দক্ষিণ আফ্ৰিকা ভ্ৰমণত ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্বত লক্ষ্মণ
নতুন দিল্লী, ২৯ অক্টোবৰ: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অংশ ল’ব লগা আসন্ন টি-টুৱেণ্টী শৃংখলাত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থাকিব প্ৰাক্তন ক্ৰিকেটাৰ ভি ভি এছ লক্ষ্মণ৷ নৱেম্বৰত ভাৰতীয় দলে ভ্ৰমণটোত চাৰিখনীয়া মেচৰ টি-টুৱেণ্টী শৃংখলাত অংশ ল’ব৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলা চলি থকাৰ সময়তে ভাৰতীয় টেষ্ট দল অষ্টে˜লিয়ালৈ ৰাওনা হ’ব৷ সেই দলৰ সৈতে যাব গৌতম গম্ভীৰ৷ সেয়ে তেওঁ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পৰা বাহিৰত থাকিব৷ দক্ষিণ আফ্ৰিকা ভ্ৰমণ ভাৰতীয় দলৰ মূল সূচীত নাছিল৷ কিন্তু বি চি চি আই আৰু ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ মাজৰ আলোচনাৰ মৰ্মে টি-টুৱেণ্টী শৃংখলাটোৰ আয়োজন কৰা হৈছে৷ ডাৰবান, গেবেহা, চেঞ্চুৰিয়ন আৰু জোহানেছবাৰ্গত টি-টুৱেণ্টী কেইখন অনুষ্ঠিত হ’ব ক্ৰমে ৮, ১০, ১৩ আৰু ১৫ নৱেম্বৰত৷ নৱেম্বৰৰ চাৰি তাৰিখে ভাৰতীয় দল দক্ষিণ আফ্ৰিকালৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে৷
আনহাতে, ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অংশ লোৱাৰ বাবে ভাৰতীয় টেষ্ট দল ১০ বা ১১ নৱেম্বৰত অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব৷ সেয়ে দুটা দলৰ বাবে পৃথক প্ৰশিক্ষক ৰখা হৈছে৷ দক্ষিণ আফ্ৰিকা ভ্ৰমণত লক্ষ্মণৰ সৈতে থাকিব নেশ্বনেল ক্ৰিকেট একাডেমীৰ ষ্টাফ ছৈৰাজ বহুতুলে, হৃষিকেশ কানিটকাৰ আৰু শুভদীপ ঘোষ৷ এই প্ৰশিক্ষকসকল শেহতীয়াকৈ এছিয়া ইমাৰ্জিং কাপত অংশ লোৱা ভাৰত ইমাৰ্জিং টীমৰ সৈতে জড়িত আছিল৷ উল্লেখ্য, সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত টি-টুৱেণ্টী শৃংখলাৰ বাবে বি চি চি আইয়ে ১৫ জনীয়া সদস্যৰ ভাৰতীয় দল ঘোষণা কৰিছিল ২৫ অক্টোবৰত৷ আই পি এলৰ নিলামৰ পূৰ্বে শৃংখলাটোত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ সুযোগ পাব ভাৰতীয় খেলুৱৈসকলে৷