Logo
image

কংগ্ৰেছ বিশ্বাসঘাতক! অখিল গগৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ অক্টোবৰ : উপ-নিৰ্বাচনৰ পূৰ্বে মিত্ৰতা ভংগ কৰি কংগ্ৰেছে সোধোৱা মাৰ পাহৰা নাই অখিল গগৈয়ে৷ কংগ্ৰেছক বিশ্বাসঘাতক আখ্যা দি অখিল গগৈয়ে কয়– ২০২১, ২০২৪ যিদৰে কংগ্ৰেছে আমাক ঠগিলে ২০২৬তো কংগ্ৰেছে আমাক ঠগিব৷ বিশ্বাসঘাটক কংগ্ৰেছ দলে কেৱল ক্ষমতাহে চিনি পায়৷ অসমৰ বহু মানুহে কংগ্ৰেছক ঘৃণা কৰে৷ বিহালীত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা নকৰে বুলি আমাৰ ১৬টা ৰাজনৈতিক দলক প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে৷ বিজেপিক হৰুৱাবলৈ কংগ্ৰেছৰ কোনো ষ্টেটেজী নাই৷ নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হ’ব৷ ইফালে, বৰপেটাত এক দলীয় সভাত ভাষণ দি অখিল গগৈয়ে কয়– মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল চাচা মামা৷ তেওঁলোক এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ বিধানসভাত ড॰ হিমন্ত বিশ্ব শৰ্মাই কেৱল অখিল গগৈকহে ভয় কৰে বুলিও বিধায়কগৰাকীয়ে দাবী কৰে৷ উল্লেখ্য, উপ-নিৰ্বাচনত অসম সন্মিলিত মৰ্চাই বিচাৰিছিল বিহালী সমষ্টিটো৷ বিনিময়ত কংগ্ৰেছৰ আন চাৰিটা সমষ্টিত সহায় কৰিব৷ সেইমতে কংগ্ৰেছ নেতৃত্বয়ো প্ৰথমে সন্মতি দিছিল৷ কিন্তু মনোনয়ন দাখিলৰ প্ৰায় অন্তিম মুহূৰ্তত কংগ্ৰেছে বিহালী সমষ্টিটো অসম সন্মিলিত মৰ্চাক এৰি নিদি নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰি দিয়াত থানবান হৈ গ’ল বিৰোধী ঐক্য৷ ফলত ‘তিনি গগৈ’ ফৰ্মূলাও যেন অৰ্থহীন হৈ পৰিল৷ দুদিন আগলৈকে এখন মঞ্চত সমবেত নেতৃত্বৰ মাজতে সৃষ্টি হ’ল বৃহৎ প্ৰভেদৰ৷ কাৰ্যতঃ বিহালীতেই বিৰোধী ঐক্যৰ ‘দি এণ্ড’ অৰ্থাৎ ইতিৰেখা পৰাৰ উপক্ৰম হ’ল৷ বৰ্তমানৰ দৰে পৰিস্থিতি অব্যাহত থাকিলে ২০২৬ চনলৈ নাথাকে বিৰোধী ঐক্য৷ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণাক লৈ বিজেপি বিৰোধী দলসমূহৰ মাজত সৃষ্টি হোৱা খাম-খেয়ালিৰ পাছত এই কথা স্পষ্ট হৈ পৰে৷ ইতিমধ্যে বিৰোধী ঐক্যৰ অন্তৰ্গত অন্যতম দল ৰাইজৰ দলৰ ফালৰ পৰা ১২৬টা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ব ঘোষণা কৰে দলটোৰ সভাপতি বিধায়ক অখিল গগৈয়ে৷ সোমবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত এইসন্দৰ্ভত এনেদৰে মন্তব্য কৰিছিল– ‘কেৱল সংখ্যালঘু এলেকাৰ বাহিৰে আন ঠাইত কংগ্ৰেছে বিজেপিক হৰুৱাব পৰা অৱস্থাত নাই৷ ভূপেন বৰা আৰু গৌৰৱ গগৈ তথা কংগ্ৰেছ দলে এটা ঐতিহাসিক ভুল সিদ্ধান্ত লৈছে৷ বিৰোধী দলসমূহক কংগ্ৰেছে বিশ্বাসঘাটকতা কৰিছে৷ তেওঁলোকে ১৬টা দলক প্ৰতিশ্ৰুতি দিয়াৰ পাছত আমাক অন্যায় কৰিলে৷ তেওঁলোকে নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাইছে৷ কংগ্ৰেছৰ মতিভ্ৰম হৈছে৷ গৌৰৱ গগৈৰ হিতলাৰী সিদ্ধান্তই বিৰোধী ঐক্যক অপমানিত কৰিছে৷ কংগ্ৰেছে অকলশৰে বিজেপিক পৰাভূত কৰিব নোৱাৰে৷ কংগ্ৰেছে নিজৰ ভুল উপলব্ধি নকৰিলে আৰ এছ এছৰ ফেচীবাদী ৰাজনীতি ৰুধিব নোৱাৰে৷ আনৰ কৰুণাৰে আঞ্চলিক দল চলিব বুলি যদি ভাবিছে, সেয়া ভুল কৰিছে৷ কংগ্ৰেছে নিজৰ ভুলৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে৷’


যোৰহাটৰ দৰে বিহালীতো বিজেপিৰ পতন হ’ব : গৌৰৱ

‘যিদৰে যোৰহাটত বিজেপিৰ পতন হ’ল, একেদৰে বিহালীতো বিজেপিৰ পতন হ’ব৷ বিহালীৰ ৰাইজে বিজেপিৰ অহংকাৰৰ পৰা পৰিত্ৰাণ বিচাৰিছে৷’– এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ৷ বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মঙলবাৰে বিহালীত এনেদৰে বিজেপিক সমালোচনা কৰি গৌৰৱ গগৈয়ে ভোটাৰ ৰাইজক উদ্দেশ্যি কয়– ‘চামগুৰিৰ দৰে বিহালীতো ভোটাৰক ভয়-ভাবুকি দি বিজেপিয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে৷ ছিণ্ডিকেটৰ গুণ্ডাবাহিনী নামি পৰিছে৷ মই ভোটাৰ ৰাইজক কওঁ–  স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যদি ভোট দিব বিচাৰে, আপোনালোকে কংগ্ৰেছ দললৈ আহক৷ আমি ৰামায়নত পঢ়িছিলো, যেতিয়াৰ পৰা ৰাবনৰ অহংকাৰ হৈছিল, তেতিয়াৰ পৰা ৰাৱন ধবংস হৈছিল৷ একেদৰে বিজেপিৰো অহংকাৰ পতন হ’ব৷ সাংসদ গৰাকীয়ে পুনৰ কয় এইখন চৰকাৰৰ দিনত পৰিবৰ্তনৰ নামত এটাই পৰিবৰ্তন হৈছে, মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু মন্ত্ৰী সকলে অসমৰ চুকে কোনে বাগানৰ মাটি কিনিছে৷ আনহাতে চৰকাৰী স্কুল বন্ধ কৰি গাৱৰ ভিতৰত মদৰ দোকান খুলিছে, অসমত আমাৰ চৰকাৰ আহিলে আমি গাৱৰ ভিতৰৰ মদৰ দোকান বন্ধ কৰি চৰকাৰী স্কুল খুলিম৷ অসমত আজি চৰকাৰ চলি থকা নাই, অসমৰ ভিতৰত এতিয়া ছিণ্ডিকট চলি আছে বুলি হে উল্লেখ কৰে সাংসদগৰাকীয়ে৷ আজি একেখিনি ভাবুকি বিজেপিয়ে যোৰহাটত দিছিল৷ বিজেপিৰ ভাবুকিক আপোনালোকে ভয় নকৰিব৷ যি দৰে যোৰহাটত বিজেপিৰ পতন হল, সেইয়া বিহালীতো হ’ব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে৷ ইফালে শাসকীয় দলৰ মন্ত্ৰী বিধায়ক আৰু অখিল গগৈৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ গৌৰৱ গগৈৰ সময় নাই আৰু চিন্তাও কৰা নাই বুলি সাংসদ গৌৰৱে গগৈয়ে মন্তব্য কৰে৷ উল্লেখ্য যে বিহালীৰ উপ-নিৰ্বাচনত পিছ পৰি থকা নাই কংগ্ৰেছ দল৷ শাসক দলৰ সমান্তৰাল ভাবে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ বিভিন্ন সমষ্টিৰ বিধায়ক প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰীৰে ভৰি পৰিছে বিহালী সমষ্টি৷ বিহালী সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ এতিয়া বিৰোধী দল তথা কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী, বিধায়ক সকল জঁপিয়াই পৰিছে নিৰ্বাচনী প্ৰচাৰ সভাত৷ আজিও কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীৰ হৈ সাংসদ গৌৰব গগৈ, বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়িকা শিবামনি বৰা, প্ৰাক্তন মন্ত্ৰী ৰিপুন বৰা সহ কংগ্ৰেছ দলৰ হাইপ্ৰফাইল নেতাই সমষ্টিটোৰ কেইবাটাও অঞ্চলত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি শাসকীয় দলটিক তীক্ষ্ণ সমালোচনাৰে থকা থকা-সৰকা কৰে৷