Logo
image

প্ৰায় ৪ হাজাৰ এইচআইভি পজিটিভৰ ৬৪ শতাংশই ছিৰিঞ্জৰ দ্বাৰা সংক্ৰমিত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ ডিচেম্বৰ : পহিলা ডিচেম্বৰ অৰ্থাৎ দেওবাৰে অসমৰ লগতে সমগ্ৰ দেশে বিশ্ব এইডছ দিৱস পালন কৰে৷ অসম ৰাজ্যিক এইড্‌ছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত দেওবাৰে নগাঁৱত ৰাজ্যিক ভিত্তিক বিশ্ব এইডছ দিৱস পালন কৰে৷ পহিলা ডিচেম্বৰত বিশ্ববাসীয়ে এইড্‌ছ দিৱস উদ্‌যাপন কৰাৰ সময়তে অসমত উদ্বেগজনক হাৰ এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধিৰ তথ্য পোহৰলৈ আহিছে৷ শুনিলে আচৰিত যেন লাগিলেও চলিত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ মাত্ৰ ৭ টা মাহতে অসমত নতুনকৈ ৩,৯৪৭জন লোকৰ দেহত এইচ আই ভি পজিটিভ ধৰা প্ৰশান্ত ৰাজবংশীৰ উপৰি আন এগৰাকী মহিলা ৱাৰ্ডেনৰ স্বামী কৃষ্ণ বৰ্মনৰ লগতে জিলা কাৰাগাৰৰ কয়দী মজিবৰ ৰহমানে ভিন্ন সময়ত আন্ধাৰৰ সুযোগ লৈ যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ কৰিছিল ভুক্তভোগী মহিলা ৱাৰ্ডেনগৰাকীয়ে৷ এই বিষয়ে জিলা কাৰাগাৰ কতৃৰ্পক্ষৰ উপৰি জিলা প্ৰশাসনক অৱগত কৰিও কোনো সঁহাৰি পোৱা নাছিল মহিলা ৱাৰ্ডেনগৰাকীয়ে৷ উপায়ন্তৰ হৈ তেওঁ ২৭ নৱেম্বৰত ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰাৰ উপৰি ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰে৷


উক্ত এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে বি এন এছৰ ৭৫(২)/৭৬/৭৯/৩৩২ (বি)/৬২/৩৫১(৩)/৩(৫) ধাৰাত ৪৪৬/২৪ নম্বৰ গোচৰ পঞ্জীয়ন কৰে৷ ইয়াৰ পিছদিনাই কাৰাগাৰৰ অধীক্ষকৰ হৈ দুজন বাৰ্তাদূত ভুক্তভোগী মহিলা ৱাৰ্ডেনৰ ৰূমলৈ গৈ বিভিন্ন প্ৰলোভন আৰু ভয়-ভাবুকিৰে তেওঁক মেনেজ কৰি গোচৰ প্ৰত্যাহাৰৰ প্ৰস্তাৱ দিয়ে৷ তাৰ পিছদিনাই ভুক্তভোগী মহিলা ৱাৰ্ডেনে পুনৰ ধুবুৰী সদৰ আৰক্ষী থানাত পৃথকভাৱে আন দুখন এজাহাৰ দাখিল কৰে৷ কাৰাগাৰ অধীক্ষক প্ৰশান্ত ৰাজবংশী আৰু কয়দী মজিবৰ ৰহমানৰ বিৰুদ্ধে নতুনকৈ এজাহাৰ দাখিল কৰা হয়৷ আৰক্ষীয়ে সদৰী কৰা মতে, বি এন এছৰ ৭৫(২)/৭৬/৭৯ ধাৰাত কাৰাগাৰ অধীক্ষক গৰাকীৰ বিৰুদ্ধে ৪৫৩/২৪ নম্বৰ গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে বি এন এছৰ ৩২৯(৩)/৭৫(২)/৭৬/৭৯/৩৫১(২) ধাৰাত মজিবৰ ৰহমানৰ বিৰুদ্ধে ৪৫৪/২৪ নম্বৰ গোচৰ পঞ্জীয়ন কৰা হয়৷ মুঠৰ ওপৰত জিলা কাৰাগাৰৰ কাণ্ডক লৈ তিনিটাকৈ গোচৰ পঞ্জীয়ন কৰে ধুবুৰী আৰক্ষীয়ে৷ তিনিটাকৈ গোচৰৰ তদন্তকাৰী বিষয়া হিচাপে নিয়োগ কৰা হৈছে উপ-পৰিদৰ্শক ৰিম্পী মণি দাসক৷ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়তে যোৱা নিশা ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষা নীলিমা দেৱীৰ নেতৃত্বত এটা দল ধুবুৰীত উপস্থিত হৈ জিলা প্ৰশাসন আৰু আৰক্ষীৰ মুৰব্বী বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ উপৰি ভুক্তভোগী মহিলাসহ আন তিনিগৰাকী ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰে৷

বৈঠকৰ অন্তত সমগ্ৰ ঘটনাটো সঁচা আৰু দুৰ্ভাগ্যজনক বুলি আখ্যা দি শীঘ্ৰে কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় মহিলা আয়োগে৷ আজি পুৱা দহ বজাত ধুবুৰী সদৰ থানাত হাজিৰ হৈ জেৰাৰ সন্মুখীন হয় বিতৰ্কিত কাৰাগাৰ অধীক্ষক প্ৰশান্ত ৰাজবংশী৷ আৰক্ষীয়ে সদৰ থানাত হাজিৰ হ’বলৈ জাননী জাৰি কৰাৰ পিছদিনাই সদৰ আৰক্ষী থানাত হাজিৰ হোৱা ৰাজবংশীক পুৱাৰ পৰা সন্ধিয়ালৈ প্ৰায় আঠ ঘণ্টা সময় জেৰা কৰে জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দিৱজ্যোতি তালুকদাৰ, ধুবুৰী সদৰ আৰক্ষী বিষয়া মুন্না পাঁচনি আৰু গোচৰৰ তদন্তকাৰী বিষয়া ৰিম্পীমণি দাসে৷দীৰ্ঘ সময় জেৰা কৰাৰ অন্তত কাৰাগাৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছিল যদিও কাৰাগাৰৰ অধীক্ষকজনক ৩৫(৩) ধাৰাৰ অধীনত জাননী দি এৰি দিয়া হয়৷ জাননী অনুসৰি আৰক্ষীৰ অনুমতি নোলোৱাকৈ কাৰাগাৰ অধীক্ষকজন ধুবুৰীৰ বাহিৰলৈ যাব নোৱাৰিব৷ আৰক্ষীয়ে বিচৰাৰ লগে লগে কাৰাগাৰ অধীক্ষক ৰাজবংশী সদৰ থানাত হাজিৰ হ’ব লাগিব৷ প্ৰশান্ত ৰাজবংশীক আটক কৰা হোৱা নাই যদিও পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে আৰক্ষীৰ নজৰত থাকিব জিলা কাৰাগাৰ অধীক্ষক প্ৰশান্ত ৰাজবংশী৷ কি কাৰণত জিলা কাৰাগাৰ অধীক্ষকজনক এৰি দিয়া হ’ল তাক লৈ ভিন্ন মহলত ভিন্ন চৰ্চা চলিছে৷ প্ৰশান্ত ৰাজবংশীৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ ৰুজু হোৱাৰ বিপৰীতে ধাৰাবাহিক বাতৰি প্ৰকাশ পাই অহাৰ পিছতো উৰ্ধতম কতৃৰ্পক্ষই এতিয়ালৈকে নীৰৱতা অৱলম্বন কৰি আহিছে৷ জিলা কাৰাগাৰৰ ভিতৰচ’ৰাত নাৰী নিৰ্যাতনৰ পৰা আৰম্ভ কৰি নিষিদ্ধ ড্ৰাগ্‌ আৰু জুৱাৰ আড্ডাৰ চাঞ্চল্যকৰ ভিডিঅ’ আৰু অভিযোগৰ ভিত্তিত বাতৰি প্ৰকাশিত হৈ অহাৰ পিছতো ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি অহা ৰাজ্যৰ কাৰাগাৰ কতৃৰ্পক্ষই কাৰাগাৰ অধীক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল৷ বিতৰ্কিত বিষয়া গৰাকীৰ বিৰুদ্ধে বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ নকৰি ওলোটাই বিভাগীয়ভাৱে কাৰাগাৰ অধীক্ষকজনক ৰক্ষণাবেক্ষণ দিয়াহে পৰিলক্ষিত হৈছে৷