হাৱালাযোগে দীপাংকৰলৈ লাখ লাখ টকা, আঁৰত কোন
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ অক্টোবৰ : ডি বি ষ্টক কনচালটেন্সীৰ স্বত্বাধিকাৰী মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন মহানগৰ আৰক্ষীৰ জালত পৰাৰ পাছতেই কিছু হ’লেও আশাৰ ৰেঙণি দেখা পাইছে হাজাৰ হাজাৰ বিনিয়োগকাৰীয়ে৷ অনলাইন ট্ৰেডিঙৰ নামত শ শ কোটি টকা আত্মসাৎ কৰি আত্মগোপন কৰা কুখ্যাত দীপাংকৰ বৰ্মনক দেওবাৰে সন্ধিয়া গুৱাহাটী আৰক্ষীৰ এটা দলে গোৱাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ গোৱাৰ ৰাজধানী চহৰ পানাজিৰ পৰা বহু আঁতৰৰ হাৱালাযোগে দীপাংকৰলৈ ভিতৰুৱা আৰাম্বল বীচৰ কাষৰ পাৰনেমৰ এটা হোম ষ্টেত আত্মগোপন কৰি থকা দীপাংকৰক নগদ ২৭ লাখ টকাসহ গ্ৰেপ্তাৰ কৰিছিল গুৱাহাটী আৰক্ষীৰ দলটোৱে৷ দীপাংকৰ বৰ্মন আৰক্ষীৰ জালত পৰাৰ পাছতেই প্ৰৱঞ্চকটোৱেই হাৱালাৰ জৰিয়তে ধন সংগ্ৰহ কৰি পলাই ফুৰিবলৈ সক্ষম হোৱা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ হাৱালাৰ জৰিয়তে ধন প্ৰদানত দীপাংকৰ প্ৰেয়সী মনালিচা দাসৰ ভগ্নী অঞ্জলী দাস আৰু দীপাংকৰ চাৰ্টাড একাউণ্টেণ্ট মহেশ আগৰৱালা জড়িত থকাৰ লগতে গুৱাহাটীৰ দুজন হাৱালা এজেণ্টৰো সম্পৰ্ক পোহৰলৈ আহিছে৷ লক্ষণীয়ভাৱে এই হাৱালা চক্ৰৰ সম্পৰ্ক পোহৰলৈ অহাৰ পাছতেই ইতিমধ্যে মহানগৰ আৰক্ষীয়ে দীপাংকৰৰ প্ৰেয়সীৰ ভগ্নী অঞ্জলী দাস আৰু চাৰ্টাড একাউণ্টেণ্ট মহেশ আগৰৱালাক গ্ৰেপ্তাৰ কৰিছে৷ উল্লেখ্য, দীপাংকৰ বৰ্মনে অনলাইন ট্ৰেডিং ডি বি ষ্টকৰ নামত প্ৰৱঞ্চনা কৰা বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পাছতেই বিপদৰ উমান পাই বিগত ১৮ আগষ্টতে গুৱাহাটীৰ পৰা পলায়ন কৰিছিল৷১৮ আগষ্টত বৰঝাৰ বিমানবন্দৰৰ পৰা বিয়লি ভাগত প্ৰথমে মুম্বাইলৈ ৰাওনা হৈছিল দীপাংকৰে৷ মুম্বাইৰ পৰা দীপাংকৰে প্ৰেয়সী মনালিচা দাস আৰু প্ৰেয়সীৰ ভগ্নী অঞ্জলী দাসৰ লগত যোগাযোগ কৰিছিল৷ ইয়াৰ পাছতেই মুম্বাইৰ পৰা গৈ ১৯ আগষ্টত গোৱাত উপস্থিত হৈছিল দীপাংকৰ বৰ্মন৷ কিন্তু ২২ আগষ্টত ডি বি ষ্টক কেলেংকাৰিৰ সন্দৰ্ভত পল্টন বজাৰ আৰক্ষীয়ে ২৮৮/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি প্ৰথমে দীপাংকৰৰ প্ৰেয়সী মনালিচা দাসক গ্ৰেপ্তাৰ কৰে৷ ইফালে আৰক্ষীয়ে গোচৰটো পঞ্জীয়নৰ এদিন পূৰ্বে প্ৰেয়সী মনালিচাক প্ৰাথমিক সোধা-পোছা কৰাৰ খবৰ লাভৰ পাছতেই দীপাংকৰে আত্মগোপনৰ সুবিধাজনক স্থান হিচাপে চিহ্নিত কৰি গোৱাৰ গোপন স্থানত অৱস্থান গ্ৰহণ কৰিছিল৷ ইয়াৰ পাছতেই দীপাংকৰে গোৱাৰ পৰা চাৰ্টাড একাউণ্টেণ্ট মহেশ আগৰৱালাৰ সৈতে যোগাযোগ কৰি হাৱালাৰ জৰিয়তে ধন প্ৰেৰণৰ বাবে নিৰ্দেশ দিয়ে৷ এই ধন চি এ জনক যোগান ধৰিবলৈ প্ৰেয়সী মনালিচাৰ ভগ্নী অঞ্জলীক নিৰ্দেশ দিছিল দীপাংকৰে৷
সেই অনুসৰি গুৱাহাটীৰ পৰা হাৱালাৰ জৰিয়তে অঞ্জলীয়ে চি এ মহেশ আগৰাৱালৰ যোগেদি প্ৰেৰণ কৰা ধন গোৱাৰ পানাজিত নিৰ্দিষ্ট হাৱালা এজেণ্টৰ পৰা ২২ আগষ্টত সংগ্ৰহ কৰিছিল দীপাংকৰে৷ উল্লেখ্য, ভাৰতৰ অন্যতম অৱসৰ-বিনোদনৰ প্ৰাণকেন্দ্ৰ গোৱাত আটাইতকৈ সুলভ হাৱালাৰ লেনদেন৷ গোৱাত ফুৰিবলৈ যোৱা বিভিন্নজনে হাৱালাৰ এজেণ্টৰ জৰিয়তে উৎসবিহীন ধন হস্তান্তৰ কৰি আহিছে৷ হাৱালা এজেণ্টৰে যোগাযোগ কৰি দিয়াৰ বাবে গোৱাৰ হোটেল, ল’জসমূহত দালালৰ অভাৱ নাই৷ এনে দালালক কমিছন দি হাৱালাৰ এজেণ্টক সাক্ষাৎ কৰিলেই দেশৰ লগতে বিদেশৰ যিকোনো স্থানৰ পৰা গোৱাত সহজে ধন লাভ কৰিব পাৰে৷ গোৱাৰ হাৱালা এজেণ্টে দিয়া নিৰ্দিষ্ট চহৰৰ এজেণ্টক ধন জমা দিয়াৰ পাছতেই গ্ৰাহকজনে গোৱাত লাভ কৰে ধন৷ এনে দালালৰ সহায়ত হাৱালাৰ জৰিয়তে বৃহৎ অংকৰ ধন সংগ্ৰহ কৰিছিল দীপাংকৰে৷ গোৱাৰ হাৱালাৰ এজেণ্টৰূপী এজন ব্যৱসায়ীৰ পৰা বিগত ২২ আগষ্টৰ দিনৰ ১.৫০ বজাত হাৱালাৰ ধন সংগ্ৰহৰ দৃশ্য চি চি টি ভি ফুটেজত বন্দী হৈছে৷ এজেণ্টজনৰ পৰা এটা বেগত ধনখিনি লৈ যোৱা দেখা গৈছিল দীপাংকৰক৷ ২১ ছেপ্টেম্বৰত চি এ মহেশ আগৰাৱালা আৰু ২৫ ছেপ্টেম্বৰত প্ৰেয়সী মনালিচাৰ ভগ্নী অঞ্জলী দাসক গ্ৰেপ্তাৰৰ পাছতেই প্ৰৱঞ্চকটোৱে হাৱালাৰ জৰিয়তে ধন সংগ্ৰহৰ তথ্য লাভ কৰিছিল গুৱাহাটী আৰক্ষীয়ে৷ ডিজিটেল তথ্য-প্ৰমাণৰ ভিত্তিত গোৱাতে ঘনে ঘনে স্থান সলাই দীপাংকৰে অৱস্থান লোৱাৰ তথ্য নিশ্চিত হোৱাৰ পাছত কুৰিদিন পূৰ্বে মহানগৰ আৰক্ষীৰ এটা দল গোৱালৈ ৰাওনা হৈছিল৷ আৰক্ষীৰ দলটোৱে গোৱাত দুটা সপ্তাহ বিভিন্ন স্থানত অভিযান চলাই যদিও দীপাংকৰৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাছিল৷ কিয়নো অতি চতুৰ দীপাংকৰে ২-৩ দিনৰ মূৰে মূৰে ঠিকনা সলনি কৰাৰ লগতে মোবাইল, ই-মেইল, হোৱাটএপ, মেচেঞ্জাৰ আদি কোনো ডিডিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰা নাছিল৷ যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰক্ষীৰ দলটোৱে দীপাংকৰৰ সন্ধান দিয়াৰ বাবে গোৱাৰ স্থানীয় এজন এজেণ্ট নিয়োগ কৰে৷ অৱশেষত এই এজেণ্টজনে দীপাংকৰৰ অৱস্থিতি নিশ্চিত কৰি সাক্ষাৎ কৰাৰ বাবে প্ৰস্তাৱ দিয়ে৷ গুৱাহাটী আৰক্ষীৰ পৰিকল্পনামতে এজেণ্টজনক দেওবাৰে সন্ধিয়া সাক্ষাৎ কৰিবলৈ অহাৰ সময়তে দীপাংকৰক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পাছতেই দীপাংকৰে আশ্ৰয় লোৱা হোম ষ্টেৰ কোঠাটোত অভিযান চলাই হাৱালাৰ জৰিয়তে সংগ্ৰহ কৰা অৱশিষ্ট ২৭ লাখ টকা জব্দ কৰে৷ অৱশ্যে, দীপাংকৰৰ বিৰুদ্ধে পল্টন বজাৰ থানাত ৰুজু হোৱা ২৮৮/২০২৪ নম্বৰ গোচৰটো তদন্তৰ ভাৰ ইতিমধ্যে চিবিআইলৈ হস্তান্তৰ কৰাত পল্টন বজাৰ আৰক্ষীয়ে নিজাববীয়াকৈ ৩৭৪/২০২৪ নম্বৰত দ্বিতীয় এটা গোচৰ ৰুজু কৰি দীপাংকৰক গ্ৰেপ্তাৰ কৰে৷ এই গোচৰটোত সোমবাৰে গুৱাহাটী আৰক্ষীয়ে প্ৰৱঞ্চক দীপাংকৰক গোৱাৰ পাৰনেম আদালতত হাজিৰ কৰোৱাই ৩ দিনৰ ট্ৰেনজিত ৰিমাণ্ডত লৈছে৷ কাইলৈ বিমানযোগে গুৱাহাটীলৈ আনিব দীপাংকৰ বৰ্মনক৷
গুৱাহাটীৰ পৰা হাৱালাৰ জৰিয়তে দীপাংকৰলৈ ধন পঠিয়াইছিল বান্ধৱীয়ে
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক : বিশেষ কাৰিকৰী দিশ বিশ্লেষণ কৰি প্ৰবঞ্চক দীপাংকৰ বৰ্মনক গোৱাত গ্ৰেপ্তাৰ কৰা হৈছে৷ দীপাংকৰ বৰ্মনৰ খৰচৰ বাবে এগৰাকী বান্ধৱীয়ে গুৱাহাটীৰ পৰা ২৭ লাখ টকা হাৱালাৰ জৰিয়তে দীপাংকৰ লৈ প্ৰেৰণ কৰিছিল৷ –এইদৰে কয় গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই৷ গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত আজি আয়োজন কৰা এক সংবাদ মেলত ভাগ লৈ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে পল্টন বজাৰ থানাত আৰু এটা নতুন গোচৰ ৰুজু কৰা হৈছে৷ ট্ৰেডিঙৰ নামত কোটি কোটি টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত পৰা প্ৰৱঞ্চক দীপাংকৰ বৰ্মনক ট্ৰেনজিট ৰিমাণ্ডত লৈ গুৱাহাটীলৈ অনা হ’ব৷ এই মন্তব্য কৰি গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে ডি বি ষ্টক নামৰ প্ৰতিষ্ঠানটোৰ জৰিয়তে দীপাংকৰ বৰ্মনে বহু লোকৰ কষ্টোপাৰ্জিত ধন আত্মসাৎ কৰি ১৮ আগষ্টত গুৱাহাটী এৰি পলায়ন কৰিছিল৷ দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে ২২ আগষ্টত পল্টন বজাৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু হৈছিল৷ যিটো গোচৰ বৰ্তমান চি বি আইলৈ হস্তান্তৰ কৰা হৈছে৷ সেই গোচৰটোত দীপাংকৰৰ পিতৃ-মাতৃ, প্ৰেয়সী আৰু প্ৰেয়সীৰ ভগ্নী আৰু এজন চিএক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে৷ দীপাংকৰ বৰ্মনৰ পলায়ন সন্দৰ্ভত আৰক্ষী আয়ুক্ত জনে কয়– ২২ আগষ্টত পল্টন বজাৰ আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ পূৰ্বে ১৮ আগষ্টত পলায়ন কৰিছিল দীপাংকৰে৷ ২১ আগষ্টৰ পৰা সামাজিক মাধ্যম ব্যৱহাৰৰ পৰা বিৰত আছিল দীপাংকৰ৷ যাৰ বাবে দীপাংকৰ বৰ্মনক ধৰিব পৰা হোৱা নাছিল৷ পূৰ্বেও গোৱাত মহানগৰ আৰক্ষীয়ে দুসপ্তাহ বাহৰ পাতি দীপাংকৰ বৰ্মনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল৷ শনিবাৰে গোৱাৰ এটা হোমষ্টেত দীপাংকৰ থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে৷ দেওবাৰে পুৱা পাণবজাৰৰ এচিপি অমিত মাহাতোৰ নেতৃত্বত আৰক্ষীৰ দল এটা গৈ গোৱা ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত দীপাংকৰক দেওবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰে৷ গোৱা চহৰৰ পৰা প্ৰায় ৭০-৮০ কিলোমিটাৰ দূৰৈৰ নৰ্থ গোৱাৰ পাৰনেম আৰক্ষী থানাৰ অন্তৰ্গত এটা হোমষ্টেত অকলশৰে আছিল দীপাংকৰ৷ এই অভিযানত ২৭ লাখ টকাৰো অধিক নগদ ধন, সোণৰ অলংকাৰ আৰু পাছপোৰ্ট জব্দ কৰা হয়৷ আজি পাৰনেম আদালতত হাজিৰ কৰোৱা হৈছে দীপাংকৰ বৰ্মনক৷ তাৰ পৰা ট্ৰেনজিট ৰিমাণ্ড লৈ গুৱাহাটীৰ আদালতত হাজিৰ কৰোৱা হ’ব৷ তাৰ পাছত আৰক্ষীয়ে নিজৰ জিম্মাত লৈ অনুসন্ধান চলাব৷ পল্টন বজাৰ থানাত দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে পুনৰ ৩৭৪/২৪ নম্বৰত নতুনকৈ গোচৰ এটা ৰুজু কৰা হৈছে৷