তেজপুৰত বন্যহস্তীৰ জাক, তৎপৰ নিৰাপত্তাবাহিনী
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২ ডিচেম্বৰ : তেজপুৰৰ নিকটৱৰ্তী আৰিমৰা চাপৰিত আশ্ৰয় লৈ থকা বনৰীয়া হাতীৰ বৃহৎ জাকটোক পুনৰ বনাঞ্চললৈ ওভতাই পঠিয়াবৰ বাবে আজি বন বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ প্ৰশাসনৰ সহযোগত অভিযান আৰম্ভ হৈছে৷ নিৰাপত্তা বাহিনীৰ বৃহৎ দলসহ বনকৰ্মীৰ লগতে স্থানীয় স্বেচ্ছাসেৱকসকলে বনৰীয়া হাতীৰ জাকটোক নআলিমূৰৰ বনৰীয়া হাতীৰ দণ্ডিৰে নমাই নামেৰী ৰাষ্ট্ৰীয় উদ্যানলৈ ওভতাই পঠোৱাৰ পৰিকল্পনা কৰিছে৷ ইতিমধ্যে হাতীৰ বৃহৎ জাকটোৱে ভাঙনি পথাৰত আশ্ৰয় লৈছেহি চাপৰিৰ পৰা ওলাই আহি৷ প্ৰণিধানযোগ্য যে, ইতিমধ্যে কৃষকৰ একাধিক বহা ভঙাৰ লগতে আৰিমৰা চাপৰিৰ শশ বিঘা মাটিত স্থানীয় কৃষকে কৰা খৰালিৰ শষ্য ব্যাপক পৰিসৰত নস্ত কৰিছে বনৰীয়া হাতীৰ জাকটোৱে৷ তদুপৰি কাষৰীয়া অঞ্চলৰ কৃষকৰ পকা ধান খোৱাৰ লগতে কৃষিপথাৰ তহিলং কৰিছে৷ হাতীৰ জাকটোত কেইবাটাও পোৱালি থকাত অধিক আহুকালৰ সন্মুখীন হৈছে কৃষক ৰাইজ৷ স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি আৰিমৰা চাপৰিৰ কাষৰীয়া ঝাৱনিত গণেশ নেৱাৰ, শংকৰ নাথ, কৃষ্ণ সন্ন্যাসী, মাইলা দলেকে ধৰি ভালেসংখ্যক কৃষকৰ বিস্তৰ ক্ষতিসাধন কৰিছে বনৰীয়া হাতীজাকে৷
একেদৰে ৰঙামাটিৰ নৰেন দাস, বুবুল দাস, যতীন দাস, প্ৰমোদ দাস, মেলাই দাস, দেবেন দাস আদিসকল কৃষকৰো পকা ধাননী পথাৰ তহিলং কৰিছে৷ ইপিনে, বিহগুৰিৰ ভালুকেখোৱা অঞ্চলত যোৱা সময়চোৱাত ধাৰাবাহিকভাবে উপদ্ৰৱ চলাই থকা হাতীৰজাকটোৱে ইন্দ্ৰেশ্বৰ নাথ, মহেশ নাথ, ৰঞ্জিৎ নাথ, দেৱকান্ত নাথ, হৰকান্ত নাথ, মৃদুল নাথ, মণ্টু নাথ, পাপু নাথ, ফণিধৰ নাথ, বিপিন নাথ, বিশ্বজিৎ নাথ আদি কৃষকসকলৰ দৰেই ভালেসংখ্যক কৃষকৰ কৃষিতলি লণ্ডভণ্ড কৰাত স্থানীয় কৃষকসকলৰ মাজত হাহাঁকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ অঞ্চলটোৰ ৰাজীৱ নাথ, প্ৰাণজিৎ নাথ, ৰঞ্জন নাথ, অঞ্জন নাথ, খগেন নাথ, পুলিন নাথৰ কৃষিভূমিৰো বিস্তৰ ক্ষতি সাধন কৰাৰ বিষয়ে প্ৰকাশ কৰি কৃষক সকলে কয় যে যোৱা এমাহে বনৰীয়া হাতীৰ জাকে অঞ্চলটোত যি উপদ্ৰৱ চলাইছে তাৰ পৰিণতিত কৃষিজীৱী এইসকল লোক অনাগত দিনবোৰত কেনেদৰে নিজৰ পৰিয়ালক পোহপাল দিব সেইলৈ দুচিন্তাত ভূগিবলগীয়া হৈছে৷ হাতীৰ জাকটোৱে আৰিমৰা চাপৰিত নিশা আশ্ৰয় লৈ বিয়লিৰ পৰাই চাপৰিটোৰ লগতে বিভিন্ন অঞ্চলত ভাগে ভাগে কৃষিপথাৰত নামেহি৷ বিহগুৰিৰ লিখকগাঁৱৰ খেতিপথাৰতো বিস্তৰ ক্ষতি কৰা হাতীৰ জাকে অঞ্চলটোৰ বনমালী নাথ, অজিত নাথ, লক্ষণ নাথ, ধন নাথ, দুৰ্গা নাথ, দুল নাথ আদিকে ধৰি ভালেকেজন কৃষকৰ পথাৰৰ ধান ভক্ষণ কৰাৰ লগতে গছকি নস্ত কৰাত কৃষকসকলে মূৰেকপালে হাত দিবলগীয়া অৱস্থাৰ উদ্ভৱ কৰিছে৷ আনহাতে বৰডুবিয়া অঞ্চলতো সঘনাই পথাৰৰ ধান ভক্ষণ কৰা হাতীৰ জাকটোৰ বাবে স্থানীয় কৃষক পুতুল দাস, বগাই দাস, অকমান দাস, সীমান্ত দাস, ভাইকন দাস, শৰৎ দাস, গণেশ দাস, মহীম হাজৰিকা, বিৰেন দাস, নিৰঞ্জন দাস, মোহন দাস আদিকে ধৰি ভালেসংখ্যক কৃষকৰ নিদ্ৰাহৰণ হৈছে৷ ইপিনে, কমাৰচুবুৰিৰ বুবুলি নাথ, বাপ নাথ, অঞ্জু নাথ, ভাইটি নাথ, দুল সূত, অজিত সূত, পূৰ্ণ নাথ, বিপিন নাথ আদি সকল কৃষকৰ পথাৰো তহিলং কৰিছে বনৰীয়া হাতীৰ জাকটোৱে৷ বৃহত্তৰ বিহগুৰি অঞ্চলৰ যেনিতেনি কৃষিপথাৰ তহিলং কৰা হাতীৰ জাকটোৱে অঞ্চলটোৰ জাকৰুৱাচুবুৰিৰ জিতেন নাথ, গোলাপ নাথ, অৱনী নাথ, দেউ নাথ, পিতৌ নাথ, ৰঞ্জিত শইকীয়া, মুকুন্দ নাথ, হৰনাথ আদিসকল কৃষকৰ পথাৰ তচনচ কৰাত এতিয়া কৃষকসকলৰ মাজত হাহাঁকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ উল্লেখ্য যে, সম্প্ৰতি কৃষক ৰাইজে নিজৰ কৃষিতলি নিশা পহৰা দি ৰক্ষা কৰাৰ বিকল্প নোহোৱা হৈ পৰিছে৷ ২৩ নৱেম্বৰত বনৰীয়া হাতীৰ জাকটোক বনাঞ্চললৈ ওভতাই পঠোৱাৰ বাবে এক অভিযান চলিছিল যদিও একাংশ লোকৰ উদ্ভণ্ডালিৰ বাবে হাতীৰ জাকটো পুনৰ আধাবাটৰ পৰা আৰিমৰা চাপৰিলৈ উভতি যায় বুলি অভিযোগ উঠাৰ বিপৰীতে হাতীৰ জাকটোক বনাঞ্চললৈ ওভতাই পঠিয়াবলৈ প্ৰয়োজনীয় ঘৰচীয়া তথা কুনকী হাতীৰ যোগাৰ কৰাত বনবিভাগ ব্যৰ্থ হোৱা বুলিও অভিযোগ উঠিছে৷ ইপিনে বনৰীয়া হাতী সুৰক্ষিতে আহযাহ কৰিব পৰাকৈ চিহ্নিত হাতী দণ্ডিৰ এটা অংশত ইতিমধ্যে বৃহৎ উদ্যোগ গঢ়ি উঠিবলৈ অনুমতি দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ৰাজসাহায্য লাভেৰে উদ্যোগ গঢ়ি উঠাৰ উপৰি নিশা পোহৰৰ ব্যৱস্থা হোৱাত হাতীৰ জাকটো আহযাহ কৰাত বাধা হৈ পৰা বুলি অভিযোগ উঠাৰ উপৰি সম্প্ৰতি ইয়াৰ কাষৰীয়া পথাৰৰ মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰাটো একাংশ ব্যৱসায়ী সফল হোৱা বুলি অভিযোগ উঠিছে৷