৬২ টকা দাম বৃদ্ধি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক,২ নৱেম্বৰ : দীপাৱলীৰ মাজতে দেশবাসীৰ বাবে এটা বেয়া খবৰ৷ নৱেম্বৰৰ প্ৰথমটো দিনতে বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম৷ ৰন্ধন গেছৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৬২ টকাকৈ বৃদ্ধি পাইছে৷ ১৯ কিলোগ্ৰাম ওজনৰ এল পি জি চিলিণ্ডাৰৰ দাম নতুনকৈ নিৰ্ধাৰণ কৰিছে তৈল কোম্পানীসমূহে৷ আই অ’ চি এলৰ ৱেবচাইটত প্ৰকাশ পোৱা অনুসৰি ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৬২ টকাকৈ বৃদ্ধি কৰাত দিল্লীত প্ৰতিটো চিলিণ্ডাৰৰ দাম ১,৮০২ টকালৈ বৃদ্ধি পায়৷ অথচ ইয়াৰ পূৰ্বে দেশৰ ৰাজধানী চহৰখনত ১,৭৪০ টকাত উপলব্ধ আছিল বাণিজ্যিক চিলিণ্ডাৰ৷ একেদৰে কলকাতাত পূৰ্বে ১,৮৫০.৫০ টকাত উপলব্ধ এল পি জি চিলিণ্ডাৰৰ দাম এতিয়া ১,৯১১.৫০ টকালৈ বৃদ্ধি পায়৷
লক্ষণীয়ভাৱে গুৱাহাটীত ১৯ কেজি ওজনৰ এল পি জি চিলিণ্ডাৰৰ দাম এতিয়া ২,০০১ টকালৈ বৃদ্ধি পালে৷ এদিন আগলৈকে গুৱাহাটীৰ ব্যৱসায়ী তথা গ্ৰাহকে ১,৯৪০ টকাতে ক্ৰয় কৰিছিল এই চিলিণ্ডাৰ৷ উল্লেখ্য, তেল কোম্পানীসমূহে খৰচ আৰু মূল্যবৃদ্ধিৰ ওপৰত ভিত্তি কৰি প্ৰতি মাহৰ প্ৰথমটো দিনত ৰন্ধন গেছৰ দাম নিৰ্ধাৰণ কৰি আহিছে৷ অৱশ্যে, বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পালেও ঘৰুৱা চিলিণ্ডাৰৰ মূল্য একেই আছে৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে বিগত ৰ অক্টোবৰতো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৪৮.৫০ টকাকৈ বৃদ্ধি কৰিছিল তেল কোম্পানীসমূহে৷