৩ দিনৰ চিবিআইৰ জিম্মাত বিশাল-চুমি-স্বপ্ননীল
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩১ অক্টোবৰ : সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত অনলাইন ট্ৰেডিং কেলেংকাৰিৰ গোচৰত অভিনেত্ৰী-কৰিঅ’গ্ৰাফাৰ চুমি বৰা আৰু চুমিৰ পাতি লোৱা ভায়েক বিশাল ফুকনক আনুষ্ঠানিকভাৱে নিজৰ জিম্মাত ল’লে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআয়ে৷ ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা ৩৫৪/২০২৪ নম্বৰৰ গোচৰটোত চুমি-বিশালসহ ৭ অভিযুক্তক বুধবাৰে গুৱাহাটীৰ চানমাৰিস্থিত চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱাই চিবিআইৰ তদন্তকাৰী বিষয়াই৷ ইতিপূৰ্বে আটাইকেইজন অভিযুক্তক ডিব্ৰুগড়ৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ অনুমতি লৈ গুৱাহাটীলৈ স্থানান্তৰ কৰিছিল চিবিআয়ে৷ ডিব্ৰুগড়ৰ সত্ৰ ন্যায়াধীশৰ আদালতে ৩০ অক্টোবৰত অভিযুক্তকেইজনক চিবিআইৰ আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ প্ৰদান কৰাত সেই অনুসৰিয়েই বুধবাৰে আটাইকেইজনকে চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱাই তদন্তকাৰী সংস্থাটোৱে৷ বুধবাৰে চানমাৰিৰ চিবিআইৰ বিশেষ আদালতে বিশাল ফুকনৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰৰ মূল অভিযুক্ত বিশাল ফুকন, বিশালে পাতি লোৱা বায়েক অভিনেত্ৰী-কৰিঅ’গ্ৰাফাৰ চুমি বৰা, চুমি বৰাৰ স্বামী ফটোগ্ৰাফাৰ তাৰ্কিক বৰা, তাৰ্কিকৰ ভাতৃ অম্লান বৰাৰ লগতে বিশালৰ মেডিচিন কোম্পানী পাৰ্চেলিয়াৰে জড়িত অভিজিত চন্দ্ৰা, চন্দন আৰু শুভ্রজ্যোতি কুৰ্মীক হাজিৰ কৰোৱা হয়৷ তদন্তকাৰী সংস্থাটোৱে আটাইকেইজন অভিযুক্তকে ৫ দিনৰ জিম্মাত বিচাৰি আবেদন জনাইছিল যদিও বিশেষ আদালতে ৩ দিনৰ বাবে অভিযুক্তকেইজনক চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰে৷
সেই অনুসৰি আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰিলে চুমি-বিশালসহ জ্জ অভিযুক্তক শনিবাৰে পুনৰ বিশেষ আদালতত হাজিৰ কৰোৱাব লাগিব৷ আনুষ্ঠানিকভাৱে জিম্মাত লোৱাৰ পাছতেই কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ নামত কিমান লোকৰ পৰা কিমান টকা সংগ্ৰহ কৰিছিল সেই সন্দৰ্ভত জেৰা কৰাৰ লগতে তথ্য উদ্ঘাটন কৰাৰ চেষ্টা চলাব বুলিও তদন্তকাৰী সংস্থাটোৱে জানিবলৈ দিছে৷ তদুপৰি বিশালে প্ৰৱঞ্চনাৰে সংগ্ৰহ কৰা ধন অভিনেত্ৰী চুমি বৰাই ক’ত কেনেকৈ ব্যয় কৰিছিল সেই সন্দৰ্ভতো জেৰা কৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে৷ চুমি বৰাৰ বিবাহত বিশালে কিমান টকা সংগ্ৰহ কৰিছিল, সেই সন্দৰ্ভতো সোধা-পোছা কৰি তথ্য উদ্ঘাটন কৰা হ’ব বুলি সদৰী কৰিছে তদন্তকাৰী বিষয়াই৷ ইয়াৰোপৰি বিশালৰ ট্ৰেডিং কোম্পানীত ধন বিনিয়োগ কৰা লোকসকলৰ তথ্য সংগ্ৰহৰ লগতে বিনিয়োগকাৰীৰ ধন উৎসৰ সন্দৰ্ভতো তদন্তত সাঙুৰি লোৱাৰ কথা ব্যক্ত কৰিছে তদন্তকাৰী বিষয়াই৷ ইফালে, দিছপুৰ থানাত পঞ্জীয়নভুক্ত এটা গোচৰৰ ভিত্তিত ইতিপূৰ্বে মহানগৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা স্বয়ম্ভ² ট্ৰেডিং গুৰু স্বপ্ননীল দাসকো বুধবাৰে চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱাই তদন্তকাৰী সংস্থাটোৱে৷ বিশেষ আদালতে স্বপ্ননীল দাসকো তিনিদিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰে৷ অভিযোগ অনুসৰি স্বপ্ননীল দাসে গুৱাহাটীত ছেবিৰ অনুমোদন অবিহনে ‘ট্ৰেডিং ফৰ এ লিভিং’ নামৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান খুলি নিজকে স্বয়ম্ভূ প্ৰশিক্ষক হিচাপে পৰিচয় দি আহিছিল৷ অনলাইন ট্ৰেডিং প্ৰশিক্ষণৰ নামত প্ৰশিক্ষাৰ্থীসকলক নিৰ্দিষ্ট কোম্পানীত বিনিয়োগৰ পৰামৰ্শ দি লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছিল স্বপ্ননীল দাসৰ বিৰুদ্ধে৷ স্বপ্ননীল দাসৰ বিৰুদ্ধে দিছপুৰ থানাত আই পি চি ৪২০/৪০৬ ধাৰা, বি ইউ এছ এৰ ২১(১)/২১(২)/২১(৩)/২২/২৩ ধাৰা আৰু বি এন এছৰ ৩১৬(২)/৩১৮(৪) ধাৰাত ৰুজু হোৱা ৯৩৪/২০২৪ নম্বৰত গোচৰটোৰ ভিত্তিতে দিছপুৰ আৰক্ষীয়ে স্বয়ম্ভূ ট্ৰেডিং গুৰুটোক গ্ৰেপ্তাৰ কৰিছিল৷ এই গোচৰটো পৰৱৰ্তী সময়ত চিবিআইলৈ হস্তান্তৰ কৰা হৈছিল৷