এনআৰচিৰ কতৃৰ্ত্ব ৰাজ্যক দিব নতুন দিল্লীয়ে
১,৬০৩ কোটি টকা দিলোঁ, আৰু এটকাও নিদিওঁঃ আৰ জি আই
আমাৰ অসম, ২৬ মাৰ্চঃ বিদেশী চিনাক্তকৰণৰ বাবে অসমত প্ৰস্তুত কৰা হৈছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত কেন্দ্ৰীয় চৰকাৰে ১৬০৩ কোটি টকা খৰচ কৰিলে৷ উচ্ছতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ লগতে তালিকাৰ পৰা বাদ পৰিল প্ৰায় ৪০ লাখ লোকৰ নাম৷ অৱশ্যে সন্দেহজনক বাংলাদেশীয়ে গিজ্গিজাই থকা অসমত এন আৰ চিৰ পৰা নগণ্যসংখ্যক লোকৰ নাম কৰ্তন হোৱাত এটা পক্ষ অসন্তুষ্ট হৈ পৰাও দেখা গৈছিল৷ লক্ষণীয়ভাৱে এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছতেই ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক বদলি কৰা হ’ল যদিও বিগত প্ৰায় দুবছৰে চূড়ান্ত তালিকাৰ পৰা নাম বাদ পৰা লোকক ‘ৰিজেকশ্বন চিলিপ’ অৰ্থাৎ নাকচকৰণ প্ৰমাণ-পত্ৰ দাখিল কৰিবলৈ সক্ষম হোৱা নাই বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱশৰ্মা৷ কিন্তু ইয়াৰ মাজতে দেশৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ৰ এখন পত্ৰই হাহাকাৰ লগাইছে দিছপুৰত৷ মহাপঞ্জীয়কৰ কাৰ্যালয়ৰ যুটীয়া সঞ্চালকে ২৩ মাৰ্চত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগলৈ প্ৰেৰণ কৰা পত্ৰখন নাগৰিকপঞ্জীৰ কাম-কাজৰ বাবে অতিৰিক্ত আৰু কোনো পুঁজি যোগান নধৰে বুলি স্পষ্ট কৰি দিছে৷ কেৱল পুঁজি যোগানত অসন্মতি দৰ্শোৱাই নহয় নাগৰিকপঞ্জীৰ কাম-কাজ এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ দ্বাৰা সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে৷ মহাপঞ্জীয়ক কাৰ্যালয়ে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰে জড়িত অস্থায়ী কৰ্মচাৰীসকলক অব্যাহতি দি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দ্বাৰা আধৰুৱা কামসমূহ সম্পন্ন কৰিবলৈও নিৰ্দেশ দিছে৷ আনকি ব্যয় সংকোচনৰ স্বাৰ্থত ৰাজ্যিক, জিলা, ৰাজহ চক্ৰ পৰ্যায়ৰ সকলো এন আৰ চি কাৰ্যালয় তথা সেৱাকেন্দ্ৰ চৰকাৰী বিল্ডিঙলৈ স্থানান্তৰ কৰিবলৈও কোৱা হৈছে৷ তদুপৰি সেৱা কেন্দ্ৰসমূহৰ তথ্য-প্ৰযুক্তি সম্পৰ্কীয় কামত চৰকাৰী কতৃৰ্ত্বশীল কৰ্মচাৰীক নিয়োগ কৰিবলৈ নিৰ্দেশ দিছে৷ এন আৰ চি ডাটা চেণ্টাৰৰ সমস্ত তথ্য ভাণ্ডাৰ ৰাজ্য চৰকাৰৰ আই টি বিভাগলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে৷ শেহতীয়াকৈ অসম চৰকাৰে নাগৰিকপঞ্জীৰ আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্ৰৰ পৰা ৩.২২ কোটি টকা বিচাৰিছিল যদিও অসম চৰকাৰৰ আৱেদনৰ প্ৰত্যুত্তৰত দেশৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে কেন্দ্ৰীয় কেবিনেটৰ অনুমতি অবিহনে অতিৰিক্ত কোনো পুঁজি যোগান ধৰা নহয় বুলি স্পষ্ট কৰি দিয়ে৷ আনকি মহাপঞ্জীয়কৰ কাৰ্যালয়ে চলিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত এন আৰ চিৰ কাম সম্পূৰ্ণ কৰাৰ পূৰ্বে দিয়া নিৰ্দেশনাৰ লগতে ইতিমধ্যে এন ৰি চি কামৰ বাবে ১৬০৩ কোটি টকা মঞ্জুৰ দিয়াৰ কথাও ৰাজ্য চৰকাৰক সোঁৱৰাই দিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে, ব্যয় সংকোচনৰ বাবে এন আৰ চিৰ আধৰুৱা কাম-কাজসমূহ পৰিচালনাৰ বাবে দেশৰ মহাপঞ্জীয়কে ৰাজ্য চৰকাৰক কতৃৰ্ত্ব প্ৰদান কৰাত নাগৰিকপঞ্জীৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উঠাটো স্বাভাৱিক৷ কিয়নো ইমান দিনে এন আৰ চি কাম-কাজসমূহ স্বতন্ত্ৰভাৱে সম্পাদন হৈছিল, তেনেস্থলত ৰাজ্য চৰকাৰৰ হাতলৈ গ’লে এন আৰ চিৰ কামৰ স্বতন্ত্ৰতা থাকিবনে? যিহেতু ৰাজনৈতিক দলে চৰকাৰ পৰিচালনা কৰিব আৰু সেই চৰকাৰৰ অধীনত এন আৰ চি কেনেকৈ নিৰ্ভুল হ’ব, সেয়া এতিয়া কোটিটকীয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে৷