Logo
image

দল সলনি নকৰোঁ! অখিলৰ শপতনামা

আমাৰ অসম, ২৬ মাৰ্চঃ মই ৰাইজৰ দল এৰি আন দললৈ কেতিয়াও নাযাওঁ৷ দুৰ্নীতি আৰু স্বজন-তোষণত মই কাহানিও লিপ্ত নহওঁ৷ মই কেতিয়াও দল ত্যাগ নকৰোঁ৷ –এই ঘোষণা ৰাইজৰ দলৰ কাৰাবন্দী সভাপতি তথা শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ৷ উল্লেখ্য, নিৰ্বাচনলৈ মাত্ৰ ৩৬ঘণ্টা থকাৰ অৱস্থাত বৃহস্পতিবাৰে আদালতৰ শপতনামাৰ জৰিয়তে শিৱসাগৰ সমষ্টিবাসী ৰাইজলৈ কেতবোৰ ঘোষণা কৰিছে ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে৷ শিৱসাগৰ নগৰৰ ৰাইজৰ দলৰ নিৰ্বাচনী কাৰ্যালয়ত আহ্বান কৰা এক সংবাদ মেলত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই অখিল গগৈৰ এই শপতনামা ৰাজহুৱা কৰে৷ আদালতৰ শপতনামাত অখিল গগৈয়ে ঘোষণা কৰে যে, মই বিধায়ক হিচাপে নিৰ্বাচিত হ’লে কোনোদিন প্ৰত্যক্ষ আৰু পৰোক্ষভৱে দুৰ্নীতিক প্ৰশ্ৰয় নিদিওঁ আৰু সদায় দুৰ্নীতিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিম৷ মই বিধায়ক হিচাপে নিৰ্বাচিত হ’লে বিধায়ক উন্নয়ন পুঁজিৰ প্ৰতিটো  টকাৰ সৎ ব্যৱহাৰ কৰিম লগতে চৰকাৰী বিভিন্ন আঁচনি জাতি-ধৰ্ম, দল-বৰ্ণ নিৰ্বিশেষে সফল ৰূপায়ণৰ ক্ষেত্ৰত বদ্ধপৰিকৰ থাকিম৷ অসমৰ ৰাজনীতিত আৰম্ভ হোৱা বিধায়ক কিনা-বেচা যি অগণতান্ত্ৰিক পৰম্পৰাৰ পৰা মই নিজকে নিলগাই ৰাখিম৷ ৰাইজৰ স্বাৰ্থত সঠিকভাৱে দায়িত্ব পালন কৰিবলৈ বিজ্ঞ-অভিজ্ঞ, সৎ-নিকা ব্যক্তিৰ পৰামৰ্শ সৰোগত কৰি অসমবাসীৰ বৃহত্বৰ স্বাৰ্থত সঠিক তথা সময়উপযোগী সিদ্ধান্ত ল’বলৈ সদায় প্ৰস্তুত থাকিম৷ সমাজৰ শেষৰ জন ব্যক্তিক পক্ষপাতহীনভাৱে সেৱা আগবঢ়াবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ৷ মই নিৰ্বাচনী কাৰ্যালয়ত আবেদনৰ সৈতে দাখিল কৰা সা-সম্পত্তিৰ তালিকাখনৰ কপি ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত প্ৰদান কৰিম৷ লগতে মই প্ৰত্যেকবছৰে নিজৰ আৰু পৰিয়ালৰ সদস্যৰ নামত থকা সা-সম্পিত্তিৰ নথি দলৰ মজিয়াত দাখিল কৰিম৷ যাতে আই বৰ্হিভূত সম্পত্তি হ’লে ৰাইজৰ দলে মোৰ বিৰুদ্ধে দলীয় আইনগত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ নিৰ্বাচনৰ   প্ৰাক্‌মুহূৰ্তত অখিল গগৈৰ এনে শপতনামাৰ ঘোষণাই ৰাইজৰ মাজত কি প্ৰভাৱ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব সেয়া হৈ পৰিব লক্ষণীয়৷ আনহাতে, বৃহস্পতিবাৰে একেখন সংবাদ মেলতে ৰাইজৰ দলৰ উপ-সভাপতি ৰঞ্জিত তামুলীয়ে আজি পুৱা বিজেপি দলৰ সভাপতি ৰঞ্জিত দাসে শিৱসাগৰত অখিল গগৈক লৈ কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে৷ বিজেপি দলৰ সভাপতিজনে  অখিল গগৈ নিৰ্বাচন নেখেলি আন্দোলনকাৰী হৈ থাকক বুলি কৰা মন্তব্যৰ লগতে ভূপেন হাজৰিকাৰ দৰে ব্যক্তি নিৰ্বাচনত পৰাজয়বৰণ কৰিছিল বুলি কৰা বক্তব্যৰ প্ৰত্যাহ্বান জনায় ৰাইজৰ দলৰ উপ-সভাপতিজনে৷ তেওঁ কয় যে,  সুধাকণ্ঠ ভূপেন হাজৰিকাই নাওবৈচা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে জয়যুক্ত হৈ আহিছিল৷ কিন্তু সুধাকণ্ঠ ভূপেন হাজৰিকা লোকসভা নিৰ্বাচনত পৰাজিত হৈছিল বিজেপি দলৰ প্ৰাৰ্থীৰূপে৷ অসমৰ ৰাইজে   সুধাকণ্ঠ ভূপেন হাজৰিকাক পৰাজিত কৰা নাছিল, পৰাজিত কৰিছিল বিজেপি দল প্ৰাৰ্থী ড॰ ভূপেন হাজৰিকাকহে৷ আনহাতে, বেনামী প্ৰচাৰ পত্ৰৰে অখিল গগৈক হেয় প্ৰতিপন্ন কৰিব বিচৰা একাংশ লোকক প্ৰত্যাহ্বান জনাই তামুলীয়ে কয় যে, আপোনাসবৰ যদি সাহস আছে তেন্তে নিজৰ পৰিচয় প্ৰকট কৰক৷