সমীৰণ ফুকন আছুৰ নতুন সাধাৰণ সম্পাদক! প্ৰতিবেদনত ‘দোষীসাব্যস্ত’ শংকৰজ্যোতি
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ নৱেম্বৰ : শিৱসাগৰত ২০২৫ চনৰ ২৭ আৰু ২৮ জানুৱাৰীত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা৷ শিৱসাগৰৰ সাধাৰণ সভাতেই নিৰ্বাচন কৰা হ’ব ছাত্ৰ সন্থাৰ পৰৱৰ্তী স্থায়ী সাধাৰণ সম্পাদক৷ শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কাৰ্য নিৰ্বাহকত লোৱা হয় এই সিদ্ধান্ত৷ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই এই কথা জানিবলৈ দিছে৷ ছাত্ৰ সন্থাৰ পৰম্পৰা অনুসৰি যিখন জিলাত অধিৱেশন বা বিশেষ সাধাৰণ সভা অনুষ্ঠিত কৰা হয় সেইখন জিলাৰ প্ৰতিনিধিয়ে ছাত্ৰ সন্থাৰ সভাপতি বা সাধাৰণ সম্পাদক নিৰ্বাচিত হয়৷ সেই পৰম্পৰা অনুসৰি এইবেলি ছাত্ৰ সন্থাৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰূপে শিৱসাগৰৰ প্ৰতিনিধি নিৰ্বাচিত হোৱাটো নিশ্চিত৷ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যৰূপে থকা সমীৰণ ফুকনৰ ঘৰ শিৱসাগৰত৷ সেই সূত্ৰে সমীৰণ ফুকনেই ছাত্ৰ সন্থাৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ উল্লেখ্য, এগৰাকী যুৱতীয়ে প্ৰেমত প্ৰতাৰণা কৰাৰ অভিযোগ তুলি দিছপুৰ থানাত গোচৰ দিয়াৰ পাছত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা পৰৱৰ্তী সময়ত ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিছিল৷ তাৰ পাছতেই অৰ্থাৎ ১২ ছেপ্টেম্বৰত ছাত্ৰ সন্থাই জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিছিল চৰ্জুন হান্সেৰ ওপৰত৷ ছাত্ৰ সন্থাৰ সংবিধান অনুসৰি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল কৰি চাৰি বছৰ৷ উৎপল শৰ্মা নেতৃত্বাধীন নতুন কমিটীয়ে দায়িত্ব লোৱাৰ প্ৰায় এবছৰ পাৰ হোৱাৰ পাছত খালী হৈ পৰে সাধাৰণ সম্পাদকৰ পদ৷ তিনি বছৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰে আছুৰ কাম-কাজ পৰিচালনা কৰাত অসুবিধা আছে৷
কাজেই প্ৰথমে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ ব্যৱস্থা কৰি পৰৱৰ্তী সময়ৰ বাবে পূৰ্ণকালীন সাধাৰণ সম্পাদক নিৰ্বাচিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ সেই মতে শিৱসাগৰত অনুষ্ঠিত সাধাৰণ সভাত ছাত্ৰ সন্থাৰ পৰৱৰ্তী সাধাৰণ সম্পাদক নিৰ্বাচিত কৰাৰ সিদ্ধান্তত ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহকে অনুমোদন জনায়৷ ইফালে ছাত্ৰ সন্থাৰ পদত্যাগী সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এগৰাকী সদস্যাক প্ৰেমত প্ৰতাৰণা কৰা, উজনি-নামনি প্ৰসংগৰে ছাত্ৰ সন্থাত ভাঙোন মুখী ষড়যন্ত্ৰ কৰাকে ধৰি ছাত্ৰ সন্থাৰ ভাবমূৰ্তি ম্লান কৰা অভিযোগত ১০ জনীয়া তদন্ত কমিটীয়ে শুকুৰবাৰে দাখিল কৰে প্ৰথমখন প্ৰতিবেদন৷ শংকৰজ্যোতি বৰুৱাকে ধৰি প্ৰায় ১৫ জন সদস্যৰ বিৰুদ্ধে তদন্ত কমিটীয়ে শনিবাৰে দিয়ে প্ৰতিবেদন৷ ১০ জনীয়া পূৰ্ণাংগ কমিটীখনে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা যুৱতীগৰাকীৰ দুদিন সাক্ষ্য গ্ৰহণ কৰে৷ ছাত্ৰ সন্থাৰ ছাত্ৰী প্ৰতিনিধি হিচাপে সাহিত্য সম্পাদক নিাহাৰিকা শইকীয়াই যুৱতীগৰাকীৰ এদিন সাক্ষ্য গ্ৰহণ কৰে৷ আনহাতে তদন্ত কমিটীয়ে জ্জ দিন ধৰি ছাত্ৰ সন্থাৰ ২০ জন জিলা আৰু কেন্দ্ৰীয় সদস্যৰ সাক্ষ্য গ্ৰহণ কৰিছে৷ প্ৰাপ্ত খবৰ মতে তদন্তৰ সময়ত শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক তথ্য লাভ কৰিছে তদন্ত কমিটীয়ে৷ প্ৰেমত প্ৰতাৰণা কৰা, ছাত্ৰ সন্থাৰ ভাবমূৰ্তি ম্লান হ’ব পৰা বিভিন্ন অপপ্ৰচাৰ চলোৱা চলোৱা বুলি অভিযুক্তসকলৰ বিৰুদ্ধে অভিযোগ লাভ কৰিছে কমিটীয়ে৷ ছাত্ৰ সন্থাৰ সংবিধানৰ ১৯ ধাৰা অনুসৰি দিয়াৰ পৰামৰ্শ মতে দোষী ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি ছাত্ৰ সন্থাৰ নেতৃত্বই ‘আমাৰ অসম’ক কয়৷ সংবিধানৰ ১৯ ধাৰা অনুসৰি দোষী ব্যক্তিৰ বিৰুদ্ধে বহিষ্কৰণ, অব্যাহতি দিয়া, পদবীসৰণ কৰা আৰু প্ৰতিনিন্দন কৰাৰ ব্যৱস্থা আছে৷ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কয় যে ১০ জনীয়া তদন্ত কমিটীক ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সম্পূৰ্ণৰূপে মান্যতা দিয়ে৷
কমিটীয়ে দিয়া পৰামৰ্শ কাৰ্যকৰী কৰাত ত্ৰুটি কৰা নহ’ব৷ আনহাতে, ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই সদৰী কৰা মতে ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ১১ নৱেম্বৰত যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰা হ’ব৷ ২০ নৱেম্বৰত একে দাবীত জিলাই জিলাই বিক্ষোভ কাৰ্যসূচী লোৱা হ’ব৷ ছাত্ৰ সন্থাই প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ আৰু সফলতাৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লৈ প্ৰতিখন জিলাত প্ৰশিক্ষণ শিবিৰত ব্যৱস্থা কৰা হ’ব৷ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত কেইবাটাও সাংগঠনিক কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব৷ তাৰ ভিতৰত ১০ ডিচেম্বৰত শ্বহীদ দিৱস অনুষ্ঠিত হ’ব সদৌ গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গোৱালপাৰাৰ বগুৱানত৷ ২৪ নৱেম্বৰ পৰা ৩০ নৱেম্বৰলৈ পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাত সজাগতা সভা অনুষ্ঠিত হ’ব৷ ১৮ ডিচেম্বৰত এইবাৰ প্ৰথমবাৰৰ বাবে আছু, উন্নতি সভা আৰু অসম সেনাই প্ৰথমবাৰৰ বাবে অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা প্ৰদান কৰিব৷ ৬ আৰু জ্জ জানুৱাৰীত ডিফুত অনুষ্ঠিত হ’ব আছুৰ নাছিৰ হুছেইন সোঁৱৰণি ভলীৱল প্ৰতিযোগিতা৷ ২৭ ডিচেম্বৰত প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰা হ’ব৷ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাজনে আৰু কয়–চৰকাৰে অসম চুক্তিৰ দফাসমূহ নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত কাৰ্যকৰী কৰিবই লাগিব৷ সীমান্ত চীল কৰা, চিনাক্ত বিদেশীক প্ৰত্যাৰ্পণত চৰকাৰৰ বিলম্ব নচলিব৷ চৰকাৰে বাংলাদেশত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে বিদেশীৰ সমস্যাৰ ভয়াৱহতা উপলব্ধি কৰিছে৷ অসমত হোৱা সময়ত কেন্দ্ৰীয় চৰকাৰৰ গাত লগা নাছিল৷ কিন্তু দেশত হোৱা বাবে এতিয়া গাত লাগিছে৷ এয়া অসমৰ প্ৰতি চূড়ান্ত অন্যায়৷ অসম চুক্তিৰ ৬ নং দফা কমিটীৰ প্ৰতিবেদনত দিয়া দুয়োখন চৰকাৰৰ পৰামৰ্শসমূহ দুয়োখন চৰকাৰে কাৰ্যকৰী কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰক৷ এন আৰ চি পুনৰীক্ষণ সন্দৰ্ভত চৰকাৰৰ উচ্ছতম ন্যায়ালয়ত শপতনামা দাখিল কৰিব লাগে৷
অব্যাহতি ল’লে আছুৰ সহকাৰী সাধাৰণ সম্পাদক ৰাণা সোণাৰে
‘আমাৰ অসম’ৰ তালাপৰ প্ৰতিবেদক : আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ৰাণা সোণাৰে আছুৰ পৰা অব্যাহতি লৈছে৷ আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকলৈ কালি প্ৰেৰণ কৰা অব্যাহতি পত্ৰত ৰাণা সোনাৰে উল্লেখ কৰা মতে, একান্তই ব্যক্তিগত কাৰণত ছাত্ৰ নেতাজনে আছুৰ প্ৰাথমিক সদস্যৰ পৰাও অব্যাহতি গ্ৰহণ কৰিছে৷ উল্লেখ্য, তিনিচুকীয়া জিলাৰ ডুমডুমা আজাদ ৰ’ডৰ নিউ কলনিৰ নিৱাসী ৰাণা সোনাৰে ২০০৩চনত ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাত যোগদান কৰিছিল৷ ২০০৭চনত ৰাণা সোনাৰে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল৷ পৰৱৰ্তী সময়ত ৰাণা সোনাৰে সদৌ তিনিচুকীয়া জিলাৰ ছাত্ৰ সন্থাৰ বিভিন্ন পদত নেতৃত্ব লোৱাৰ পাছত ২০২০চনত আছুৰ দুলীয়াজান কেন্দ্ৰীয় অধিৱেশনত ৰাজ্যিক কাৰ্যনিৰ্বাহক হিচাপে নিৰ্বাচিত হৈছিল৷ পৰৱৰ্তীপৰ্যায়ত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিচাপে নিৰ্বাচিত হোৱা ৰাণা সোনাৰ ২০২৩চনত সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও অধিৱেশনত সহকাৰী সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল৷ একান্তই ব্যক্তিগত কাৰণৰ কথা উল্লেখ কৰি ৰাণা সোনাৰে আছুৰ পৰা অব্যাহতি গ্ৰহণ কৰে৷ উল্লেখ্য, আছুৰ পৰা অব্যাহতি গ্ৰহণ কৰা ৰাণা সোনাৰ বৰ্তমান ডুমডুমা ক্ৰীড়া সন্থাৰ সম্পাদকৰ দায়িত্বত আছে৷