সাংসদ ৰকিবুল হুছেইন নিৰুদ্দেশঃ ধুবুৰীৰ অলিয়ে-গলিয়ে পোষ্টাৰিং
'আমাৰ অসম'ৰ ধুবুৰীৰ প্ৰতিবেদক, ৩০ অক্টোবৰঃ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন নিৰুদ্দেশ হোৱা বুলি ধুবুৰী চহৰৰ অলিয়ে-গলিয়ে পোষ্টাৰ আৰি দিয়া পৰিলক্ষিত হৈছে। মঙলবাৰে নিশা অচিনাক্ত লোকে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন নিৰুদ্দেশ হোৱা বুলি চহৰখনৰ বিভিন্ন ঠাইত পোষ্টৰিং কৰাক লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা হোৱা দেখা গৈছে।
উল্লেখ্য যে যোৱা ২৬ অক্টোবৰৰ সন্ধিয়া ধুবুৰীৰ টিপকাই নদীত এখন যাত্ৰীবাহী নাও দুৰ্ঘটনাত পতিত হোৱাত এগৰাকী কন্যাশিশু নিহত হোৱাৰ লগতে ১০জনৰো অধিক লোক আহত হৈছিল। নাও দুৰ্ঘটনাত আহত, নিহত পৰিয়ালৰ খবৰ লোৱাৰ পৰিৱৰ্তে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে উপ-নিৰ্বাচনৰ বাবে চামগুৰিত পুত্ৰৰ হৈ প্ৰচাৰত ব্যস্ত থকাৰ অভিযোগ তুলি ধুবুৰী চহৰত ৰকিবুল হুছেইন নিৰুদ্দেশ হোৱা বুলি পোষ্টাৰিং কৰে অজ্ঞাত লোকে।
ইপিনে এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে ধুবুৰী জিলা কংগ্ৰেছে৷ বুধবাৰে ধুবুৰীস্থ ৰাজীৱ ভৱনত ধুবুৰী জিলা কংগ্ৰেছ কমিটিয়ে এই বিষয়ত এখন সংবাদ মেলৰো আয়োজন কৰে। উক্ত সংবাদমেলত উপস্থিত থাকে ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামান, গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ ছোভহান আলি সৰকাৰকে ধৰি জিলা কংগ্ৰেছৰ অন্যান্য কৰ্মকৰ্তাসকল। ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনক লৈ বিজেপিয়ে ভয় খাই এনে কাম কৰিছে বুলি মন্তব্য কৰে বিধায়ক ছোভহান আলী সৰকাৰে।
সংবাদমেলত বিধায়ক ছোভহানে কয় যে চামগুৰিত ৰেকৰ্ড সংখ্যাক ভোট পাই জয়ী হ'ব ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন। বিধায়কগৰাকীয়ে কয় যে এনে পোষ্টাৰক ধুবুৰীৰ ৰাইজে মুঠেই গুৰুত্ব নিদিয়ে। ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজৰ অন্তৰত সাংসদ ৰকিবুল হুছেইন সদায় আছে। ধুবুৰীৰ বাট-পথত পোষ্টাৰিং কৰি ৰাইজক বিপথে পৰিচালিত কৰা কাৰ্যক বিধায়কগৰাকীয়ে গৰিহণা দিয়ে।