দিনে এশটা চিগাৰেট খোৱা শ্বাহৰুখে এৰি দিলে ধূমপান
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ নৱেম্বৰ : ‘ডেয়াৰ ইজ এ গুড থিং, আই এম নট স্মকিং এনিম’ৰ গাইজ৷ মুঝে লগা থা কি, আই উইল নট ফিল ছ’ ব্ৰেথলেছ, বাট আভি ভি ফিল কৰ ৰহা হু৷ ইনছাআল্লা, ৱ’ ভি ঠিক হো জায়েগা’–বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে ২ নৱেম্বৰত ৫৯সংখ্যক জন্মদিনত অনুৰাগীৰ ওচৰত প্ৰকাশ কৰা এই স্বীকাৰোক্তিয়ে অগণন সমৰ্থকক স্বস্তিৰ নিশ্বাস পেলাবলৈ সুযোগ সৃষ্টি কৰি দিছে৷ কি কৈছিল শ্বাহৰুখে? শ্বাহৰুখে শনিবাৰৰ জন্মদিনৰ এটা সৰু অনুষ্ঠানত তেওঁৰ সীমিতসংখ্যক অনুৰাগীক কৈছিল–‘এটা ভাল খবৰ আছে৷ মই চিগাৰেট হোপাৰ অভ্যাস ত্যাগ কৰিছো৷ মোৰ এনে লাগিছিল, চিগাৰেট এৰিলেই উদ্বিগ্নতাৰ চাপ নোহোৱা হৈ যাব৷ কিন্তু মোৰ শৰীৰত তাৰ প্ৰভাৱ এতিয়াও আছে৷ ভগৱানৰ ইচ্ছাত সেয়া ঠিক হৈ যাব৷’
দেশৰ যুৱক-কিশোৰক ৰোমান্তিকতাৰ আৱেশ শিকোৱা, এতিয়া একচনধৰ্মী দৃশ্যৰে অনুৰাগীৰ ওচৰত হি-মেন হৈ পৰা শ্বাহৰুখ খানে দৈনিক ১০০টা চিগাৰেট হোপাব কথাই তেওঁৰ বহু সমৰ্থকক উদ্বিগ্ন কৰি ৰাখিছিল৷ তদুপৰি তেওঁ দিনটোত খাইছিল ৩০ কাপকৈ ক’ফি৷ ৰাষ্ট্ৰীয় টিভিৰ এটা অনুষ্ঠানত এদিন তেওঁ অকপটভাৱে কৈছিল–‘মই দিনে ১০০টা চিগাৰেট হোপো৷ মই খাবলৈ পাহৰি যাওঁ৷ মই পানী নাখাও৷ মই দিনে ৩০ কাপ ব্লেক ক’ফি খাও৷ তথাপি মোৰ ছিক্স-পেক আছে৷ মই মুঠেই মোৰ নিজৰ যত্ন নলওঁ৷’শ্বাহৰুখ খানৰ সেই স্বীকাৰোক্তি যিমানেই অকপট নহওঁক কিয়, তেওঁ দৈনিক ১০০ টা চিগাৰেট হোপাৰ কথাই বহু অনুৰাগীক অসন্তুষ্ট কৰি তুলিছিল৷ তেওঁৰ সেই ঘোষণা বহুতেই ভাল পোৱা নাছিল৷ সমালোচনাও হৈছিল প্ৰচুৰ৷ কিয়নো চেলেব্ৰিটীক অনুকৰণ কৰা লোকৰ দেশত অভাৱ নাই, লাগিলে সেয়া বেয়া অভ্যাসেই হওক৷ কিন্তু ৫৯ নম্বৰ জন্মদিনত শ্বাহৰুখ খানে চিগাৰেট ত্যাগ কৰাৰ যি আচম্বিত ঘোষণা কৰিলে, সেই ঘোষণাই অনেককে তৃপ্ত কৰিছে৷ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে সেই ভিডিঅ’ ক্লিপ৷ অগণন অনুৰাগীয়ে তেওঁৰ সিদ্ধান্তক আদৰণি জনাইছে৷ কিয়নো ৰোমাণ্টিক-একচন হিৰোৰ এই ঘোষণাই সকলোলৈকে দিছে এটা চমৎকাৰ বাৰ্তা৷