আম আদমী পাৰ্টী এৰিলে মন্ত্ৰী কৈলাশ গেহলটে
‘আমাৰ অসম’ৰ বিশেষ সেৱা, নতুন দিল্লী, ১৮ নৱেম্বৰ : দিল্লীৰ বিধানসভা নিৰ্বাচনৰ আগে আগে দিল্লীৰ ৰাজনীতিত হয় ডাঙৰ ভূমিকম্প৷ এই ভূমিকম্পত শাসকীয় আম আদমী পাৰ্টীয়ে লাভ কৰিলে ডাঙৰ আঘাত৷ দেওবাৰে সকলোকে অবাক কৰি দিল্লীৰ গৃহ, পৰিৱহণ, আইটি আৰু মহিলা-শিশু বিকাশ বিভাগৰ মন্ত্ৰী কৈলাশ গেহলটে অৰবিন্দ কেজৰিৱালৰ দলটো ত্যাগ কৰে৷ কেজৰিৱালে আন দলৰ নেতাক নিজ দললৈ অনাত ব্যস্ত হৈ থকাৰ সময়তে তেওঁৰ দলৰে আগশাৰীৰ নেতাজনে হঠাতে দলত্যাগ কৰাটোৱে দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে৷ দেওবাৰে কৈলাশ গেহলটে কেজৰিৱাললৈ এখন পত্ৰ লিখি দলত্যাগৰ কথা জনাই দিয়ে৷
উক্ত পত্ৰত কৈলাশ গেহলটে জনায় যে বৰ্তমান আম আদমী পাৰ্টী আৰু ইয়াৰ শীৰ্ষ নেতাৰ বিৰুদ্ধে বিভিন্নধৰণৰ অভিযোগ আৰু বিতৰ্ক অব্যাহত আছে, যিয়ে দলৰ মান-সন্মানত আঘাত সনাৰ লগতে নেতা-কৰ্মীকো লজ্জিত কৰি তুলিছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী কেজৰিৱালৰ দিনত নিৰ্মাণ হোৱা ‘শীশমহল’ বিতৰ্কই এতিয়া সকলোৰে মনত সন্দেহ সৃষ্টি কৰিছে যে সঁচাকৈয়ে এই দলটো এতিয়া আম আদমীৰ হৈ আছেনে? দলৰ মাজতে চলি অহা খোৱা-কামোৰা, অধিক ৰাজনৈতিক উচ্ছাকাংক্ষাই দলটোক জনতাৰ প্ৰতি দায়বদ্ধহীন কৰি তোলাৰ লগতে জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণতো বিফল হৈছে৷ তেওঁ পত্ৰত আৰু উল্লেখ কৰে যে দিল্লীৰ প্ৰকৃত উন্নয়ন সম্ভৱ নহয়, যদিহে দিল্লীৰ চৰকাৰে কাৰ্যকালৰ সৰহখিনি সময় কেন্দ্ৰীয় চৰকাৰৰ সৈতে কাজিয়াত লিপ্ত হৈ থাকোঁতেই ব্যয় কৰিবলগীয়া হয়৷ এনে পৰিস্থিতিত দল এৰাৰ বাহিৰে তেওঁৰ বাবে আৰু কোনো বিকল্প খোলা নাথাকিল৷ তেওঁৰ দলত্যাগে সকলোকে অবাক কৰি তুলিছে৷ কাৰণ শনিবাৰে তেওঁ সৰোজিনী নগৰত বিশ্বৰ প্ৰথমটো মহিলা বাছ ডিপো মুকলি কৰি ২২৩গৰাকী মহিলাক নিযুক্তি দিছিল৷ এই কাৰ্যক তেওঁ মহিলা সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি ঘোষণা কৰিছিল৷ কিন্তু তাৰ কেইঘণ্টামানৰ পাছতে অৰ্থাৎ দেওবাৰে তেওঁ আম আদমী পাৰ্টীয়েই ত্যাগ কৰে৷ তেওঁৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেওঁ শীঘ্ৰে বিজেপিত যোগ দিব পাৰে৷