গ্ৰন্থমেলালৈ নাহে বাংলাদেশৰ প্ৰতিষ্ঠান
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৬ ডিচেম্বৰ : এইবাৰ গ্ৰন্থমেলালৈ নাহে বাংলাদেশৰ কোনো প্ৰকাশন প্ৰতিষ্ঠান তথা বিপণী৷ বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত চলা নিৰ্যাতনক লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ শেহতীয়া পৰিস্থিতিৰ বাবেই বাংলাদেশৰ গ্ৰন্থ প্ৰকাশন গোষ্ঠী তথা বিপণীক এইবাৰ আমন্ত্ৰণ জনোৱা হোৱা নাই অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ৷ এইবাৰ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২৭ ডিচেম্বৰৰ পৰা জ্জ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা, গুৱাহাটী৷ এই সম্পৰ্কে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয়-এইবাৰ অসম গ্ৰন্থমেলা, গুৱাহাটীত নাথাকিব বাংলাদেশৰ কোনো প্ৰকাশন প্ৰতিষ্ঠান তথা বিপণী৷ এইবাৰ বাংলাদেশৰ প্ৰকাশন প্ৰতিষ্ঠানক নিয়ন্ত্ৰণ জানোৱাটো সম্ভৱ নহ’ব৷ তাত এটা বিক্ষিপ্ত ৰাজনৈতিক পৰিবেশ চলি আছে৷ সেয়েহে এইবাৰ গ্ৰন্থমেলাৰ স্থান সলনি কৰাৰ সমান্তৰালভাৱে গ্ৰন্থমেলাত নাথাকিব চুবুৰীয়া দেশ বাংলাদেশৰ প্ৰকাশন গোষ্ঠী তথা বিপণী৷ বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত চলা নিৰ্যাতনক লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ শেহতীয়া পৰিস্থিতিৰ বাবেই বাংলাদেশৰ গ্ৰন্থ প্ৰকাশন গোষ্ঠী তথা বিপণীক এইবাৰ আমন্ত্ৰণ জনোৱা হোৱা নাই৷ ইয়াৰ পৰিৱৰ্তে পূৰ্বৰ দৰে দিল্লী, কলকাতা, অসমৰ শতাধিক বিপণী থাকিব৷
এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰীকে প্ৰমুখ্য কৰি বহু প্ৰতিষ্ঠিত সাহিত্যিক, লেখক লেখিকাই অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ আহিব৷ এইবাৰ গ্ৰন্থানুৰাগীৰ সংখ্যা পুৰ্বতকৈ বৃদ্ধি পাব বুলি আমি আশাবাদী৷ তদুপৰি নগাঁও, নলবাৰী, গোৱালপাৰা আদিৰ পৰা ৰাষ্ট্ৰীয় ঘাই পথেৰে কম সময়তে গ্ৰন্থমেলালৈ আহিব পাৰিব আৰু বহৎ খানাপাৰা অঞ্চলবাসীয়েও এইবাৰ উপকৃত হ’ব পাৰিব৷ সেয়েহে এইবাৰ আমি লেখক, পাঠকৰ সংখ্যা এইবাৰ অধিক বৃদ্ধি হ’ব বুলি আশা কৰিছোঁ৷’ উল্লেখ্য, পূৰ্বতে যিদৰে বাংলাদেশৰ বিভিন্ন বিপণীৰে অসম গ্ৰন্থমেলা গুৱাহাটী ভৰি আছিল আৰু পাঠকৰ বিশেষ সমাদৰ বাংলাদেশৰ গ্ৰন্থসমূহে লাভ কৰিছিল এইবাৰ সেই বিপণীসমূহ দেখা পোৱা নাযাব৷ ইয়াকলৈ লেখক, পাঠকৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা এই গ্ৰন্থমেলাখন এইবেলি মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব৷
১২ দিনীয়াকৈ অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা, গুৱাহাটী৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বিগত বছৰকেইটাৰ দৰে এইবছৰো গ্ৰন্থমেলাখন আয়োজনৰ বাবে প্ৰস্তুতি চলাইছিল যদিও গ্ৰন্থমেলাখনৰ স্থানক লৈ কিছু সমস্যাৰ উদ্ভৱ হৈছিল৷ বিগত বছৰ কেইটাত গুৱাহাটীৰ চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত গ্ৰন্থমেলা আয়োজন কৰি আহিছিল; কিন্তু ফ্লাইঅ’ভাৰৰ নিৰ্মাণ কাৰ্য চলি থকা বাবে চানমাৰিত হৈ থকা যানজঁটৰ পৰিপ্ৰেক্ষিতত গ্ৰন্থমেলাৰ বিকল্প স্থানৰ সন্ধান চলাই থকা হৈছিল৷ বিকল্প স্থান হিচাপে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰখনক বাছনি কৰা হৈছিল যদিও আগন্তুকচ্ছ জানুৱাৰীৰ গণৰাজ্য দিৱস একেখন খেলপথাৰতে অনুষ্ঠিত কৰা হ’ব বাবে নিৰাপত্তাজনিত কাৰণত এই খেলপথাৰখন ব্যৱহাৰৰ অনুমতি পোৱাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ অৱশেষত শিক্ষামন্ত্ৰী ড॰ ৰণোজ পেগুৰ তৎপৰতাত এই খেলপথাৰখন ব্যৱহাৰৰ অনুমতি পোৱাটো সম্ভৱ হৈ উঠিল৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুমতিত গৃহ বিভাগে খানাপাৰাৰ খেলপথাৰতে পূৰ্বৰ নিৰ্দিষ্ট সময়তকৈ দুটা দিন আগুৱাই গ্ৰন্থমেলাখন আয়োজনৰ প্ৰয়োজনীয় অনুমতি প্ৰদান কৰে৷ মনকৰিবলগীয়া যে বাংলাদেশত সংখ্যালঘু হিন্দু সকলৰ ওপৰত চলোৱা নিৰ্যাতন ৰোধ কৰি হিন্দু সকলক সুৰক্ষ দিবলৈ, বাংলাদেশত ইস্কনৰ ধৰ্মগুৰু চিন্ময় দাসৰ গ্ৰেপ্তাৰ কৰা ঘটনাই সমগ্ৰ দেশতে প্ৰভাৱ পেলাইছে৷ এইবাৰ চুবুৰীয়া দেশখনৰ প্ৰভাৱ সাহিত্য জগততো পৰাৰ ফলস্বৰূপে এইবাৰ অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ আমন্ত্ৰণ জনোৱা নহল বাংলা দেশৰ কোনো প্ৰকাশন প্ৰতিষ্ঠানক৷ অৱশ্যে একাংশ, লেখক, অনুবাদক তথা পাঠকে এইবাৰ অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ বাংলাদেশৰ প্ৰকাশন প্ৰতিষ্ঠানক আমন্ত্ৰণ নকৰাৰ বাবে আক্ষেপ প্ৰকাশ কৰিছে৷ কিয়নো বাংলাদেশৰ প্ৰকাশন প্ৰতিষ্ঠান তথা বিপিণী সমূহত পোৱা গ্ৰন্থৰাজি পাণবজাৰত উপলদ্ধ নহয়৷ উল্লেখ্য, বহুতৰ আবেগৰ থলী হৈ পৰা তথা লেখক পাঠকেৰে ভৰি পৰা গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেল পথাৰত এইবাৰ গ্ৰন্থমেলাৰ সময়ত নিমাওমাও পৰিবেশ বিৰাজ কৰিব৷