চামগুৰিৰ ৰাইজে এইবাৰ কংগ্ৰেছক বাই বাই দিবঃ ভৱেশ কলিতা
'আমাৰ অসম'ৰ চামগুৰিৰ প্ৰতিবেদক, ৩০অক্টোবৰঃ "চামগুৰি সমষ্টিটো বছৰ বছৰ ধৰি এজন বিশেষ ব্যক্তিয়ে শাসন কৰিলে ৷ যেনেদৰে উন্নয়ন হব লাগিছিল সেইয়া নহ’ল ৷ মাত্ৰ ৰাইজক অত্যাচাৰ চলালে৷ গতিকে চামগুৰিবাসী ৰাইজে এইবাৰ উপ-নিৰ্বাচনত কংগ্ৰেছক বাই বাই দি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰাব বুলি মোৰ বিশ্বাস আছে৷"- এই মন্তব্য ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ৷
নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত সুতাৰগাঁও পঞ্চায়তৰ অধীনৰ পহুকটা পানীগাঁৱৰ কুশল সংঘৰ নাট্য চ’ৰা আৰু বকুলতল নাট্য চ’ৰাত বুধবাৰে পৃথকে পৃথকে দুখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়৷ উক্ত বিশাল নিৰ্বাচনী সভা দুখনত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী বিমল বৰা, চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা, বিধায়ক হেমাংগ ঠাকুৰীয়াকে ধৰি বহু কেইজন নেতা উপস্থিত থাকে ৷ বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ সভাপতি বাবুল বৰাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী সভা দুখনত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ভাষণ প্ৰসংগত লগতে কয়, "কেন্দ্ৰতো বিজেপি চৰকাৰ আৰু ৰাজ্যতো বিজেপি চৰকাৰ৷ গতিকে চামগুৰি উন্নয়নৰ স্বাৰ্থত হ'ব লগা উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক চামগুৰিবাসী ৰাইজে বিপুল ভোটত জয় কৰাব লাগিব ৷ তেতিয়া চামগুৰিবাসী ৰাইজে বিচৰাতকৈ বেছি উন্নয়ন হ'ব৷ কাৰণ দিপ্লুৰঞ্জন শৰ্মাই ৰাইজৰ হকে কাম কৰিবলৈ আগবাঢ়ি আহিছে৷ ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছে৷ গতিকে আপোনালোকে আশীৰ্বাদ দিলে তেওঁ ৰাইজৰ কাৰণে কাম কৰিবলৈ সুবিধা পাব৷"
উক্ত সভাত উদ্যোগ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই ভাষণ প্ৰসংগত কয় যে চামগুৰিবাসী ৰাইজে সঠিক সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে৷ এই সঠিক সিদ্ধান্তই চামগুৰিৰ উন্নয়নৰ দিশ জড়িত হৈ আছে৷ নিৰ্বাচন আহিলে কিছুমান ৰাজনৈতিক দলে মানুহক বিভ্ৰান্ত কৰে ৷ সেই দলৰ মানুহৰ কথাত ভোল যাব নালাগে৷ কাৰণ বিজেপিয়ে সকলোকে জীয়াই থকাৰ প্ৰেৰণা দিয়ে৷ চামগুৰিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ চৰকাৰৰ ওচৰত দিপ্লুৰঞ্জন শৰ্মাৰ গুৰুত্ব আছে৷ গতিকে চামগুৰি উপ-নিৰ্বাচনত আমাৰ দলৰ প্ৰাৰ্থী জয়ী হ'লে চামগুৰি উন্নয়ন হ'ব৷ গতিকে বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক বিপুল ভোটত জয়যুক্ত কৰাব লাগিব।
উক্ত নিৰ্বাচনী সভা দুখনত বিধায়ক হেমাংগ ঠাকুৰীয়াই বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক বিপুল ভোটত জয়যুক্ত কৰাবলৈ ৰাইজক আহ্বান জনায়। উক্ত সভা দুখনত চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই ভাষণ প্ৰসংগত কয় যে ৰকিবুল হুছেইনে চামগুৰি সমষ্টিত যি ভয়-ভাবুকি ৰাজনীতি কৰিছিল, এতিয়া আৰু সেইদিনা নাই ৷ আমি হিংসা কেতিয়াও নিবিচাৰো ৷ সদায় শান্তি আৰু সমিদ্ধিশালী চামগুৰি বিচাৰো ৷ আপোনালোকে মোক যেনেকৈ এশ শতাংশ মৰম দিছে ,মই নিৰ্বাচনত জয়ী হ'লে আপোনালোকক এশ এক শতাংশ মৰম দিম ৷ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে যি প্ৰতিযোগিতামূলক পৰীক্ষা হয়, সেই পৰীক্ষাত উত্তীৰ্ণ হ'বৰ কাৰণে চামগুৰিত সমষ্টিত চাৰিটা জিলা পৰিষদৰ এলেকাত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ'ব ৷
নিৰ্বাচনী প্ৰচাৰ সভা দুখনত পুৰণিগুদাম মণ্ডল বিজেপিৰ সভাপতি মিণ্টু শৰ্মা, বিজেপিৰ কলিয়াবৰ জিলা যুৱ মৰ্চাৰ সভাপতি লক্ষীৰঞ্জন কাকতি, অগপ নেতা খগেন গায়নকে ধৰি বহুকেইজন বিজেপি আৰু অগপ নেতা উপস্থিত থাকে ৷ আনহাতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই গেন্ধালী অঞ্চলকে ধৰি চামগুৰি সমষ্টিৰ বহুকেইখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়।