Logo
image

সময়চক্ৰ সলনি হ’ব লোকপিয়লৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩০ অক্টোবৰ : চাৰিবছৰ পিছুৱাই থাকি অৱশেষত লোকপিয়লৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ৷ ২০২৫ চনত হ’ব ভাৰতৰ ৰাষ্ট্ৰজোৰা লোকপিয়ল৷ ২০২৬ চনলৈকে অব্যাহত থাকিব এইবাৰৰ লোকপিয়ল প্ৰক্ৰিয়া৷ ২০২৬ চনত লোকপিয়লৰ তথ্য আৰু পৰিসংখ্যা প্ৰকাশ কৰিব চৰকাৰে৷ প্ৰকৃততে৷ ২০২১ চনতে হব লাগিছিল ভাৰতৰ লোকপিয়ল৷ ভাৰতত প্ৰতিটো দশকৰ অন্তত হয় লোকপিয়ল৷ ১৮৭২ চনৰ পৰা দেশত লোকপিয়ল হৈ আছিল৷ কিন্তু ক’ভিড অতিমাৰীৰ বাবে ২০২১ত লোকপিয়ল কৰা সম্ভৱ হৈ নুঠিল ভাৰতত৷ ২০২২ত ক’ভিড নিশ্চিহ্ন হ’লেও বিগত ৩ বছৰ কোনো কাৰণ নোহোৱাকৈ মোদী চৰকাৰে পিছুৱাই থাকিল লোকপিয়ল৷ অৱশ্যে এতিয়াও চৰকাৰীভাৱে লোকপিয়লৰ বিষয়ে চৰকাৰী ঘোষণা কৰা নাই৷ কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰ উদ্ধৃত কৰি দেশৰ আগশাৰীৰ সংবাদমাধ্যমে প্ৰকাশ কৰিছে লোকপিয়ল ২০২৫ চনত কৰাৰ খবৰ৷ চাৰিবছৰ লোকপিয়ল ৰাজনৈতিক কাৰণতে পিছুৱাই ৰখা মোদী চৰকাৰে সলনি কৰিব লোকপিয়লৰ সময়চক্ৰ৷ এতিয়াৰ পৰা প্ৰতিটো দশকৰ অন্তত নহয়, একোটা দশকৰ মাজতে হ’ব লোকপিয়ল৷ যিদৰে এইবাৰ ২০২৫ চনত লোকপিয়ল হ’ব, সেইদৰে ভৱিষ্যতে হ’ব ২০৩৫, ২০৪৫, ২০৫৫ ... চনত আৰু এনেদৰেই আগবাঢ়িব লোকপিয়ল৷ বিৰোধী দলৰ মতে ৰাজনৈতিক কাৰণতে মোদী চৰকাৰে কৰা নাই লোকপিয়ল৷ অভিযোগ মতে, দেশৰ জনগাঁথনিৰ প্ৰকৃত খবৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধীক জনোৱাৰ ইচ্ছা নাছিল বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ৷


এই অভিযোগ কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীৰ৷ বিগত ৩ বছৰ ধৰি এই তিনি দলৰ উপৰি এনডিএত যোগ দিয়া নীতিশ কুমাৰৰ জেডি [ইউ] দলেও লোকপিয়লৰ বাবে হেঁচা দিছিল মোদী চৰকাৰক৷ অৱশেষত দীৰ্ঘ চাৰিবছৰ স্থগিত ৰাখি লোকপিয়লৰ বাবে সাজু হৈছে মোদী চৰকাৰ৷ ৰাষ্ট্ৰজোৰা লোকপিয়ল ২০২৫ চনত সম্পন্ন হোৱাৰ পাছত ২০২৬ চনত লোকপিয়লৰ তথ্য প্ৰকাশ কৰিব চৰকাৰে আৰু এই লোকপিয়লৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই পুনৰবিন্যাস কৰা হ’ব দেশৰ সকলো লোকসভাৰ সমষ্টি৷ অৰ্থাৎ ২০২৯ চনৰ লোকসভাৰ নিৰ্বাচন হ’ব সম্পূৰ্ণ নতুনকৈ নিৰ্সধাৰণ কৰা সমষ্টিত৷ সেইমতে বাঢ়িব লোকসভাৰ সমষ্টিৰ সংখ্যাও৷ জনসংখ্যাৰ ঘনত্ব অনুসৰি হ’ব সমষ্টিৰ সংখ্যাৰ পৰিৱৰ্তন৷ অৱধাৰিতভাৱে ২০২৯ চনত সলনি হৈ পৰিব দেশৰ সাধাৰণ নিৰ্বাচনৰো ৰূপৰেখা৷  এই সকলোৱেই নিৰ্ভৰ কৰিব অহাবছৰৰ লোকপিয়লৰ পৰিসংখ্যাৰ ওপৰত৷ প্ৰথমবাৰৰ বাবে এইবাৰ লোকপিয়লত দেশৰ নাগৰিকক সোধা হ’ব পাৰে — তেওঁৰ সম্প্ৰদায় কি? অৱশ্যে এতিয়াও জাতিভিত্তিক লোকপিয়লৰ চূড়ান্ত সিদ্ধান্ত লোৱা নাই মোদী চৰকাৰে৷ নীতিশ কুমাৰৰ জেডি (ইউ), লোক জনশক্তি পাৰ্টীকে (ৰামবিলাস) ধৰি বিহাৰৰ ৰাজনৈতিক দলে জাতিভিত্তিক লোকপিয়ল দাবী কৰি আহিছে৷ তেওঁলোকৰ মতে, জাতিভিত্তিক লোকপিয়ল হ’লে পিছপৰা সম্প্ৰদায়ৰ উন্নয়নৰ দিশত চৰকাৰে সঠিক সিদ্ধান্ত ল’ব পাৰিলেহেঁতেন৷ তাতো আপত্তি আছে বিজেপি আৰু আৰএছএছৰ৷ সেয়ে জাতিভিত্তিক গণনাৰ চূড়ান্ত সিদ্ধান্ত লোৱা নাই মোদী চৰকাৰে৷ কংগ্ৰেছ দলে অৱশ্যে চৰকাৰী ঘোষণাৰ পূৰ্বে বিচাৰিছে সৰ্বদলীয় বৈঠক৷ যাতে লোকপিয়লত নাগৰিকৰ পৰা আহৰণ কৰিবলগীয়া তথ্যৰ ক্ষেত্ৰত ঐক্যমত্য থাকে৷