Logo
image

ফাড়নৱিশৰ শপত, অভিমান এৰি উপ-মুখ্যমন্ত্ৰী হ’ল সিন্দে

মুম্বাই,৬ ডিচেম্বৰ : দুসপ্তাহ ধৰি চলা জল্পনা-কল্পনাৰ অন্তত অৱশেষত আজি সন্ধিয়া মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে বিজেপিৰ দেৱেন্দ্ৰ ফাড়নৱিশে৷ মুম্বাইৰ আজাদ ময়দানত তেওঁক শপতবাক্য পাঠ কৰায় ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে৷ আনহাতে, উপ-মুখ্যমন্ত্ৰীৰূপে শপত লয় পূৰ্বৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু এনচিপিৰ অজিত পাৱাৰে৷ উল্লেখ্য, উপ-মুখ্যমন্ত্ৰিত্ব গ্ৰহণক লৈ বিগত দুসপ্তাহ ধৰি বিপৰীত স্থিতিত আছিল সিন্দে৷ যাৰ ফলত মহাৰাষ্ট্ৰত ‘মহাযুটী’ মিত্ৰজোঁট চৰকাৰ গঠনত প্ৰতিবন্ধকতা আহি পৰিছিল৷ পূৰ্বৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই আনকি এইবুলি স্পষ্ট কৰি দিছিল যে এবাৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত উপ-মুখ্যমন্ত্ৰী পদলৈ অৱনমিত হোৱাটো তেওঁৰ বাবে গ্ৰহণযোগ্য নহয়৷ ফলত চৰকাৰ গঠনৰ বাবে সাজু হৈয়ো থমকি ৰ’ব লগা হয় ‘মহাযুটী’ মিত্ৰজোঁট৷ কিন্তু অৱশেষত আজি দুপৰীয়া সকলো অভিমান এৰি সিন্দেই উপ-মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণৰ বাবে সন্মত হয়৷ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা তেলুগু দেশম পাৰ্টীৰ মুৰব্বী চন্দ্ৰবাবু নাইডু, কেন্দ্ৰীয় মন্ত্ৰী তথা ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়াৰ মুৰব্বী ৰামদাস আঠৱাল উপস্থিত থাকে৷


তদুপৰি বলিউদ তাৰকা শ্বাহৰুখ খান, মাধুৰী দীক্ষিত, উদ্যোগপতি কুমাৰ মংগলমকো শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকা দেখা যায়৷ প্ৰায় ৪২ হাজাৰ লোকৰ সমাগমত সম্পন্ন হোৱা শপতগ্ৰহণ অনুষ্ঠানটোত অৱশ্যে বিৰোধী মিত্ৰজোঁট ‘মহাবিকাশ আঘাৰী’ৰ কোনো এজন নেতাকে দেখা নগ’ল৷আজি মুখ্যমন্ত্ৰীৰূপে ফাড়নৱিশ আৰু উপ-মুখ্যমন্ত্ৰীৰূপে সিন্দে আৰু অজিত পাৱাৰে শপত লয় যদিও চলিত মাহতেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব বুলি ‘মহাযুটী’ৰ তৰফৰ পৰা সংবাদ মাধ্যমক জনোৱা হৈছে৷ ইপিনে, এটা সূত্ৰৰ মতে একনাথ সিন্দেই উপ-মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণৰ বাবে সন্মত হ’লেও গৃহ বিভাগৰ দাবীত তেওঁ অটল হৈ আছে৷ সিন্দেৰ দাবী– পূৰ্বে গোপীনাথ মুণ্ডে, আৰ আৰ পাটিল, জয়ন্ত পাটিল, ছগন ভুজবল, অনিল দেশমুখ আদিয়ে মুখ্যমন্ত্ৰী নোহোৱাকৈয়ে গৃহ বিভাগ চম্ভালিছিল৷ আনকি বিদায়ী চৰকাৰৰ কাৰ্যকালতো উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিশৰ হাতত আছিল গৃহ বিভাগ৷ কিন্তু বিজেপি দলটোৱে গৃহ বিভাগটো কোনোপক্ষেই এৰি নিদিয়ে বুলি স্পষ্ট কৰি দিছে৷ এনেক্ষেত্ৰত দপ্তৰৰ বিতৰণৰ সময়ত পুনৰ ‘নতুন সমস্যা’ই দেখা দিয়াৰ সম্ভাৱনা আছে৷