অলিম্পিকত স্বৰ্ণজয়ী ইমানে খালিফৰ শৰীৰত পুৰুষৰ ক্ৰম’জম
পেৰিছ, ৬ নৱেম্বৰ : পেৰিছ অলিম্পিকৰ মহিলাৰ বক্সিঙত স্বৰ্ণপদক লাভ কৰা আলজেৰিয়াৰ বক্সাৰ ইমানে খালিফৰ ফাদিল হোৱা এক মেডিকেল ৰিপ’ৰ্টক কেন্দ্ৰ কৰি পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে৷ অলিম্পিকৰ সময়তে বক্সাৰগৰাকীৰ লিংগক লৈ প্ৰশ্ন উত্থাপন হৈছিল৷ আনকি, খালিফৰ বিৰুদ্ধে প্ৰতিবাদত সৰৱ হৈ পৰিছিল নাৰীবাদী সংগঠনো৷ এই বক্সাৰগৰাকীৰ ফাদিল হোৱা মেডিকেল ৰিপ’টে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মেডিকেল ৰিপ’ৰ্টত উল্লেখ থকা তথ্যৰ আধাৰত খালিফৰ মহিলাৰ বক্সিঙত প্ৰতিদ্বন্দ্বিতা কৰাৰ যোগ্যতা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে৷ বক্সাৰগৰাকীৰ মেডিকেল ৰিপ’টৰ এটা কপি ফৰাচী সাংবাদিক জাফৰ আতিত অ’ডিয়াৰ হাতত পৰিছে, য’ত উল্লেখ কৰা হৈছে যে খালিফ এনে এটা অৱস্থাৰ সন্মুখীন হৈছে, যাৰ ফলত লিংগ নিৰ্ধাৰণ সংক্ৰান্তীয় জটিলতাৰ সৃষ্টি হৈছে৷ দ্বিতীয় লিংগৰ আচৰণো স্পষ্ট হৈ পৰিছে৷ ৰিপ’ৰ্টটোত আৰু উল্লেখ কৰা হৈছে যে খালিফৰ শৰীৰত অণ্ডকোষৰ লগতে XY ক্ৰম’জোমৰ অৱস্থিতিৰ প্ৰমাণ পোৱা গৈছে ৷ ইয়াৰ ফলত শৰীৰত যি বিসংগতিয়ে দেখা দিয়ে, তাক চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয় ৫-আলফা ৰিডাকটেছ ইনছাফিচিন্সে৷ পেৰিছৰ ক্ৰেমলিন-বিচেত্ৰে হাস্পতাল আৰু আলজিয়াৰ্ছৰ মহম্মদ লামিনে দেৱাঘাইন হাস্পতালৰ চিকিৎসা বিজ্ঞানীয়ে যোৱা বছৰ যৌথভাৱে এই প্ৰতিবেদন প্ৰস্তুত কৰিছিল, য’ত খালিফৰ শাৰীৰিক অৱস্থাৰ বিষয়ে বিস্তাৰিতভাৱে উল্লেখ কৰা হৈছে৷
অণ্ডকোষৰ উপৰি খালিফৰ শৰীৰত মাইক্ৰ’ পেনিছ অৰ্থাৎ শুদ্ৰ পুৰুষাংগৰ উপস্থিতিৰ বিষয়েও উল্লেখ কৰা হৈছে৷ নিজকে মহিলা বুলি দাবী কৰিলেও বক্সাৰগৰাকীৰ শৰীৰত নাই মহিলাৰ প্ৰধান স্ত্ৰী-অংগ জৰায়ু৷ ইমানে খালিফক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক নতুন নহয়৷ ২০২৩ চনত নতুন দিল্লীত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ সময়তো খালিফে বাতৰিৰ শিৰোনাম দখল কৰিছিল৷ টুৰ্নামেণ্টখনৰ স্বৰ্ণপদকৰ বাবে হোৱা প্ৰতিদ্বন্দ্বিতাত বক্সাৰগৰাকী অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল আন্তঃৰাষ্ট্ৰীয় বক্সিং সন্থাই৷ সেই সিদ্ধান্তক লৈ সৃষ্টি হৈছিল যথেষ্ট বিতৰ্কৰ৷ পেৰিছ অলিম্পিকত সেই বিতৰ্ক আৰু অধিক বৃদ্ধি পাইছিল৷ লিংগক লৈ সন্দেহ থকা বক্সাৰ এগৰাকীৰ বিৰুদ্ধে কোনো মহিলা বক্সাৰে প্ৰতিদ্বন্দ্বিতা কৰা উচিত নহয় বুলিও বহুতে মন্তব্য কৰিছিল৷ ইমানে খালিফক অলিম্পিকত অংশ ল’বলৈ অনুমতি দিয়া সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে ব্ৰিটেইনৰ ক্ৰীড়া বিশেষজ্ঞ পিয়েৰ্চ মৰ্গানে৷ মহিলাৰ ক্ৰীড়াত খালিফৰ অংশগ্ৰহণৰ বিষয়টোত আলোচনাৰ দাবী তুলিছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও৷ আন্তঃৰাষ্ট্ৰীয় বক্সিং সন্থাই নিষেধাজ্ঞা আৰোপ কৰা বক্সাৰ এগৰাকীক অলিম্পিকত ভাগ ল’বলৈ অনুমতি দিয়া দিয়া বিষয়টোক লৈও প্ৰশ্ন উঠিছে৷ পেৰিছ অলিম্পিকত তেওঁ লাভ কৰা স্বৰ্ণপদক ওভতাই ল’ব লাগে বুলিও দাবী উত্থাপন হৈছে৷ ইমানবোৰ বিতৰ্কৰ পাছতো কিন্তু খালিফৰ দাবী–‘মই ছোৱালী হিচাপেই জন্মিছো৷ মহিলা হিচাপেই জীয়াই আছো আৰু মহিলা হিচাপেই ক্রীড়াক্ষেত্ৰত যোগ্যতা অৰ্জন কৰিম৷’