Logo
image

মা, অ’ মা...

আমাৰ অসম, ২৬ মাৰ্চঃ আইৰ সমান হ’ব কোন, নৈৰ সমান বব কোন?– এই অসমীয়া প্ৰবচন সকলোৱে জানে আৰু ইয়াত অন্তৰ্নিহিত তত্ত্বও বুজি পায়৷ সন্তানৰ বয়স যিমানেই নহওক কিয়, অভিভাৱকৰ বাবে, বিশেষকৈ মাতৃৰ বাবে সন্তান সদায়েই কম বয়সীয়া৷ সন্তান যিমানেই উদণ্ড নহওক কিয়, মাকৰ মনত সন্তান সদায়েই ভাল, নম্ৰ, ভদ্ৰ আৰু শান্ত৷ সেইবাবেই মাকক কোৱা হয় ভগৱানৰ প্ৰতিনিধি বুলি৷ দহ মাহ দহ দিন গৰ্ভত ধাৰণ কৰাৰ পাছত সন্তানক মাতৃয়ে জন্ম দিয়ে৷ জন্ম হোৱাৰ পাছত সন্তানৰ মুখত ফুটা প্ৰথমটো শব্দই হৈছে ‘মা’৷ ‘মা’ক কেন্দ্ৰ কৰি সৃষ্টি হৈছে অজস্ৰ গল্প, কবিতা, গীত, নাটক, চিনেমা, থিয়েটাৰৰ৷ ৰাজনৈতিক ক্ষেত্ৰতো মাতৃৰ ভূমিকা অপৰিসীম৷ পৃথিৱীৰ বিভিন্ন ঠাইত মাতৃৰ পৰা ৰাজনীতি শিকি জাকত জিলিকা ৰাজনৈতিক নেতা হৈছে বহুজন৷ ৰাজনীতিৰ পথাৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মাকে সদায় সন্তানক সহায় কৰে, আশীৰ্বাদ দিয়ে৷ সন্তানৰ সফলতাৰ বাবে ভগৱানক প্ৰাৰ্থনা জনায়, নিৰ্বাচনত সন্তানৰ জয়লাভৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰে, ভোটভিক্ষা কৰে৷ মৃণালিনী দেৱী আৰু প্ৰিয়দা গগৈও তাৰ ব্যতিক্ৰম নহয়৷ প্ৰভাৱশালী মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ মাতৃৰ নাম মৃণালিনী দেৱী৷ জনপ্ৰিয় কৃষক নেতা অখিল গগৈৰ মাতৃৰ নাম প্ৰিয়দা গগৈ৷ দুয়োগৰাকী প্ৰবীণ মহিলা৷ তথাপি বয়সে তেওঁলোকক এতিয়াও হৰুৱাব পৰা নাই৷ তেওঁলোক এতিয়াও সজাগ আৰু সক্ৰিয়৷ প্ৰিয়দা গগৈৰ পুত্ৰ অখিল গগৈ দীৰ্ঘদিনে কাৰাগাৰত আছে৷ পুত্ৰৰ মুক্তিৰ বাবে ইমানদিনে সংগ্ৰাম অব্যাহত ৰখা প্ৰিয়দা গগৈয়ে এইবাৰৰ নিৰ্বাচনত তেওঁৰ পুত্ৰ জয়ী হোৱাটো নিশ্চিতভাৱে কামনা কৰিছে৷ শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হৈছে দলটোৰ কাৰাবন্দী সভাপতি অখিল গগৈ৷ অখিল গগৈৰ হৈ দিনে-নিশাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰিয়দা গগৈ৷ কেৱল সেয়ে নহয়, অখিল গগৈক বিপুল ভোটত জয়যুক্ত কৰোৱাৰ বাবে ৰাইজৰ কৰযোৰে মিনতিও কৰিছে প্ৰিয়দা গগৈয়ে৷ মূলতঃ প্ৰিয়দা গগৈক সন্মুখত লৈয়েই ৰাইজৰ দলে অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল আৰু প্ৰিয়দা গগৈক সন্মুখৰ শাৰীত লৈয়েই নিৰ্বাচনী প্ৰচাৰকাৰ্যৰ আনুষ্ঠানিকভাৱে সামৰণি মাৰিছিল৷ অখিল গগৈৰ হৈ ঘৰে ঘৰে, চুবুৰিয়ে চুবুৰিয়ে, গাঁৱে গাঁৱে ভোট বিচাৰি ফুৰাৰ বাবে প্ৰিয়দা গগৈক বহুতে সমালোচনাও কৰিছিল৷ কিন্তু সেইবোৰৰ প্ৰতি প্ৰিয়দা গগৈয়ে ভ্ৰূক্ষেপ কৰা নাই৷ কিয়নো তেওঁৰ বাবে আন হাজাৰগৰাকী মাকৰ দৰে সন্তানতকৈ ডাঙৰ সম্পত্তি নাই৷ অখিল গগৈক কাৰাগাৰৰ পৰা মোকলাই আনি এসাঁজ ভাত খুৱাই লগত এবাৰ শুৱাব নোৱৰালৈকে প্ৰিয়দা গগৈ যেন ক্ষান্ত নহ’ব৷ তাৰ পূৰ্বাভাস ইতিমধ্যেই দিছে সংগ্ৰামী মহিলাগৰাকীয়ে৷ এইক্ষেত্ৰত পিছপৰি থকা নাই মৃণালিনী দেৱীয়েও৷ ৰাজ্যৰ সৰ্ববৃহৎ জাতীয় সংগঠন অসম সাহিত্য সভাৰ উপসভাপতিৰ গুৰুদায়িত্ব বহন কৰি থকা সত্ত্বেও সাহিত্য সভাৰ সংবিধান, পৰম্পৰা আৰু শেহতীয়া নিৰ্দেশনা উলংঘা কৰি তেওঁ তেওঁৰ পুত্ৰ হিমন্তবিশ্ব শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে৷ জালুকবাৰী সমষ্টিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে বিজেপিক ভোট দিবলৈ আৰু হিমন্তবিশ্ব শৰ্মাক বিপুল ভোটত জয়যুক্ত কৰাবলৈ তেওঁ ৰাইজক অনুৰোধ জনাইছে৷ সাহিত্য সভাৰ দৰে সংগঠনৰ নেত্ৰী হৈও মৃণালিনী দেৱীয়ে ৰাজনৈতিক দলৰ হৈ প্ৰচাৰ চলোৱা কাৰ্যই ৰাজ্য তোলপাৰ লগাইছে যদিও সেইবোৰলৈ তেওঁৰ কোনো ভ্ৰূক্ষেপ নাই৷ সাহিত্য সভাৰ সংবিধান, পৰম্পৰা আৰু প্ৰধান সম্পাদকৰ শেহতীয়া নিৰ্দেশনা– এইবোৰলৈও চিন্তা কৰা নাই বিশিষ্ট সাহিত্যিকগৰাকীয়ে৷ হিমন্তবিশ্ব শৰ্মাৰ ৰাজনৈতিক যাত্ৰাৰ অন্যতম সতীৰ্থ, নলবাৰীৰ বিজেপি প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱাৰ হৈও প্ৰচাৰ চলাইছে মৃণালিনী দেৱীয়ে, মুকলি কৰিছে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়৷ এই কাৰ্যৰ সমৰ্থনত যুক্তিও দিছে মৃণালিনী দেৱীয়ে– জয়ন্তমল্ল বৰুৱাৰ ৰাজনৈতিক গুৰু হিমন্তবিশ্ব শৰ্মা মোৰ পুত্ৰ৷ সেইবাবেই মই জয়ন্তক আশীৰ্বাদ দিবলৈ আহিছোঁ৷ মই কেৱল হিমন্তবিশ্ব শৰ্মাৰে মাতৃ নহয়, সমগ্ৰ অসমৰে মাতৃ৷ জয়ন্তমল্ল বৰুৱাৰো মাতৃ৷ ৰাইজে দেশখনৰ স্বাৰ্থতে বিজেপিক ভোট দি জয়যুক্ত কৰক৷ দেশৰ উন্নতিৰ বাবে বিজেপিৰ জয়লাভ অপৰিহাৰ্য...৷ অৱশ্যে সমগ্ৰ অসমৰ মাতৃ বুলি ক’লেও এতিয়ালৈকে পুত্ৰ হিমন্তবিশ্ব শৰ্মা আৰু পুত্ৰৰ ৰাজনৈতিক শিস্য জয়ন্তমল্ল বৰুৱাৰ বাহিৰে কোনো প্ৰাৰ্থী বা দলক মৃণালিনী দেৱীয়ে আশীৰ্বাদ দিয়া নাই, তেওঁলোকৰ হৈ প্ৰচাৰ চলোৱা নাই৷ কিন্তু পুত্ৰৰ কথাই সুকীয়া৷ সেইবাবেই সমালোচনাৰ অগনিয়ে দেই-পুৰি নিয়াৰ পাছতো মৃণালিনী দেৱী নিৰ্লিপ্ত, নিৰুদ্বেগ৷ তেওঁৰ বাবে হিমন্তবিশ্ব শৰ্মাৰ উজ্জ্বল ৰাজনৈতিক ভৱিষ্যৎ আৰু ৰাজনৈতিক যাত্ৰাত হিমন্তৰ সফলতা প্ৰথম, প্ৰধান আৰু একমাত্ৰ কথা– বাকী সকলো পাছত দেখা যাব৷ মাতৃক কোৱা হয় কৰুণা আৰু মমতাৰ প্ৰতিমূৰ্তি৷ সন্তানৰ বাবে মাতৃয়ে কৰিব নোৱৰা কাম সম্ভৱতঃ পৃথিৱীত একোৱেই নাই৷ বুৰঞ্জীৰ পাতে পাতে এনেধৰণৰ অজস্ৰ ঘটনা সোণালী আখৰেৰে লিখা আছে৷ সন্তানৰ বাবে মাতৃয়ে কি কৰিব পাৰে– তাৰ শেহতীয়া উদাহৰণ মৃণালিনী দেৱী আৰু প্ৰিয়দা গগৈ৷ দুয়োগৰাকী মাতৃৰ মনৰ আশা নেদেখাজনে পূৰণ কৰেনে নকৰে সেয়া সময়েহে ক’ব৷