
২৪ বছৰৰ মূৰত দিছপুৰ এৰিলে ৰকিবুলে স্বামীৰ আৱাসলৈ দীপ্তিময়ী
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ নৱেম্বৰ : সুদীৰ্ঘ ২৪ বছৰ কটোৱাৰ পাছত মঙলবাৰে পুৱা দিছপুৰৰ বিধায়ক আৱাস এৰি গুচি গ’ল ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন৷ ২০০১ চনত চামগুৰিৰ পৰা বিধায়ক হিচাপে জয়ী হৈ অহাৰ পাছৰে পৰা ২০২৪ চনত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ আগলৈ ৰকিবুল হুছেইনৰ চৰকাৰী ঠিকনা আছিল দিছপুৰৰ নতুন বিধায়ক আৱাসৰ চি-৪ নম্বৰ গৃহটো৷ কিন্তু বিধানসভাৰ সদ্য সমাপ্ত উপ-নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৰকিবুল পুত্ৰ তানজিল হুছেইন পৰাজিত হোৱাৰ পাছত আজি পুৱাই বিধায়ক আৱাস খালী কৰি দিয়ে কংগ্ৰেছৰ প্ৰবল প্ৰতাপী নেতাজনে৷ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতো বিধায়ক আৱাস খালী কৰা নাছিল ৰকিবুল হুছেইনে৷ তেওঁৰ এটাই আশা আছিল যে পুত্ৰ তানজিল হুছেইন বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহি এইটো বিধায়ক আৱাসতে থাকিব৷ কিন্তু ৰকিবুল হুছেইনৰ এই আশা পূৰণ নহ’ল৷ যেন ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি৷
পুত্ৰৰ পৰাজয়ৰ বেদনা বুকত বান্ধি ৰকিবুল হুছেইনে সুদীৰ্ঘ ২৪ বছৰে কটোৱা বিধায়ক আৱাসটো খালী কৰি দিয়ে৷ আজি পুৱাই ৰকিবুল হুছেইনৰ পত্নী বিধায়ক আৱাসত উপস্থিত হৈ টালি টোপোলা বান্ধি ঘৰলৈ উভতে৷ অৱশ্যে দিছপুৰৰ বিধায়ক আৱাস ত্যাগৰ পূৰ্বে ৰকিবুল পত্নীয়ে ২০১৬ চনত পুনৰ দিছপুৰলৈ উভতি অহাৰ আশা প্ৰকাশ কৰি কয়–আমি দিছপুৰৰ পৰা বিদায় লোৱা নাই৷ আকৌ আহি আছো ২০২৬ চনত৷ প্ৰায় আঢ়ৈ দশক ধৰি যিটো বিধায়ক আৱাসত থাকি ৰকিবুল হুছেইনে ৰাজত্ব চলাইছিল সেই বিধায়ক আৱাসটো পুত্ৰৰ হাতত গতাই দিয়াৰ আশা যেন ভাঙি থান বান কৰি পেলালে নিৰ্বাচনী ফলাফলে৷ দিছপুৰৰ বিধায়ক আৱাসৰ পৰা ৰকিবুল হুছেইনৰ এই বিদায়ৰ বিপৰীতে স্বামীৰ বিধায়ক আৱাসলৈ আহিল বঙাইগাঁৱৰ নৱ-নিৰ্বাচিত বিধায়ক দীপ্তিময়ী চৌধুৰী৷ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে দেওবাৰে বিয়লি বঙাইগাঁৱৰ পৰা আহি গুৱাহাটীত উপস্থিত হয় নৱ নিৰ্বাচিত বিধায়কগৰাকী৷ সোমবাৰে তেখেতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তক সৌজন্যতামূলক সাক্ষাৎ কৰে৷ উল্লেখ্য যে বৰপেটা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বে দিছপুৰৰ বিধায়ক আৱাসৰ এফ-১ নম্বৰৰ যিটো আৱাসত ফণীভূষণ চৌধুৰী আছিল সেইটো আৱাসতে বৰ্তমান আছে নৱনিৰ্বাচিত বিধায়কগৰাকী৷ বিধায়ক হিচাপে নিৰ্বাচিত হৈ স্বামীৰ আৱাসলৈ অহা দীপ্তিময়ী চৌধুৰীয়ে সোমবাৰে সংবাদ মাধ্যমৰ সৈতে কথা পতাৰ সময়ত বঙাইগাঁৱৰ উন্নয়নক লৈ তেখেতৰ বিভিন্ন পৰিকল্পনা আৰু সপোনৰ বিষয়ে অৱগত কৰে৷ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে আৰম্ভ কৰা বিভিন্ন প্ৰকল্প আৰু আঁচনি সম্পূৰ্ণ কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে বিধায়কগৰাকীয়ে৷