‘ডাঙৰীয়া আহিছেনে’ বুলি মাজুলীত পুনৰ বিতৰ্কত জুবিন
‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু কমলাবাৰীৰ প্ৰতিবেদক, ২৬ নৱেম্বৰ : জুবিন গাৰ্গ মানেই যেন নতুন নতুন বিতৰ্ক৷ মাত্ৰ কেইদিনমানৰ পূৰ্বে অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা প্ৰদান কৰাক কেন্দ্ৰ কৰি অপ্ৰত্যাশিত মন্তব্যৰে বিতৰ্কৰ মাজত সোমাই পৰা যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গে পুনৰ যোৰহাট আৰু মাজুলীত বিতৰ্কৰ সৃষ্টি কৰিছে৷ শনিবাৰে নিশা যোৰহাট সংগীত মহোৎসৱৰ মঞ্চত আৰু দেওবাৰে নিশা মাজুলী সংগীত মহোৎসৱত জনপ্ৰিয় সংগীত শিল্পীজনে অপ্ৰত্যাশিত মন্তব্য কৰে৷ যোৰহাটৰ মঞ্চত উঠি তেওঁ কেতবোৰ সংগতিহীন মন্তব্য কৰাতে ক্ষান্ত নাথাকি অশালীন শব্দও ব্যৱহাৰ কৰে৷ মঞ্চত তেওঁ নিঃসংকোচে স্বীকাৰোক্তি দিয়ে– ‘আই এম ড্ৰাংক’৷ তেওঁ ইংৰাজী আৰু অসমীয়া ভাষা মিহলি কৰি লগতে কয়– ‘এইখন মোৰ নগৰ৷ ইয়াৰ পৰা মই চাইকেল চলাই ওলাই গৈছিলোঁ, ৰেঞ্জ ৰ’ভাৰ লৈ উভতি আহিছোঁ৷ মই প্ৰতিশ্ৰুতি দিছোঁ যে এইবাৰ ৰ’ল্ছ ৰয়চ লৈ আহিম৷’ জুবিন গাৰ্গৰ এনেবোৰ মন্তব্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগতে নেটিজেনে তেওঁক ট্ৰ’ল কৰিছে, গুণমুগ্ধই উভতি ধৰিছে৷
এই সংগীত মহোৎসৱত জুবিন গাৰ্গ সংগীত পৰিৱেশন কৰাৰ পৰা বিৰত থাকে৷ ইয়াৰ পৰিৱৰ্তে জয় বৰুৱা, শংকুৰাজ কোঁৱৰ, জংকি আদিয়ে অনুষ্ঠান পৰিৱেশন কৰে৷ ইফালে, দেওবাৰে জুবিন গাৰ্গে মাজুলীৰ জেংৰাই চাপৰিত অনুষ্ঠিত মাজুলী সংগীত মহোৎসৱত সংগীত পৰিৱেশন কৰে৷ এই মহোৎসৱৰ মঞ্চত জনপ্ৰিয় শিল্পীজনে ‘আজি ডাঙৰীয়াবিলাক নাহিল যে, কি হ’ল? মেইন ডাঙৰীয়াজন আহিলে ভয় খায়’ বুলি মন্তব্য কৰে৷ ‘ডাঙৰীয়া আহিছেনে’ বুলি মন্তব্য কৰি কোৱা এই কথাখিনিয়ে ব্যাপক চৰ্চা লাভ কৰিছে, বিতৰ্কৰো সৃষ্টি হৈছে৷ প্ৰশ্ন হৈছে– ‘ডাঙৰীয়া’ বুলি গায়কজনে কাক বুজাইছে৷ একাংশৰ মতে এই মন্তব্যৰে তেওঁ সত্ৰাধিকাৰসকলক ইংগিত কৰিছে৷ উল্লেখ্য, এইবাৰ মাজুলী সংগীত মহোৎসৱত দেশৰ কেইবাটাও আগশাৰীৰ বেণ্ডে অনুষ্ঠান পৰিৱেশন কৰে৷ ‘তুমি যেন পপীয়া তৰা, আকাশৰ বোৱতী নৈ...’ গীতটোৰে অনুষ্ঠান আৰম্ভ কৰে জুবিন গাৰ্গে৷ মাজুলী সংগীত মহোৎসৱৰ জৰিয়তে সংগীতৰ জগতত খোজ পেলাব খোজাসকলৰ বাবে এটা মঞ্চৰ ব্যৱস্থা কৰি দিয়াৰ বাবে উদ্যোক্তাসকলক ভূয়সী প্ৰশংসা কৰে জুবিন গাৰ্গে৷ ইফালে, জেংৰাইমুখৰ খেৰকটীয়াৰ পাৰত অনুষ্ঠিত এই মহোৎসৱত অধিকাংশ জনগোষ্ঠীয় খাদ্যসম্ভাৰৰ বিপণীতে বিলাতী সুৰাৰ মুকলি বেহা চলাৰ গুৰুতৰ অভিযোগ উঠিছে৷
শিল্পীসকলৰ মাজত আবেগ সোমাই থাকে : ৰূপক শৰ্মা
‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ : নগাঁৱৰ সংগীত শিল্পীসকলৰ উমৈহতীয়া মঞ্চ সংগীত শিল্পী মঞ্চৰ ২৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে ৰূপালী জয়ন্তী বৰ্ষ উদ্যাপনৰ প্ৰস্তুতি চলিছে৷ এই উপলক্ষে কালি মঞ্চৰ সভাগৃহত ৰূপালী জয়ন্তী বৰ্ষ উদ্যাপনৰ আদৰণি সমিতি গঠনৰ বাবে এখন সভা অনুষ্ঠিত হয়৷ মঞ্চৰ সভাপতি পংকজ বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মঞ্চৰ সম্পাদক ৰঞ্জিত কুমাৰ বৰাই৷ সভাত অংশগ্ৰহণ কৰি নগাঁৱৰ বিধায়ক তথা মঞ্চৰ মুখ্য উপদেষ্টা ৰূপক শৰ্মাই সংগীত শিল্পী মঞ্চ, নগাঁও গঠনৰ কথা উল্লেখ কৰি কয় যে ২০০০ চনতে গঠন হোৱা এই মঞ্চই এতিয়া ২৫ বছৰত ভৰি দিব৷ এয়া নগাঁৱৰ শিল্পীসকলৰ বাবে গৌৰৱৰ কথা৷ নগাঁৱত সকলো সংগীত শিল্পীকে একত্ৰিত কৰি এই মঞ্চ গঠন কৰা হৈছে৷ এটা সুন্দৰ কাৰ্যালয় আছে৷ নগাঁৱৰ বাহিৰে অসমৰ ক’তো সংগীত শিল্পীসকলৰ মঞ্চ নাই৷ তেওঁ লগতে কয় যে শিল্পীসকল সদায় আবেগিক৷ তেওঁলোকৰ মাজত আবেগ সোমাই থাকে৷ মঞ্চৰ ৰূপালী জয়ন্তী বৰ্ষ সফল কৰি তোলাৰ বাবে বিধায়কজনে সকলোৰে সহযোগিতা কামনা কৰে৷ সভাত বৰ্ষীয়ান শিল্পী তাৰিণীমোহন শৰ্মা, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, প্ৰাক্তন ছাত্ৰ নেতা অমৰজিৎ গোস্বামী, কৰ্মচাৰী পৰিষদৰ নেতা শ্যামন্ত দাস, শিল্পী কৃষ্ণমণি নাথ আদিয়ে ভাষণ প্ৰদান কৰি বিভিন্ন পৰামৰ্শ আগবঢ়ায়৷ সভাত গান্ধাৰৰ সম্পাদক প্ৰদীপ বৰাৰ লগতে নগাঁৱৰ বিশিষ্ট ব্যক্তি ক্ৰমে অনুপ বৰুৱা, অলকমণি ভট্টাচাৰ্য, নীৰৱ বৰদলৈ, আৰিফুল হক, ৰুবুল শৰ্মা, ধৰ্মেশ্বৰ হাজৰিকা, মলয় শইকীয়া, স্ব›Ÿজ্যোতি বৰা আদিকে ধৰি শতাধিক লোকে অংশগ্ৰহণ কৰে৷ সভাত বিধায়ক ৰূপক শৰ্মাক সভাপতি, পংকজ বেজবৰুৱা, পিংকু শৰ্মাক কাৰ্যকৰী সভাপতি, লক্ষ্যজ্যোতি শইকীয়া, দিপেন দাসক যুটীয়া সম্পাদক, প্ৰাঞ্জল বৰুৱাক সাংস্কৃতিক সম্পাদক আৰু আৰিফুল হকক কোষাধ্যক্ষ হিচাপে লৈ এখন ৰূপালী জয়ন্তী বৰ্ষ উদ্যাপন সমিতি গঠন কৰা হয়৷