কেনেকৈ কম দিনৰ ভিতৰতে কোটিপতি হৈছিল চাইবাৰ অপৰাধী আজমল?
'আমাৰ অসম'ৰ মহানগৰীৰ প্ৰতিবেদক, ৪ ডিচেম্বৰঃ কম দিনৰ ভিতৰতে কেনেকৈ কোটিপতি হৈছিল চাইবাৰ অপৰাধী আজমল ছেথ? ইয়াক লৈ ৰাইজৰ মাজত সৰৱ চৰ্চা আৰম্ভ হৈছে। কি এনে আলাদিনৰ চাকি পাইছিল আজমলে? আৰক্ষীৰ জেৰাত ন ন তথ্য পোহৰলৈ আহিছে কুখ্যাত চাইবাৰ অপৰাধী আজমলৰ বিৰুদ্ধে।
দেখাত তেনেই এজন সাধাৰণ লোক। হয়তো এওঁক দেখিলে আপোনাৰো নালাগিব কোটি কোটি টকাৰ গৰাকী বুলি। আজিৰ দিনত প্ৰায় ২০০ কোটিৰ গৰাকী এই আজমল ছেথ ওৰফে আজমল হুছেইন। মঙলবাৰে হাটীগাঁও আৰক্ষীৰ জালত পৰে এইটো কুখ্যাত চাইবাৰ অপৰাধী আজমল। কিন্তু অতি কম দিনৰ ভিতৰতে কেনেকৈ কোটিপতি হৈ পৰিছিল আজমল? কোটিৰ ঘৰত থকা ধনৰ তথ্য দেখি আজমলক জেৰা কৰি হতভম্ব আৰক্ষী। বিভিন্ন বেংক একাউণ্ট ভাড়ালৈ লয় আজমলে৷ সেই একাউণ্টবোৰতে হয় কোটি কোটিৰ ঘৰত ক'লা ধনৰ লেনদেন। প্ৰথমে এইজন আজমলে ঠিকাদাৰ বুলি পৰিচয় দিয়ে বিভিন্নজনক। ঠিকাৰ ধন সোমাব বুলি সংগ্ৰহ কৰে একাউণ্টসমূহ। তাৰ পৰাই আৰম্ভ হয় আজমলৰ চাইবাৰ অপৰাধৰ আখ্যান।
আৰক্ষীৰ তদন্তত পোহৰলৈ অহা মতে আজমল জড়িত হৈ আছে এটা আন্তঃৰাষ্ট্ৰীয় চাইবাৰ চক্ৰৰ সৈতে। চক্ৰটোৱে চাইবাৰ এৰেষ্টৰ জড়িয়তে সংগ্ৰহ কৰে কোটি কোটি টকা। সংগ্ৰহ হোৱা টকাবোৰ জমা হয় আজমলে যোগান ধৰা একাউণ্টত। এদিনত কোটিৰ ঘৰত সংগ্ৰহ হয় চাইবাৰ এৰেষ্টৰ ক'লা ধন৷ পিছত সেই একাউণ্টৰ গৰাকীৰ পৰা আজমলে নগদ উলিয়াই লয় ক'লা ধনবোৰ। তাৰ বিনিময়ত একাউণ্টৰ গৰাকীক দিয়ে একৰ পৰা ডেৰ লাখ টকা। এনেদৰেই এইজন আজমল অতি কম দিনৰ ভিতৰত হৈ পৰিছিল প্ৰায় ২০০ কোটিৰ মালিক। দিল্লী, হাৰিয়ানা, পাঞ্জাৱৰ চাইবাৰ অপৰাধীৰ অধীনত কাম কৰে আজমলে৷ আকৌ আজমলৰ অধীনত অসমত আছে আন বহু এজেণ্ট৷ ৰাজ্যৰ গুৱাহাটী,বৰপেটা, মৰিগাঁও, নগাঁৱত আছে আজমলৰ শতাধিক এজেণ্ট। এই বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰটোৱে টেলিগ্ৰামৰ জৰিয়তে গ্ৰুপ খুলি পৰিকল্পনা ৰচনা কৰে চাইবাৰ প্ৰবঞ্চনাৰ। জানিব পৰা মতে বিদেশৰ লোকক বেছিকৈ টাৰ্গেট কৰে এই চক্ৰটোৱে। চক্ৰটোৰ টাৰ্গেট হোৱা বহু ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ফ্ৰীজ হৈছে আজমলে সংগ্ৰহ কৰা বহু লোকৰ বেংক একাউণ্ট। তেনে ফ্ৰীজ হোৱা একাউণ্টৰ গৰাকীৰ তৎপৰতাত পোহৰলৈ আহে আজমল বাহিনীৰ ভয়ংকৰ কু-কৃতিৰ তথ্য। সম্প্ৰতি হাতীগাঁও আৰক্ষীয়ে আজমলক মাৰাথন জেৰা চলাই আছে।