দ্বিতীয় পৰ্যায়ৰ ৬১% প্ৰাৰ্থীৰেই শিক্ষাগত অৰ্হতা পঞ্চম-দ্বাদশ শ্ৰেণী
আমাৰ অসম, ২৬ মাৰ্চঃ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ চৰকাৰ চলাবলৈ শিক্ষাৰ যেন কোনো প্ৰয়োজন নাই৷ ন্যূনতম শিক্ষিত অৰ্থাৎ নিজৰ চহীটো কৰিব জনা সাক্ষৰ ব্যক্তিয়েও এতিয়া জনপ্ৰতিনিধি হ’বলৈ মন মেলা দেখা গৈছে৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দৰেই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ তালিকাই এই কথাকে প্ৰতীয়মান কৰিছে৷ দ্বিতীয় পৰ্যায়ত তিনিজনকৈ সাক্ষৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত নামিছে৷ তিনি সাক্ষৰ প্ৰাৰ্থীৰ উপৰিও পঞ্চম শ্ৰেণীলৈকে পঢ়া ৮জন প্ৰাৰ্থী আৰু অষ্টম শ্ৰেণী উত্তীৰ্ণ ৫১জন প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে৷ শুনিলে যেন আচৰিত যেন লাগিলেও ভোটাৰ ৰাইজে এইসকল প্ৰাৰ্থীক জনপ্ৰতিনিধি হিচাপে বাছনি কৰিলে অসম বিধানসভাৰ মজিয়া শুৱনি কৰি ৰাইজৰ বাবে যিকোনো আইন প্ৰণয়ন কৰাৰ সম্ভাৱনাও অমূলক নহয়৷ আছাম ইলেকশ্বন ৱাটছ আৰু এছ’চিয়েশ্বন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৩৪৫ জন প্ৰাৰ্থীৰ ভিতৰত পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ হাৰ হৈছে ৬১ শতাংশ৷ অৰ্থাৎ পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ মুঠ প্ৰাৰ্থী হৈছে ২০৯ জন৷ আনহাতে স্নাতক উত্তীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা হৈছে ১৩১ জন৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সাক্ষৰ প্ৰাৰ্থী তিনিজন হৈছে ক্ৰমে– বদৰপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আব্দুল হাচিব, যমুনামুখ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আব্দুল মালিক বৰভূঞা আৰু মাজবাট সমষ্টিৰ ভোটাৰ্ছ পাৰ্টী অৱ ইণ্টাৰনেশ্বনেলৰ প্ৰাৰ্থী সুনীল সৰকাৰ৷ আনহাতে পঞ্চম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থী কেইজন হৈছে– কাটলিচেৰা সমষ্টিৰ আচাব উদ্দিন বৰভূঞা, বদৰউদ্দিন লস্কৰ, যমুনামুখ সমষ্টিৰ হৰিমোহন দাস, লামডিং সমষ্টিৰ ইছকিকাৰ আহমেদ, বদৰপুৰ সমষ্টিৰ আব্দুল মালিক, চাহাব উদ্দিন, শিলচৰ সমষ্টিৰ বাক্তাৰ উদ্দিন মজুমদাৰ, দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ জহৰুল হক৷ আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আটাইতকৈ উচ্ছ শিক্ষিত প্ৰাৰ্থীগৰাকী হৈছে ছিপাঝাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পৰমানন্দ ৰাজবংশী৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰাজবংশী ডক্টৰেট ডিগ্ৰীধাৰী৷ আনহাতে অষ্টম শ্ৰেণী উত্তীৰ্ণ ৫১ জন প্ৰাৰ্থীৰ ভিতৰত অন্যতম হৈছে বৈঠালাংছ’ সমষ্টিৰ সীমা ইংতিপি, শিলচৰ সমষ্টিৰ ৰুছনা বেগম লস্কৰ, কাটিগড়া সমষ্টিৰ জুনেইড আহমেদ বৰভূঞা, বদৰপুৰ সমষ্টিৰ ৰচিদ আহমেদ, ডিফু সমষ্টিৰ দিলীপ চিং বে’, হাফলং সমষ্টিৰ খন্দন দাওলাগাপু, হাইলাকান্দি সমষ্টিৰ মনোজ কুমাৰ মালাকাৰ, শিলচৰ সমষ্টিৰ এ জে পি প্ৰাৰ্থী ৰাম ৰতন দুচাদ, দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ অগপ প্ৰাৰ্থী আজিজ আহমেদ খান আৰু আলগাপুৰ সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী নিজামউদ্দিন চৌধুৰী৷ এইবাৰৰ নিৰ্বাচনত দশম শ্ৰেণী উত্তীৰ্ণ ৮০ জন আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ৭০ জেন প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷