৰেয়সী মনালিচা দাসক গ্ৰেপ্তাৰ কৰে৷ ইফালে দীপাংকৰ বৰ্মনৰ তদন্তত মহানগৰ আৰক্ষীৰ ৰহস্যজনক ভূমিকাক লৈ সৰ্বত্ৰ চৰ্চা হোৱাৰ পাছতেই তদন্তকাৰী বিষয়া সলনি কৰিবলৈ বাধ্য হোৱাৰ লগতে  দীপাংকৰ পিতৃ-মাতৃকো গ্ৰেপ্তাৰ কৰে গুৱাহাটী আৰক্ষীয়ে৷


অৱশেষত ডি বি ষ্টকৰ প্ৰৱঞ্চনাৰ গোচৰটো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চি বি আইলৈ হস্তান্তৰ কৰা হয় যদিও হেৰুওৱা সন্মান ঘূৰাই অনাৰ বাবে নামি পৰে মহানগৰ আৰক্ষী৷ যিকোনো মূল্যৰ বিনিময়ত দীপাংকৰক গ্ৰেপ্তাৰ কৰিবলৈ পণ লোৱা মহানগৰ আৰক্ষীয়ে চি বি আইৰ সমান্তৰালভাৱে নিজাববীয়াকৈয়ো অনুসন্ধান অব্যাহত ৰাখে৷ অৱশ্যে গুৱাহাটী আৰক্ষীৰ জাল ফালি দীপাংকৰে অসম এৰি পলায়ন কৰিবলৈ সক্ষম হয় যদিও প্ৰৱঞ্চকটোৱে যাতে দেশ এৰি পলায়ন কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীৰ ফালৰ পৰা দীপাংকৰ পাছপৰ্ট নাকচ কৰাৰ লগতে সকলো বেংক একাউণ্ট জব্দ কৰে৷ ইয়াৰ মাজতে দীপাংকৰ বৰ্মনে ক্ৰিপ্ট’কাৰেঞ্চীৰ লেনদেনৰ তথ্য লাভ কৰে মহানগৰ আৰক্ষীয়ে৷ গোৱাত এই লেনদেনৰ তথ্য নিশ্চিত হোৱাত প্ৰায় কুৰি দিন পূৰ্বে মহানগৰ আৰক্ষীৰ এটা দলে গোৱালৈ ৰাওনা হৈছিল৷ কিন্তু শেনটো হৈ যোৱা গুৱাহাটী আৰক্ষীৰ দলটোৱে দীপাংকৰ সম্ভেদ উলিয়াব নোৱাৰি ফেঁচাটো হৈ ঘূৰি আহিবলৈ বাধ্য হয়৷ অৱশ্যে, গুৱাহাটী আৰক্ষীৰ দলটো ঘূৰি আহে যদিও এজন উপ-পৰিদৰ্শকক গোৱাতে থৈ আহে৷ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই গুৱাহাটীৰ পৰা যোৱা আন এটা আৰক্ষীৰ দলে উত্তৰ গোৱা জিলাৰ পানাজি আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত দেওবাৰে বিয়লি ভাগত গোৱাৰ এটা হোমষ্টেৰ পৰা প্ৰৱঞ্চক দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ দীপাংকৰে দীৰ্ঘদিনে গোৱাৰ পানাজিৰ মাণ্ডবী নদীৰ পাৰত আশ্ৰয় লৈ আছিল৷ হাজাৰ কোটি টকা লৈ পলায়ন কৰিলেও দীপাংকৰে কোনো ভাৱলেশহীনভাৱে গোৱাত ঘূৰি ফুৰিছিল৷ আনকি পলাতক দীপাংকৰৰ দামী সাজ-পোচাক পৰিধানতো কোনো পৰিৱৰ্তন হোৱা নাছিল৷ বাৰবেৰী কোম্পানীৰ ৩৪ হাজাৰ টকা মূল্যৰ টি-ছাৰ্ট পিন্ধি ঘূৰি ফুৰিছিল দীপাংকৰে৷ দেওবাৰে ক’লা ৰঙৰ টি-ছাৰ্ট পৰিধান কৰি হোমষ্টেটোৰ পৰা ওলাই অহাৰ সময়তে মহানগৰ আৰক্ষীৰ দলটোৱে প্ৰৱঞ্চকটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷

ইয়াৰ পাছতেই আৰক্ষীৰ দলটোৱে দীপাংকৰক লগত লৈ হোমষ্টেটোৰ দীপাংকৰ থকা নিৰ্দিষ্ট কোঠাটোত তালাচী চলায়৷ এই তালাচীত দীপাংকৰ বেগৰ পৰা জাপে জাপে টকা উদ্ধাৰ কৰে৷ আৰক্ষীয়ে দীপাংকৰৰ বেগৰ পৰা ২৭,০৬,৭৫০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷  দীপাংকৰে ৫০০ টকীয়া নোটৰ বাণ্ডোল লৈ গুৱাহাটীৰ পৰা গোৱালৈ পলায়ন কৰিছিল৷ আৰক্ষীয়ে লগতে দীপাংকৰৰ বেগৰ পৰা দুডাল সোণৰ ছেইন, ব্ৰেচলেট, আঙঠি, ফুলি জব্দ কৰে৷ সম্প্ৰতি গোৱা আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ লকআপত থকা দীপাংকৰ বৰ্মনক সোমবাৰে আদালতত হাজিৰ কৰি ট্ৰেনজিত ৰিমাণ্ডত গুৱাহাটীলৈ আনিব অসম আৰক্ষীৰ দলটোৱে৷ ইতিমধ্যে দীপাংকৰ বৰ্মনৰ ট্ৰেডিং গোচৰটো চি বি আইলৈ হস্তান্তৰ কৰাত মহানগৰ আৰক্ষীয়ে দীপাংকৰক গ্ৰেপ্তাৰৰ কৃতিত্ব ল’লেও প্ৰৱঞ্চকটোক চি বি আইক চমজাই দিব লাগিব৷ উল্লেখ্য, প্ৰৱঞ্চক দীপাংকৰক ইতিমধ্যে ৬ খন ৰাজ্যৰ আৰক্ষীয়ে ম’ষ্ট ৱাণ্টেড ঘোষণা কৰিছে৷ দীপাংকৰ বিৰুদ্ধে অসমৰ লগতে নাগালেণ্ড, তেলেংগানা, হাৰিয়ানা, কৰ্ণাটক আৰু ছিকিমতো গোচৰ ৰুজু হৈছে৷ হায়দৰাবাদ  আৰক্ষীয়ে দীপাংকৰ বৰ্মনৰ ডি বি ষ্টকৰ নামত কে পি এইচ বি ক’লনীত থকা এটা শাখা কাৰ্যালয় ইতিমধ্যে ছীল কৰি দিছে৷ চি বি আয়ে দীপাংকৰ বৰ্মনক চমজি ল’লেও আন ৰাজ্যৰ আৰক্ষীয়েও দীপাংকৰক জিম্মাত লোৱাৰ সম্ভাৱনা আছে৷ অভিযোগ অনুসৰি দীপাংকৰ বৰ্মনে ডি বি ষ্টকৰ জৰিয়তে অনলাইন ট্ৰেডিঙৰ নামত নিৰ্দিষ্ট বিনিয়োগৰ বিপৰীতে এমাহত ৭ শতাংশ, ছমাহত ৫৪ শতাংশ আৰু বছৰি ১২০ শতাংশকৈ লাভ দিয়াৰ প্ৰলোভন দি গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰি শেষত আত্মসাৎ কৰিছিল৷ ইতিমধ্যে দীপাংকৰ বিৰুদ্ধে ভুক্তভোগীয়ে চি বি আইৰ ওচৰতো অভিযোগো দাখিল কৰিছে৷

বিশাল-ৰঞ্জিতৰ অলংকাৰ, টিভি-লেপটপ লৈ গুৱাহাটীলৈ চিবিআই

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক : অনলাইন ট্ৰেডিং কেলেংকাৰিৰ মহাপ্ৰৱঞ্চক বিশাল ফুকন আৰু ৰঞ্জিত কাকতিৰ পৰা জব্দ কৰা সামগ্ৰী লৈ গুৱাহাটীলৈ ৰাওনা হ’ল চিবিআইৰ দল৷ ২৫ অক্টোবৰত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ৮ অভিযুক্তক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ নিয়াৰ পাছত অভিযুক্তসকলৰ পৰা জব্দ কৰা সামগ্ৰীসমূহ লৈ যোৱা হৈছে গুৱাহাটীলৈ৷ কালি চিবিআইৰ দলে বিশাল ফুকন, জিংকি মিলি, ৰাজীৱ বৰাৰ মালিকানাধীন ঔষধ কোম্পানী পাৰ্চেলীয়াৰ কাৰ্যালয়ত হঠাতে অভিযান চলায়৷ ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত থকা অমৰ কনষ্ট্ৰাকচনৰ কৃষ্ণা গোদাবৰী এপাৰ্টমেণ্টৰ ৭০৪ নম্বৰৰ ফ্লেটত থকা ঔষধৰ কাৰ্যালয়ত সোমাই চি বি আইৰ দলে তন্ন তন্নকৈ অভিযান চলায়৷ লেং চেম ইয়েং চেম নামৰ গৰাকীৰ পৰা পাৰ্চেলীয়াই ভাড়ালৈ লোৱা ২০৬ নম্বৰ ফ্লেটতো কালি দিনৰ ভাগত চিবিআইৰ দলে সমান্তৰালভাৱে অভিযান চলায়৷ প্ৰায় ৬ ঘণ্টা ধৰি চলোৱা অভিযানত পাৰ্চেলীয়াৰ বহু নথি-পত্ৰ, সামগ্ৰী জব্দ কৰে৷ অৱশ্যে আনুষ্ঠানিকভাৱে কোনোৱে একো তথ্য সদৰি কৰা নাই৷ আনহাতে সমগ্ৰ দেশ কঁপাই যোৱা অনলাইন ট্ৰেডিং কেলেংকাৰিৰ মূল প্ৰৱঞ্চক বিশাল ফুকন আৰু ৰঞ্জিত কাকতিৰ বিভিন্ন স্থানৰ পৰা জব্দকৃত বিভিন্ন সামগ্ৰী আজি ডিব্ৰুগড় সদৰ থানাৰ পৰা গুৱাহাটীলৈ লৈ যোৱা হৈছে৷ এই সামগ্ৰীসমূহৰ ভিতৰত বহু মূল্যৱান আ-অলংকাৰ, এলচিডি টিভি, লেপটপ, কাপোৰ, নথিপত্ৰ, দুটা ট্ৰাংক আৰু কেইবাটাও ট্ৰলী বেগ আছে৷ এখন বলেৰ’ আৰু এখন ইন’ভা গাড়ীত জব্দকৃত সামগ্ৰীসমূহ চিবিআইৰ এটা দলে কঠোৰ নিৰাপত্তাৰ মাজেৰে গুৱাহাটীলৈ লৈ যায়৷ উল্লেখযোগ্য যে ৰাজ্যৰ ৪১ টাকৈ গোচৰৰ লগতে ডিব্ৰুগড়ৰ সদৰ আৰক্ষী থানাৰ ৩৫২/২৪ আৰু ৩৫৪/২৪ নম্বৰৰ গোচৰ দুটা লৈছিল চিবিআইয়ে৷ বিগত ১৮ অক্টোবৰত ডিব্ৰুগড়ত চিবি আইৰ পাঁচজনীয়া দল উপস্থিত হোৱাৰ লগতে ২২ অক্টোবৰত পুনৰ সাতজনীয়া দল উপস্থিত হৈছিল৷ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত থকা বিশাল ফুকন, ৰঞ্জিত কাকতি, চুমি বৰা, তাৰ্কিক বৰা, অম্লান বৰাসহ আঠজনক লৈ গৈছিল ২৫ অক্টোবৰত৷ ইয়াৰ পাছতে আজি জব্দকৃত সামগ্ৰীসমূহ চিবিআই দলটোৱে লৈ যায় এখন ইন’ভা আৰু বলেৰ’ৰ জৰিয়তে৷ আনহাতে বিশালৰ জব্দকৃত আঠখন বিলাসী বাহনসহ ৰঞ্জিত কাকতিৰ দুখন অ’ডি বাহন বৰ্তমানেও ডিব্ৰুগড় সদৰ থানাতে আছে৷