Logo
image

ভোটৰ দিন আহিল, পেট্ৰ’ল-ডিজেল ‘কমিল’

আমাৰ অসম, ২৬ মাৰ্চঃ চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দীৰ্ঘদিনৰ পাছত একেৰাহে দুদিন ধৰি পে’ট্ৰল-ডিজেলৰ মূল্য হ্ৰাস পাইছে৷ একেৰাহে ২৪ দিন ধৰি সমগ্ৰ দেশত পে’ট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ পাছত ৫ ৰাজ্যৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিততে চৰকাৰৰ নিৰ্দেশত পে’ট্ৰলৰ মূল্য হ্ৰাস কৰা বুলি চৰ্চা হৈছে৷ ২৪ দিনৰ পাছত বুধবাৰে প্ৰথমবাৰৰ বাবে দেশত পে’ট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস পাইছিল৷  বুধবাৰে প্ৰতিলিটাৰ পে’ট্ৰলত ১৭ পইচাকৈ আৰু প্ৰতি লিটাৰ ডিজেলত ১৮ পইচাকৈ দাম কমাইছিল পে’ট্ৰলিয়াম কোম্পানীসমূহে৷ আজি প্ৰতি লিটাৰ পে’ট্ৰলত ২১ পইচাকৈ আৰু প্ৰতি লিটাৰ ডিজেলত ২০ পইচাকৈ মূল্য হ্ৰাস কৰা হয়৷ আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস হোৱাৰ বাবেই ভাৰতত পে’ট্ৰল-ডিজেলৰ মূল্য হ্ৰাস কৰা বুলি পে’ট্ৰলিয়াম কোম্পানীসমূহে প্ৰকাশ কৰিছে৷  পিছে দুদিনৰ পাছত অসম আৰু  পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ পূৰ্বে ভোটাৰক সন্তুষ্ট কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এই কৌশলপূৰ্ণ পদক্ষেপ লোৱা বুলি দেশজুৰি চৰ্চা হৈছে৷ উল্লেখ্য, কেইবাখনো ৰাজ্যত ইতিমধ্যে পে’ট্ৰলৰ মূল্যই প্ৰতি লিটাৰত ১০০ টকা অতিক্ৰম কৰিছে৷