উক্তি-বক্ৰোক্তি
মোক ভগ্নী প্ৰিয়ংকাই ক’লে, আজিকালি আমি সমাৱেশত যি কথা কওঁ, প্ৰধানমন্ত্ৰী মোদীয়ে পাছত সভা-সমিতিত তাকেই কয়৷ মই নাজানো, তেওঁ সম্ভৱতঃ স্মৃতিশক্তি হেৰুৱাইছে৷ আমেৰিকাৰ ৰাষ্ট˜পতি যোছেফ বাইডেনে এদিন ইউক্ৰেইনৰ ৰাষ্ট˜পতিক ৰাছিয়াৰ ৰাষ্ট˜পতি পুটিন বুলি ৰাজহুৱা স্থানত চিনাকী কৰি দিছিল৷ তেওঁৰ স্মৃতিবিভ্ৰম ঘটাৰ কথা সকলোৱে জানে৷ আমাৰ প্ৰধানমন্ত্ৰীৰো তেনে সমস্যা হৈছে বুলি ভাবোঁ৷
– কংগ্ৰেছ নেতা ৰাহুল গান্ধী
আমি বহু দীঘলীয়া যাত্ৰা অতিক্ৰম কৰি আহিছোঁ৷ স্বাধীনতা আন্দোলনৰ পৰা এতিয়া স্বৰাজোত্তৰ ভাৰতলৈ বহু পথ অতিক্ৰম কৰিছোঁ৷ ২০৪৭ চনত আমি উন্নত ৰাষ্ট˜ হৈ পৰিম৷ ২১ শতিকাত সমগ্ৰ পৃথিৱীত কেৱল ভাৰতৰ নামেই চৰ্চা হ’ব৷
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
গৌতম গম্ভীৰ ভাৰতীয় ক্ৰিকেট দলটোক প্ৰশিক্ষণ দিয়াৰ বাবে যোগ্য ব্যক্তি নহয়৷ যিকোনো বিষয়তে তেওঁ উত্তেজিত হৈ প্ৰত্যুত্তৰ দিয়ে৷ প্ৰথমে তেওঁ নিজে শান্ত হৈ থাকিব পাৰিব লাগিব৷ যিদৰে ভাৰতীয় দলটোক ৰবি শাস্ত্ৰীয়ে কৌশলেৰে পৰিচালনা কৰিছিল, সেইদৰে দল চলাবলৈ হ’লে যোগ্য হ’ব লাগিব আৰু উত্তেজনা বাদ দি আনৰ কথাৰ উত্তৰ দি থকাৰ পৰা বিৰত থাকিব লাগিব৷
– অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ টীম পেইন
কানাডাৰ নাগৰিকত্ব মই সঠিক সময়ত ত্যাগ কৰিলোঁ৷ এতিয়া কানাডাৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক অৱনমিত হৈছে৷ মই কানাডাৰ নাগৰিকত্ব ত্যাগ কৰাটো ভাল পদক্ষেপ বুলি বিবেচনা কৰোঁ৷
– বলীউডৰ অভিনেতা অক্ষয় কুমাৰ
বিজেপিয়ে কেৱল আমাৰ শতৰু শালি থাকে৷ ৰাহুল গান্ধীক নিৰ্বাচনী সভাত উপস্থিত হোৱাত বিলম্ব ঘটাবলৈ হেলিকপ্টাৰ উৰাত বাধা দিয়ে৷ আনকি তেওঁক বা কেবিনেট মৰ্যাদা থকা বিৰোধী দলৰ নেতাক বিজেপিৰ নিৰ্দেশত বিমান বন্দৰৰ বিশেষ লাউঞ্জ ব্যৱহাৰ কৰিবলৈ দিয়া নহয়৷ বিৰোধীক বিজেপিয়ে তৃতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে ব্যৱহাৰ কৰে৷
– কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে
অসম আৰক্ষীয়ে ৰাজপথত সাধাৰণ নাগৰিকৰ বিৰুদ্ধে অপ্ৰয়োজনীয়ভাৱে শক্তি প্ৰয়োগ কৰা উচিত নহয়৷ ইয়াৰ বিপৰীতে জনসাধাৰণক মৰ্যাদা আৰু সন্মানেৰে সেৱা তথা সুৰক্ষা প্ৰদান কৰা শক্তিলৈ আৰক্ষী ৰূপান্তৰিত হ’ব লাগিব৷ অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিনবোৰ এতিয়া অতীত হ’ল৷ আৰক্ষীয়ে কৰা ক্ষমতাৰ অপব্যৱহাৰ আৰু হিংসা সমাজে সহ্য নকৰে৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা