মন্ত্ৰী-বিধায়কৰ দৰমহা ৫০% বৃদ্ধিৰ পৰামৰ্শ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ নৱেম্বৰঃ খাদ্য-সামগ্ৰীৰ পৰা ঔষধলৈ সৰ্বত্ৰ মূল্যবৃদ্ধিত জনতাই কক্বকাই থকাৰ সময়তে মন্ত্ৰী-বিধায়কসকলৰ বাবে আহিছে ভাল খবৰ৷ কিয়নো অচিৰেই বৃদ্ধি পাব মন্ত্ৰী-বিধায়কৰ ৫০ শতাংশ পৰ্যন্ত দৰমহা আৰু ভাত্তা৷ জনপ্ৰতিনিধিৰ দা-দৰমহা সংশোধনৰ বাবে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিগত জুলাই মাহত গঠন কৰা প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব হিমাংশু শেখৰ দাসৰ নেতৃত্বাধীন পে’ কমিটীয়ে ইতিমধ্যে দাখিল কৰিছে প্ৰতিবেদন৷
প্ৰাক্তন আই এ এছ হিমাংশু শেখৰ দাসক অধ্যক্ষ, অসম বিধানসভাৰ প্ৰাক্তন প্ৰধান সচিব হেমেন দাস আৰু বিত্ত বিভাগৰ সচিব মালবিকা চৌধুৰীক সচিব আৰু বিধানসভাৰ অতিৰিক্ত সচিব ৰাজীৱ ভট্টাচাৰ্যক সদস্য সচিব হিচাপে লৈ গঠিত পে’ কমিটীয়ে বিধানসভাৰ অধ্যক্ষক নতুন সংশোধিত দৰমহা নিৰিখৰ প্ৰতিবেদন দাখিল কৰিছে৷ কমিটীৰ পৰা এই প্ৰতিবেদন লাভ কৰাৰ পাছতেই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দৰমহা বৃদ্ধিৰ সিদ্ধান্তত ছীল-মোহৰ মৰাৰ বাবে প্ৰতিবেদন চৰকাৰলৈ প্ৰেৰণ কৰিছে৷ দিছপুৰৰ এটা সূত্ৰই সদৰী কৰা অনুসৰি সমাগত অসম বিধানসভাৰ শীতকালীন অধিৱেশনতে জনপ্ৰতিনিধিৰ দৰমহা বৃদ্ধিৰ চূড়ান্ত অনুমোদন জনোৱা হ’ব৷ প্ৰতিবেদন পৰামৰ্শ কাৰ্যকৰী কৰাৰ লগে লগে জনপ্ৰতিনিধিৰ দৰমহা ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব৷ তথ্য অনুসৰি বৰ্তমান নিৰিখত মুখ্যমন্ত্ৰীৰ মাহিলী দৰমহা হৈছে ১ লাখ ৩০ হাজাৰ টকা৷ তদুপৰি মাহে অন্যান্য ৩৪ হাজাৰ টকা ভাত্তা লাভ কৰাত মুখ্যমন্ত্ৰীয়ে মাহে সৰ্বমুঠ দৰমহা আৰু ভাত্তা লাভ কৰে ১ লাখ ৬৪ হাজাৰ টকা৷
আনহাতে, কেবিনেট মন্ত্ৰীসকলৰ মাহিলী দৰমহা হৈছে ১ লাখ ১০ হাজাৰ টকা আৰু অন্যান্য ভাত্তা পৰিমাণ ৩০ হাজাৰ টকা৷ সেই অনুসৰি কেবিনেট মন্ত্ৰীসকলে মাহে দৰমহা আৰু ভাত্তা লাভ কৰে ১ লাখ ৪০ হাজাৰ টকা৷ তদুপৰি বিধানসভাৰ অধ্যক্ষই ১ লাখ ২০ হাজাৰ টকা দৰমহা আৰু ৩০ হাজাৰ টকা ভাত্তাকে ধৰি মাহিলী মুঠ দৰমহা লাভ কৰে ১ লাখ ৫০ হাজাৰ টকা৷ একেদৰে বিধানসভাৰ উপাধ্যক্ষৰো মাহিলী দৰমহা আৰু ভাত্তাৰ পৰিমাণ হৈছে ১ লাখ ৪০ হাজাৰ টকা৷ বিৰোধী দলপতিয়েও বিধানসভাৰ উপাধ্যক্ষৰ সমহাৰতে মাহে ১ লাখ ৪০ হাজাৰ টকা দৰমহা আৰু ভাত্তা লাভ কৰি আহিছে৷
ইয়াৰোপৰি মন্ত্ৰীসকলে অন্যান্য সা-সুবিধা হিচাপে বিনামূলীয়া চৰকাৰী বাহন, ড্ৰাইভাৰ, পেট্ৰ’ল, ঘৰ, বিদ্যুৎ-পানী সকলো লাভ কৰে৷ একোজন মন্ত্ৰীয়ে গাড়ীৰ তেলৰ বাবদ প্ৰতি কিলোমিটাৰত ২০ টকাকৈ ভাত্তা লাভ কৰে৷ মন্ত্ৰীৰ দৰে বিধায়কৰো কম নহয় দা-দৰমহা৷ প্ৰতিজন বিধায়কে মাহে দৰমহা লাভ কৰে ৮০ হাজাৰ টকা আৰু অন্যান্য ভাত্তা লাভ কৰে ৪০ হাজাৰ টকা৷ বিধায়কে সৰ্বমুঠ দৰমহা আৰু ভাত্তা লাভ কৰে ১ লাখ ২০ হাজাৰ টকা৷
ইয়াৰোপৰি বিধায়কসকলেও ৰাজকোষৰ ধনেৰে বিনামূলীয়া আৱাস, গাড়ী, বিদ্যুৎ-পানী সকলো লাভ কৰে৷ তদুপৰি নিজৰ লগতে পৰিয়ালৰ সদস্যৰ চিকিৎসাৰ ব্যয়ো ঘূৰাই পাই প্ৰতিজন জনপ্ৰতিনিধিয়ে৷ আনহাতে, চৰকাৰী আৱাসত নথকা জনপ্ৰতিনিধিয়ে মাহে অতিৰিক্ত ৫০ হাজাৰ টকাকৈ ভাত্তাও লাভ কৰে৷ ইয়াৰোপৰি জনপ্ৰতিনিধিসকলে সদন বা চৰকাৰী বৈঠকত উপস্থিত থাকিলে দৈনিক ১,৮৫০ টকা ভাত্তা লাভ কৰে৷ তদুপৰি ৰাজ্যৰ ভিতৰত চৰকাৰী ভ্ৰমণতো প্ৰতিদিনে ১,৮৫০ টকা ভাত্তা আৰু ৰাজ্যৰ বাহিৰত প্ৰতিদিনে ২,৫০০ টকাকৈ ভাত্তা লাভ কৰি আহিছে৷ কিন্তু ইমান দা-দৰমহা আৰু সা-সুবিধাৰে জোৰা নমৰা জনপ্ৰতিনিধিসকলে এতিয়া দৰমহা বৃদ্ধিৰ বাবে চৰকাৰক হেঁচা প্ৰদান কৰি আহিছে৷ সৰ্বসাধাৰণ জনতাই মূল্যবৃদ্ধিত জুৰুলা হৈ পৰাৰ সময়তে জনপ্ৰতিনিধিৰ দৰমহা ৫০ শতাংশ পৰ্যন্ত বৃদ্ধিৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷
এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে ছীল-মোহৰ মৰাৰ লগে লগে মুখ্যমন্ত্ৰীৰ দৰমহা ২ লাখ ৪০ হাজাৰ টকালৈ বৃদ্ধি পাব৷ তদুপৰি মন্ত্ৰীসকলৰ দৰমহা ২ লাখ ১০ হাজাৰ টকা, বিধানসভাৰ অধ্যক্ষৰ দৰমহা ২ লাখ ২৫ হাজাৰ টকা, উপাধ্যক্ষৰ দৰমহা ২ লাখ ১০ হাজাৰ টকা আৰু বিৰোধী দলপতি দৰমহা ২ লাখ ২৫ হাজাৰ টকালৈ বৃদ্ধি পাব৷ একেদৰে বিধায়কসকলৰ দৰমহাও ২ লাখ ৫ হাজাৰ টকালৈ বৃদ্ধি পাব৷ তাৎপৰ্যপূৰ্ণভাৱে এবাৰ বিধায়ক হ’লেই জনপ্ৰতিনিধিসকলে মৃত্যু পৰ্যন্ত ১ লাখ ৩০ হাজাৰ টকাকৈ মাহে পেঞ্চনো লাভ কৰি আহিব৷ অৱশ্যে ৫০ শতাংশ দৰমহা বৃদ্ধি হ’লেও সৎ পথত থকা বিধায়কে এই দৰমহাৰে কোনো জোৰা মাৰিব নোৱাৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে৷