Logo
image

সাৱধান, ক’ভিড বাঢ়িছেঃ প্ৰশাসন

‘আমাৰ অসম’ ২৬ মাৰ্চঃ দেশৰ কেইবাখনো চহৰত পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ সংক্ৰমণে৷ অসমতো এতিয়া এদিনতে পঞ্চাশ জনকৈ লোক ক’ভিডৰ চিকাৰ হ’বলগীয়া হৈছে৷ আনকি এজনৰ পাছত এজনকৈ নিতৌ মৃত্যু হৈছে ক’ভিড আক্ৰান্ত ৰোগীৰ৷ কিন্তু, ইয়াৰ পাছতো ক’ভিড বিধিক জলাঞ্জলি দি অসমত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে৷ শাসক-বিৰোধী সকলো দল-প্ৰাৰ্থীয়ে মাস্ক, সামাজিক ব্যৱধান অবিহনে অতি বিপদজনকভাৱে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ  নিৰ্বাচনী সভাত অংশ লোৱা দেখা গৈছে৷ ইপিনে, ক’ভিডৰ দ্বিতীয় ঢৌৰ সূচনা হোৱাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে বুধবাৰে এখন জাননীযোগে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ লগতে সব-এ-বৰাত, ইষ্টাৰ, ঈদ-উল-ফিটৰ ইত্যাদি পালনত লকডাউনৰ ইংগিত দি ৰাজ্য চৰকাৰসমূহলৈ কৰ্তৃত্ব এৰি দিছে৷ কেন্দ্ৰীয় চৰকাৰৰ এই সতৰ্কবাণীৰ পাছতেই অসমতো পুনৰ লকডাউন হ’ব নেকি, এইলৈ সৰ্বসাধাৰণ নাগৰিকসকলক উৎকণ্ঠিত কৰি তুলিছে৷ কিন্তু ৰাইজৰ এই উৎকণ্ঠাৰ মাজতে বৃহস্পতিবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত ক’ভিড নাই আৰু কোনো কাৰণতে লকডাউন নহয় বুলিহে ঘোষণা কৰে৷ অথচ স্বাস্থ্যমন্ত্ৰী শৰ্মাই ক’ভিড সংক্ৰমণৰ বিষয়টোক উলাই কৰিব বিচাৰিলেও কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে অসমত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা বুলি সদৰী কৰিছে৷ আনকি উপায়ুক্তজনে ৰাইজক ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে জৰিমনা বিহা হ’ব বুলিও সকীয়াই দিয়ে৷ উল্লেখ্য, মঙলবাৰে ৰাজ্যত ৫২ জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে বুধবাৰে ৰাজ্যত মুঠ ৪১জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ কিন্তু, চৰকাৰীভাৱে এই তথ্য ৰাজহুৱা কৰাৰ পাছতো ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীজনে অসমত ক’ভিড নায়েই বুলি কৈ এককথাত ৰাইজক বিপদৰ মুখলৈ থেলি দিয়া বুলিহে অভিযোগ উঠিছে৷ আনহাতে, মন্ত্ৰী শৰ্মাই অসমত লকডাউন নহয় বুলি ঘোষণা কৰাত মন্ত্ৰীজনৰ সাংবিধানিক কৰ্তৃত্বক লৈও প্ৰশ্ন উত্থাপন হৈছে৷ স্বাভাৱিকতেই এতিয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে মন্ত্ৰী হিমন্তই নিৰ্বাচনী প্ৰচাৰৰ নামত ৰাইজক আশ্বস্ত কৰিবলৈ এই ঘোষণা কৰিছে নেকি? নে নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ দৰে লকডাউন নহয় বুলি প্ৰতিশ্ৰুতি দি সৰ্বসাধাৰণ নাগৰিকক আঁঁভুৱা ভাৰিব বিচাৰিছে৷ কিয়নো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লকডাউন নহয় বুলি ঘোষণা কৰিবলৈ তেওঁৰ ক্ষমতা তথা কৰ্তৃত্ব আছে জানো? নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ লগে লগে মন্ত্ৰী-বিধায়কে সংবিধানিকভাৱে কোনো ঘোষণা কৰিব নোৱাৰে আৰু কোনো নিৰ্দেশনাও দিব নোৱাৰে৷ কেৱল প্ৰশাসনৰ মুৰব্বীৰহে লকডাউন সম্পৰ্কীয় ঘোষণা কৰাৰ কৰ্তৃত্ব আছে৷ তেনেস্থলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোনো ধৰণৰ প্ৰশাসনীয় ঘোষণা কৰিবলৈ কৰ্তৃত্ব নাই৷ আনকি মন্ত্ৰী শৰ্মাৰ বিৰুদ্ধেহে ক’ভিড বিধিক জলাঞ্জলি দি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ উঠিছে৷ য’ত মন্ত্ৰীজনে নিজেই মাস্ক পৰিধান নকৰাৰ লগতে সামাজিক ব্যৱধানো মানি চলা নাই৷ প্ৰচাৰৰ নামত দায়িত্বশীল মন্ত্ৰীজনে হাজাৰ হাজাৰ সমৰ্থকক বিপদৰ মুখলৈ ঠেলি দিয়াৰো অভিযোগ কৰিছে সচেতন মহলে৷ ইমানৰ পাছতো নিৰ্বাচনী আয়োগক ক’ভিড বিধি পালনক লৈ চকুমুদা কুলিৰ ভাৱত অৱতীৰ্ণ হোৱা দেখা গৈছে৷ নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত আয়োগে জাৰি কৰা ক’ভিড বিধি বাস্তৱত কোনো প্ৰাৰ্থীকেই মানি চলা নাই৷ অৱশ্যে ইয়াৰ মাজতে বৃহস্পতিবাৰে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰেই ভোটদানৰ সময়ত ভোটাৰৰ মাস্ক বাধ্যতামূলক ঘোষণা কৰিছে৷ তেওঁ লগতে যিসকল লোকৰ মাস্ক নাথাকিব, তেনে ভোটাৰক আয়োগৰ ফালৰ পৰা মাস্ক যোগান ধৰা হ’ব বুলিও সদৰী কৰিছে৷ তদুপৰি ভোটাৰৰ বাবে ছেনিটাইজাৰ ব্যৱস্থা থাকিব৷ আনকি থাৰ্মেল স্কেনাৰে দেহৰ তাপমাত্ৰা পৰীক্ষা কৰিহে ভোটাৰক ভোটদান কক্ষত প্ৰৱেশৰ বাবে অনুমতি প্ৰদান কৰিব৷ যিসকলৰ তাপমাত্ৰা অধিক থাকিব, তেওঁলোকক ভোটদানৰ অন্তিম ঘণ্টাত ভোট দিয়াৰ সুযোগ প্ৰদান কৰিব নিৰ্বাচন আয়োগে৷