গুৱাহাটীত মাস্ক নিপিন্ধিলে জৰিমনা
‘আমাৰ অসম’ ২৬ মাৰ্চঃ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো সংগোপনে বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণৰ ঘটনা৷ মহানগৰীত মাৰাত্মক ভাইৰাছ বিধৰ সংক্ৰমণে এনে ৰূপ পাইছেগৈ যে এটা দিনতে ৩৮ জনকৈ লোক ক’ভিডত আক্ৰান্ত হৈছে৷ নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাত উদ্বিগ্ন কৰি তুলিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনক৷ যাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিৰ্বাচনী প্ৰচাৰৰ লগতে ৰাজহুৱা স্থানত কঠোৰভাৱে ক’ভিড বিধি বলৱৎ কৰিবলৈ ৰণনীতি প্ৰস্তুত কৰিছে৷ বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ কথা স্বীকাৰ কৰি ৰাইজক ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনাইছে৷ উপায়ুক্তজনে ৰাজহুৱা স্থানৰ লগতে চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয়তে মাস্ক পৰিধান বাধ্যতামূলক ঘোষণা কৰিছে৷ মাস্ক পৰিধান নকৰা ব্যক্তিক ৫০০ টকা জৰিমনা বিহা হ’ব বুলি ঘোষণা কৰাৰ লগতে দ্বিতীয়বাৰ নিৰ্দেশনা উলংঘন কৰিলে ১০০০ টকা জৰিমনা বিহাৰ কথা সকীয়াই দিছে৷ আনকি গুৱাহাটীত ক’ভিড বিধি নিৰীক্ষণৰ বাবে আৰক্ষীক কেইবাটাও দলত বিভক্ত কৰি দায়িত্ব অৰ্পণ কৰিছে৷ এই দলসমূহে ৰাজহুৱা স্থানত নাগৰিকে ক’ভিড বিধি পালন নকৰিলে জৰিমনা সংগ্ৰহ কৰিব৷ আনকি প্ৰশাসনৰ ফালৰ পৰা ফাকুৱা উদ্যাপনৰ ক্ষেত্ৰতো কেতবোৰ কঠোৰ নীতি-নিয়ম বান্ধি দিব বুলি উপায়ুক্তজনে জানিবলৈ দিছে৷ তেওঁ লগতে বৰ্তমান গুৱাহাটীত লকডাউন দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাই বুলি স্পষ্ট কৰি দিছে৷ এই লৈ নাগৰিকক উৰা বাতৰিত ভোল নাযাবলৈ আহ৩ান জনাইছে৷