গুজৰাটত স্পেইন-ভাৰতৰ সামৰিক বিমান নিৰ্মাণ প্ৰকল্প
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৯ অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্যত নিৰ্মাণ হ’ব দেশৰ প্ৰথমটো বেচৰকাৰী খণ্ডৰ সামৰিক পৰিৱহন বিমান নিৰ্মাণ কাৰখানা৷ স্পেইনৰ এয়াৰবাছৰ সৈতে টাটা গোষ্টীয়ে এই কাৰখানাত নিৰ্মাণ কৰিব চি-২৯৫ সামৰিক পৰিৱহণ বিমান৷ এয়াৰ বাছ আৰু টাটা এডভান্সড চিষ্টেম লিমিটেডৰ যুটীয়া প্ৰচেষ্টাত নিৰ্মাণ কৰিবলগীয়া এই সামৰিক পৰিৱহণ বিমান কাৰখানাই দেশৰ এৰোস্পেচ উদ্যোগ খণ্ডত এক নতুন দিগন্তৰ সূচনা কৰিব৷
সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ ৰাষ্ট্ৰপতি পেড্ৰো ছানৰেজে এই প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ চি-২৯৫ নামৰ এই সামৰিক পৰিৱহণ বিমানৰ নক্সা তৈয়াৰ কৰিছে স্পেইনৰ ‘এয়াৰবাছ ডিফেন্স এণ্ড স্পেচে৷’ এই বিমানে দেশৰ সামৰিক বাহিনীক কাৰিকৰিভাৱে শক্তিশালী কৰি তুলিব৷ চি-২৯৫ বিমান সেনা কঢ়িওৱাৰ উপৰি কাৰ্গো পৰিৱহন, ঔষধ যোগান, সমুদ্ৰৰ পহৰাত ব্যৱহূত হ’ব৷ চি-২৯৫ সামৰিক বাহিনীত অন্তৰ্ভুক্ত কৰাৰ লগে লগে প্ৰাচীন ছোভিয়েট এণ্ট’নভ এএন-৩২ আৰু এইচএএলত নিৰ্মাণ কৰা এভ্ৰ’ ৭৪৮ পৰ্যায়ক্ৰমে বিদায় দিয়া হ’ব৷