চেম্পিয়নছ ট্ৰফীৰ লাহোৰৰ অনুষ্ঠান বাতিল আই চি চিৰ
নতুন দিল্লী, ১১ নৱেম্বৰ: চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় ক্ৰিকেট দলে পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰাৰ ফলত সৃষ্টি হোৱা জটিলতা এতিয়াও আঁতৰ হোৱা নাই৷ বি চি চি আইয়ে ইতিমধ্যেই আই চি চিক অবগত কৰিছে যে প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় ক্ৰিকেট দলে পাকিস্তান ভ্ৰমণ নকৰে৷ আই চি চিয়েও ভাৰতৰ স্থিতি পাকিস্তান ক্ৰিকেট ব’ৰ্ডক অৱগত কৰা বুলি জনা গৈছে৷ এনে পৰিস্থিতিৰ মাজতে আই চি চিয়ে বাতিল কৰিছে চেম্পিয়নছ ট্ৰফীৰ এক অনুষ্ঠান৷ অহা বছৰৰ চেম্পিয়নছ ট্ৰফীৰ উপলক্ষে ১১ নৱেম্বৰত লাহোৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ কিন্তু বি চি চি আইয়ে পাকিস্তানলৈ দল প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰাৰ পাছত আই চি চিয়ে সেই অনুষ্ঠান বাতিল কৰি দিছে৷ ২০২৫ চনৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চ পৰ্যন্ত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হোৱাৰ কথা পাকিস্তানত৷ এদিনীয়া ক্ৰিকেটৰ বিশ্বৰ শ্ৰেষ্ঠ আঠটা দলে এই প্ৰতিযোগিতাত খেলিব৷
১৯৯৬ চনৰ পাছত প্ৰথম বাৰৰ বাবে পাকিস্তানত আই চি চিৰ কোনো প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা৷ প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হোৱাৰ কথাও চৰ্চিত হৈছে৷ এনে পৰিস্থিতিত ভাৰতীয় দলৰ মেচসমূহ ক’ত হ’ব সেয়া নিশ্চিত নহয়৷ প্ৰতিযোগিতালৈ ১০০দিন থকা অৱস্থাত সোমবাৰে লাহোৰত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ কিন্তু বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি অনুষ্ঠান বাতিল কৰা হৈছে৷ আই চি চিৰ এজন কৰ্মকৰ্তাই কয়–‘প্ৰতিযোগিতাৰ সূচী এতিয়াও চূড়ান্ত হোৱা নাই৷ আয়োজক আৰু আন অংশ গ্ৰহণকাৰী দলবোৰৰ সৈতে সূচীক লৈ আলোচনা চলিছে৷ সূচী চূড়ান্ত হ’লে নিৰ্দিষ্ট নিয়ম মানি ঘোষণা কৰা হ’ব৷’ কিন্তু লাহোৰৰ অনুষ্ঠান কিয় বাতিল হ’ল সেই বিষয়ে আই চি চিয়ে আনুষ্ঠানিকভাৱে একো জনোৱা নাই৷